September 4, 2024 7:24 PM

৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা

অহা ৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ'ব। বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ ৰাধা গোবিন্দ ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত খেলোৱা হ'ব। অসম বেডমিণ্টন সন্থাই প্ৰকাশ কৰা অনু...

September 4, 2024 7:20 PM

ত্ৰিপুৰা চৰকাৰ, এন এল এফ টি আৰুএ টি টি এফৰ মাজত চুক্তি স্বাক্ষৰ

নতুন দিল্লীত আজি ত্ৰিপুৰা চৰকাৰ, নেচনেল লিবাৰেচন ফ্ৰণ্ট অব্ ত্ৰিপুৰা, এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চ - এ টি টি এফৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা, গৃহ মন্ত্ৰ্যালয় আৰু ত্ৰিপুৰা চৰকাৰৰ শীর্ষ বিষয়াস...

September 4, 2024 7:15 PM

লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয়। চাৰিদিনীয়া ভ্রমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ চাবতিত নির্মীয়মান আন্তঃৰাজ্যিক বাছ আস্...

September 4, 2024 6:53 PM

কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুন বুলেটিন প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ পুৱা ৭ বাজি ৫৫ মিনিটৰ পৰা ৫ মিনিটৰ এখন নতুন বুলেটিন প্ৰচাৰ কৰিব। কাইলৈ শিক্ষক দিৱসৰ পৰাই ডিব্ৰুগড় আৰু কাষৰীয়া জিলাসমূহৰ শ্ৰোতাসকলৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই এই বুলেটিন প্ৰচাৰ কৰা হ'ব।

September 4, 2024 6:44 PM

জাগীৰোডৰ উপ-ডাকঘৰত ডাক বিভাগৰ লাভজনক আঁচনি সন্দৰ্ভত সজাগতা সভা

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে মৰিগাঁও জিলাৰ জাগীৰোডৰ উপ-ডাকঘৰত আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। ডাক বিভাগৰ বিভিন্ন লাভজনক আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ জৰিয়তে ডাক বিভাগৰ দ্বাৰা চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বা...

September 4, 2024 6:36 PM

জনজাতীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকেৰ তিনিচুকীয়া ভ্ৰমণ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকে দুদিনীয়া কাৰ্যসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভাত সভাপতিত্ব কৰি তেওঁ জিলাখনত চলিত বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা বৈঠকতে প্ৰতিগৰাকী বিষয়...

September 4, 2024 6:30 PM

ৰাজ্যত বিভিন্ন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন

অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীর্তন মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পাছতে ভ...

September 4, 2024 6:23 PM

পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা খেলুৱৈক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পেৰিছ পেৰালিম্পিকছত পদক অৰ্জন কৰা বাবে শাৰদ কুমাৰ, মাৰিয়াপ্পান থাংগাৱেলু, অজিত সিং আৰু সুন্দৰ সিঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ হাই জাম্পত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক...

September 4, 2024 6:16 PM

ডিমা হাছাওত বাণিজ্যিক যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

সঘনাই হৈ থকা বৰষুণৰ ফলত ভিন ভিন পথকে ধৰি বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে পথ নিৰ্মাণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাও জিলাৰ অন্তৰ্গত জাতিংগাৰ পৰা হাৰাংহাজাওৰ মাজত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু পৰিমাণে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অনুসৰি ২৪ ফুটতকৈ অধিক দৈৰ...

September 4, 2024 6:13 PM

নাগালেণ্ডৰ চুমুকেডিমাত হোৱা ভূমিস্খলনত ৪ জন লোকৰ মৃত্যু

নাগালেণ্ডৰ চুমুকেডিমাত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত ৪ জন লোক মৃত্যুমুখত পৰে। আনহাতে প্রচণ্ড বৰষুণৰ বাবে ৰাজ্যখনৰ ৰাজধানী কোহিমাৰ সৈতে ডিমাপুৰক সংযোগ কৰা ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো দুঠাইত পানীয়ে সম্পূৰ্ণৰূপে ছিঙি পেলায়। ইয়াৰ ফলত ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰিছে। কোহিমাত আকাশবাণীৰ সৈতে হোৱা কথা বত...