September 6, 2024 1:10 PM

দুদিনীয়া ভ্রমণসূচীৰে আজি বিহাৰলৈ যাত্ৰা জে পি নাড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি দুদিনীয়া ভ্রমণসূচীৰে বিহাৰলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাড্ডাই অহা বছৰ হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পাৰ্টনাত দলৰ নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকৰ পূৰ্বে তেওঁ বিহাৰৰ মুখ...

September 6, 2024 1:04 PM

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ হত্যাৰ ঘটনাত জড়িত থকা অভিযোগত বিৰুপাক্ষা বিশ্বাস আৰু অভিক দেক নিলম্বন

পশ্চিম বংগৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ডাক্তৰ বিৰুপাক্ষা বিশ্বাস আৰু ডাক্তৰ অভিক দেৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদলৈ চাই কালি চিকিৎসক দুগৰাকীক নিলম্বন কৰে। কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত চিকিৎসক দুগৰাকীৰ নাম পোহৰলৈ আহিছি...

September 6, 2024 12:59 PM

দিল্লী আৰু মুম্বাইত ৰেহাই মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্যলৈ চাই কালিৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইত প্রতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কৰিছে। ভ্রাম্যমাণ বাহন আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ই-কমার্চ মঞ্চ আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা ছফলৰ ...

September 6, 2024 12:57 PM

দুদিনীয়া ভ্রমণসূচীৰে আজি নাগালেণ্ডলৈ ৰামদাস আঠাৱাল

সামাজিক ন্যায় আৰু নিয়োগ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰামদাস আঠাৱালে আজি দুদিনীয়া ভ্রমণসূচীৰে নাগালেণ্ডলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ৰাজ্যখনত উপস্থিত হোৱাৰ পাছত চোবিমা চুমৌকেদিমাত থকা ব্যক্তিগত বাসগৃহত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক সৌজন্যমূলক সাক্ষাৎ কৰিব। ইয়াৰ পাছত শ্রীআঠাৱালেই বিয়লি চাৰি ম...

September 6, 2024 12:55 PM

চুৰাটৰ জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটৰ জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি কৰিব। প্রধানমন্ত্ৰী মোদীৰ সহযোগিতামূলক জল ব্যৱস্থাপনাৰ দৃষ্টিভংগীৰে ৰূপায়ণ হৈ থকা জলশক্তি অভিযান : বৰষুণৰ পানী সংৰক্ষণৰ অনুসৰি এই কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে গুজৰাটৰ ...

September 6, 2024 12:53 PM

ব্রুনেই আৰু ছিংগাপুৰৰ সফল ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রুনেই আৰু ছিংগাপুৰৰ সফল ভ্ৰমণ সামৰি ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। ভাৰত আৰু ছিংগাপুৰে কালি স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । দুয়োখ...

September 5, 2024 9:08 PM

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক সভা অনুষ্ঠিত

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত অনাগত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক এখন সভা অনুষ্ঠিত হয়। সভাত লোক আদালতৰ জৰিয়তে নিষ্পত্তি হোৱা নোহোৱা গোচৰসমূহৰ ক্ষেত্ৰত বাদী-বিবাদীসকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা ১৪ ছেপ্তেম্বৰত জিলাখনত ৰাষ্ট্ৰীয...

September 5, 2024 9:07 PM

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জেলিহালৰ উপস্থিতিত বিয়লি চাৰে ৩ বজাৰ পৰা চুক্তি স্বাক্ষৰ অনুষ্ঠানট...

September 5, 2024 9:05 PM

জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানে জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শ‍ইকীয়াৰ সভাপতিত্বত আয়োজিত সভাত পোছাকৰ ওপৰত দক্ষতা বিকাশ...

September 5, 2024 9:02 PM

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোল...