September 4, 2024 12:02 PM

বাৰণসীৰ ‘লেব মিত্ৰ’ ক ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন সোণৰ বঁটা প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংসদীয় সমষ্টি বাৰাণসীত আৰম্ভ হোৱা ‘লেব মিত্ৰ' নামৰ এটা বিশেষ পদক্ষেপক ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন সোণৰ বঁটা প্ৰদান কৰা হয়। কালি মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় ই-প্ৰশাসন সন্মিলনত এই বঁটা প্ৰদান কৰা হয়। ই-প্ৰশাসনত প্ৰশাসনীয় সংস্কাৰ আৰু জিলা পৰ্যায়ত গ্ৰহণ কৰা বিশেষ প...

September 4, 2024 11:56 AM

বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ বিকাশ হাৰ ৭ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

বিশ্ব বেংকে কৈছে যে প্ৰত্যাহ্বানজনক বাহ্যিক পৰিস্থিতি সত্বেও ভাৰত সম্পৰ্কীয় মধ্যৱৰ্তী সময়ছোৱাৰ দৃষ্টিভংগী ইতিবাচক হৈ থকাৰ সম্ভাৱনা আছে। ভাৰত বিকাশ আপডেট : পৰিৱৰ্ত্তিত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ বাণিজ্যিক সুযোগ শীৰ্ষক বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ বিকাশ হাৰ ৭ শতাং...

September 4, 2024 11:53 AM

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মহাৰাষ্ট্ৰৰ লাটুল জিলাৰ উদগীৰত বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি কৰিব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্রী একনাথ সিন্দে, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰ উপস্থিত থাকিব। ৰাষ্ট্ৰপতিয়ে...

September 3, 2024 8:17 PM

পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত ভাৰতৰ অৱনি লেখা অৱতীৰ্ণ হ’ব

ভাৰতৰ অৱনি লেখাই আজি পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ফাইনেল খেল ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ আজি ষষ্ঠ দিনা বিভিন্ন শাখাত পদকৰ যুঁজত অৱতীৰ্ণ হবলগীয়া অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত পূজাই পেৰা আৰ্...

September 3, 2024 8:12 PM

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা

ঝাৰখণ্ড বিজেপিয়ে ৰাজ্যখনত আবকাৰীৰ কনিষ্টবল নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা লোৱাৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এক লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ১২ গৰাকী চাকৰি প্রত্যাশী দৌৰাৰ সময়ত মৃত্যু হয়। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ প্ৰভাৰী থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ব...

September 3, 2024 8:10 PM

আজিৰে পৰা নতুন দিল্লীত ১২ দিনীয়াকৈ সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্যসকলৰ স্থল সৈনিক শিবিৰ অনুষ্ঠিত

নতুন দিল্লীত আজিৰে পৰা ১২ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্যসকলৰ বাবে স্থল সৈনিক শিবিৰ অনুষ্ঠিত হৈছে। স্থলসৈনিক শিবিৰত বিশেষকৈ স্থল শাখাৰ সদস্যসকলৰ মাজত নেতৃত্ব আৰু দলীয় ভাৱনাৰে কাম কৰাৰ মানসিকতা, চাৰিত্ৰিক বিকাশ আদিৰ সামগ্ৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰ...

September 3, 2024 8:08 PM

চত্তিশগড়ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৯ জন মাওবাদী নিহত

চত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলৰ দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমামুৰীয়া এলেকাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯ জন মাওবাদী নিহত হয়। এনদ্ৰি গাঁওৰ সমীপৰ এলেকাটোত ভালেসংখ্যক মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফ আৰু জিলা সংৰক্ষিত বাহ...

September 3, 2024 8:06 PM

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিশ্ব বেংকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে

বিশ্ব বেংকে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে। আন্তৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানটোৱে কৈছে যে, ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ দৰে মুখ্য কাৰকসমূহৰ বাবে মধ্যৱৰ্তী সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ শক্তিশালী...

September 3, 2024 8:01 PM

গৃহমন্ত্ৰীৰ উপস্থিতিত কাইলৈ কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি, এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেশ্বন ফ্রণ্ট অৱ ত্ৰিপুৰা- এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ -এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃ...

September 3, 2024 7:58 PM

প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি সুদৃঢ় কৰাৰ উদ্দেশ্যে ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাৰ প্ৰতিৰক্ষা ক্ৰয় পৰিষদে ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন দিছে। পৰিষদে ভৱিষ্যতৰ যুদ্ধবাহন, বায়ু প্ৰতিৰক্ষা জুই নিয়ন্ত্ৰণ ৰাডাৰ, ডৰ্ণিয়াৰ-228 শ্ৰেণ...