September 4, 2024 6:07 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্রুনেইৰ চুলতান হাজি হাছানাল বোন্ধিয়াৰে দ্বিপাক্ষিক বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্রুনেইৰ বন্দৰ ছেৰী বেগৱানত দেশখনৰ চুলতান হাজি হাছানাল বোন্ধিয়াৰ সৈতে আলোচনাত মিলিত অংশগ্রহণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে, চুলতান হাজি হাছানাল বোন্ধিয়াক সাক্ষাৎ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। তেওঁলোকৰ বৈঠকত দুয়োখন দেশৰ মাজৰ দ্বিপাক...

September 4, 2024 12:28 PM

পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ২০ টালৈ বৃদ্ধি

পেৰিছ পেৰালিম্পিকত ভাৰতে কালি ৫টাকৈ পদক লাভ কৰে। এই পদক জয়েৰে ভাৰতে এতিয়ালৈকে লাভ কৰা মুঠ পদকৰ সংখ্যা ২০টালৈ বৃদ্ধি হ'ল৷ ইয়াৰে ৩টা সোণ, ৮টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলক অভিন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তা...

September 4, 2024 12:26 PM

পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা সন্মান ঘূৰাই দিয়াৰ কথা ঘোষণা বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিৰ

পশ্চিমবংগৰ সাহিত্য, নাটক আৰু চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিয়ে আৰ জি কৰ চিকিৎসালয়ৰ ঘটনাক লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা সন্মান ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে। সন্মান ঘূৰাই দিয়া ব্যক্তিসকলৰ ভিতৰত অভিনেতা সুদীপ্ত চক্ৰৱৰ্ত্তী, নাট্যকর্মী বিপ্লৱ বঙ্গোপধ্যায় আৰু প্ৰসিদ্ধ অভিনেতা চন্দন সেন আছে। স...

September 4, 2024 12:24 PM

অমিত শ্বাহৰ উপস্থিতিত আজি কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি আৰু এ টি টি এফৰ মাজত চুক্তি স্বাক্ষৰিত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেশ্বন ফ্ৰণ্ট অৱ ত্ৰিপুৰা- এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ- এ টি টি এফৰ প্ৰতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ ...

September 4, 2024 12:22 PM

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ঘোষণা

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য নামৰ অভিলাষী আঁচনি এখনৰ ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ পোৰ্টেলটো কাইলৈৰ পৰা ২০ অক্টোবৰলৈ ৪...

September 4, 2024 12:19 PM

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন

ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মনোনীত কৃতি শিক্ষাগুৰুসকললৈ ৰাজ্যিক বঁটা প্ৰদান কৰাৰ লগতে নাকৰ মূল্যায়নত খ++ আৰু খ+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা...

September 4, 2024 12:18 PM

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ প্ৰতিটো সত্ৰ-নামঘৰত পুৱাৰে পৰা নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে। সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ ...

September 4, 2024 12:13 PM

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ পুঁজি আবণ্টন

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ অধীনত বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডি...

September 4, 2024 12:11 PM

প্ৰতি বছৰে ২০ আগষ্টত চতিয়া দিৱস পালন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ ঘোষণা

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়াৰে পৰা চৰকাৰীভাৱে প্ৰতি বছৰে ২০ আগষ্টত চতিয়া দিৱস পালন কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তদুপৰি চতিয়া থানাক ঐতিহ্যক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে ৫ কোটি টকা আগবঢ়োৱাৰ কথাও তেওঁ সদৰী কৰিছে। চাৰিদিনীয়া ভ্ৰমণসূচী...

September 4, 2024 12:03 PM

প’লটাভাৰৰ সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণত ৪১ জন লোক নিহতৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে দেশখনৰ কেন্দ্ৰীয় চহৰ প'লটাভাৰ এখন সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত কমেও ৪১ জন লোক নিহত হোৱাৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত হৈছে। তেওঁ কয় যে চহৰখনত ৰাছিয়াই দুটা বেলিষ্টিক মিছাইলেৰে কালি এই আক্রমণ সংঘটিত কৰিছে। এই আক্ৰমণৰ ফলত বহু লোক এত...