September 5, 2024 8:59 PM

ঠগ, প্ৰৱঞ্চনাৰ বলি নহ’বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ঠগ, প্ৰৱঞ্চনাৰ বলি নহ'বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। অনলাইন ট্রেডিং প্ৰৱঞ্চনা সন্দৰ্ভত প্রতিক্রিয়া আগবঢ়াই তেওঁ জনসাধাৰণক এই সন্দৰ্ভত সজাগ হ'বলৈ আহ্বান জনায়। তেওঁ কয় যে, আৰ বি আই অনুমোদন অবিহনে কোনো লেনদেন কৰ...

September 5, 2024 8:57 PM

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস উদযাপন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁট...

September 5, 2024 8:38 PM

পেৰিছ পেৰালিম্পিকত অষ্টম দিনত ভাৰতৰ পেৰা এথলিটসকলৰবিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে

পেৰিছ পেৰালিম্পিকৰ আজি অষ্টম দিনা ভাৰতৰ পেৰা এথলিটসকলে শ্বুটিং, আৰ্চাৰী, এথলেটিক্‌ছ, পাৱাল লিফটিং আৰু জুড’ৰ বিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ্চাৰ হৰবিন্দ সিং আৰু পূজা কিছুসময়ৰ পাছত ৰিকাৰ্ভ শিতানৰ মিক্সড দলীয় শাখাৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। খেলুৱৈ দুগৰাকীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফা...

September 5, 2024 8:33 PM

দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্য লৈ চাই আজিৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইত প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কৰিছে৷ ভ্ৰাম্যমাণ বাহন আৰু ভাৰতীয় ৰাষ্ট্রীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ই-কমার্চ মঞ্চ আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা ছফলৰ ...

September 5, 2024 8:30 PM

দেশৰ বস্ত্ৰ উদ্যোগ সমগ্ৰ বিশ্বতে অগ্রণী ভূমিকা গ্ৰহণ কৰিব পৰাকৈ সামৰ্থ আৰু সম্ভাৱনাৰে সমৃদ্ধঃ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিং

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে কৈছে যে দেশৰ বস্ত্ৰ উদ্যোগ সমগ্ৰ বিশ্বতে অগ্রণী ভূমিকা গ্ৰহণ কৰিব পৰাকৈ সামৰ্থ আৰু সম্ভাৱনাৰে সমৃদ্ধ। আজি নতুন দিল্লীত ভিজন এক্সটি প'ৰ্টেল আৰু দেশৰ প্ৰথমখন ফেশ্বন শৈলী সম্পৰ্কীয় গ্ৰন্থ পৰিধি উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভিজন এক্...

September 5, 2024 8:28 PM

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু, বিজেপি নেতা মনন কুমাৰ মিশ্র আৰু মমতা মোহান্ত ৰাষ্ট্ৰীয় লোকমৰ্চাৰ নেতা উপেন্দ্ৰ কুশ্বাহা আৰু এন চি পি নেতা নীতিন লক্ষ্মণৰাও যাধব আছে।

September 5, 2024 8:25 PM

National Socialist Council of Nagaland খাপলাং গোটৰ সৈতে সংঘৰ্ষ বিৰতিৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে National Socialist Council of Nagaland খাপলাং গোটৰ সৈতে সংঘৰ্ষ বিৰতিৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰিছে। গৃহমন্ত্ৰ্যালয়ে কৈছে যে, ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ উদ্দেশ্যে ৮ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই চুক্তিখনৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰাৰ বাবে পাৰস্পৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰ...

September 5, 2024 8:22 PM

শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ কৃষি বিভাগে শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্রী অতুল বৰাই ডিব্ৰুগড় জিলা কৃষি, কৃষি অভিযান্ত্ৰিকৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত চৰহা আৰু...

September 5, 2024 8:20 PM

ভাৰত-ছিংগাপুৰৰ মাজত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ ফলত ...

September 5, 2024 8:10 PM

শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ কৃষি বিভাগে শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্রী অতুল বৰাই ডিব্ৰুগড় জিলা কৃষি, কৃষি অভিযান্ত্ৰিকৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত চৰহা আৰু...