September 8, 2024 8:43 PM

প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক টাইমছ আলোচনীৰ নিৰ্বাচন

টাইমছ আলোচনীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছে। শ্রীবৈষ্ণৱৰ নাম তালিকাখনৰ শ্বেপাৰ শ্ৰেণীত অন্তর্ভুক্ত হৈছে। আলোচনীখনে শ্রীবৈষ্ণৱৰ নেতৃত্বত ভাৰতে অহা ৫ বছৰত অৰ্ধ পৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত শীর্ষ ৫ ...

September 8, 2024 8:37 PM

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৰ ৰাজ্যপালক বান পৰিস্থিতি সন্দৰ্ভত সাক্ষাৎ

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৱে আজি ৰাজ্যপাল এছ আব্দুল নাজিৰক বিজয়াৱৰাৰ ৰাজভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালক বান পৰিস্থিতি সন্দৰ্ভত অৱগত কৰাৰ লগতে ৰাজ্যখনৰ বিজয়াৱৰা তথা আন অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ আভাষ দিয়ে। চৰকাৰে অহৰ্নিশে আগবঢ়া...

September 8, 2024 8:34 PM

পি এম কুসুম যোজনাৰ অধীনত পঞ্জীয়ন মাচুল হিচাপে ধন লোৱা প্ৰৱঞ্চক দলৰ বিৰুদ্ধে জনসাধাৰণক পি আই বিৰ সতৰ্কবাণী

প্ৰেছ ইনফৰমেচন ব্যুৰ পি আই বিৰ সত্য অনুসন্ধান গোটে পি এম কুসুম যোজনাৰ অধীনত পঞ্জীয়ন মাচুল হিচাপে ৮ হাজাৰ টকা জমা কৰিবলৈ কোৱা প্ৰৱঞ্চক দল এটাৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰিছে। গোটটোৱে সদৰী কৰা অনুসৰি, পঞ্জীয়ন মাচুল জমা দিয়াৰ পাছত এই আঁচনিৰ অধীনৰ আবেদন গ্ৰহণ কৰা হ'ব বুলি উল্লেখ থকা নকল পত্ৰ জনসাধাৰণ...

September 8, 2024 8:28 PM

মাংকি পক্সৰ সংক্ৰমণৰ সন্দেহত এজন ৰোগীক আছুতীয়াকৈ চিকিৎসা কৰা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰকাশ

এজন যুৱকৰ দেহত মাংকি পক্সৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁ এম পক্সৰ সংক্ৰমণ থকা এখন দেশ অলপতে ভ্ৰমণ কৰিছিল। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এখন বিশেষ চিকিৎসালয়ত ৰোগীজনক আছুতীয়াকৈ ৰখা হৈছে। তদুপৰি, মাংকি পক্সৰ উপস্থিত সন্দৰ্ভত নিশ্চিত হ'বলৈ নমুনা পৰীক্ষা কৰি থকা হৈ...

September 8, 2024 8:25 PM

তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত আবুধাৱিৰ ৰাজকুমাৰ

আবুধাৱিৰ ৰাজকুমাৰ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে আজি তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজকুমাৰগৰাকীক বিমান বন্দৰত আদৰণি জনাই। আবুধাৱিৰ ৰাজকুমাৰ হিচাপে তেওঁৰ এয়া প্ৰথম বাৰত ভ্ৰমণ। এই ভ্ৰমণত সংযুক্ত আৰৱ আমিৰী ৰ...

September 8, 2024 8:23 PM

গ্রামোন্নয়ন ৰাজ্য মন্ত্ৰী ড০ পেন্মাচানি চন্দ্ৰশেখৰৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্ট্ৰৰ জিলাৰ বান ক্ষতিগ্রস্তসমূহ পৰিদৰ্শন

গ্রামোন্নয়ন ৰাজ্য মন্ত্ৰী ড০ পেন্মাচানি চন্দ্ৰশেখৰে আজি অন্ধ্ৰপ্ৰদেশৰ গুণ্ট্ৰৰ জিলাৰ বান ক্ষতিগ্রস্তসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৱেংকটকৃষ্ণপুৰম, অনুমালাপুড়ী, তাংগেল্লামুড়ি তথা সমীপৰ অঞ্চলসমূহৰ বানত বুৰ যোৱা খেতিপথাৰসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিন...

September 8, 2024 8:16 PM

এছিয়া কাপ হকীত  চীনৰ বিৰুদ্ধে ভাৰতৰ ৩-০ ফলাফলত জয়ী

এছিয়া কাপ হকীত আজি ভাৰতে আয়োজক চীনক ৩-০ ফলাফলত পৰাস্ত কৰে। খেলৰ প্ৰথম তিনিটা কোৱাৰ্টাৰৰ প্রতিটোতে সুখজিৎ সিং, উত্তম সিং আৰু অভিষেকে এটাকৈ গ'ল দি উদ্বোধনী খেলখনত ভাৰতৰ জয় নিশ্চিত কৰে। কাইলৈ ভাৰত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা মাহত পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰাৰ পাছত ভাৰতে পঞ্চমটো খিতাপ লা...

September 8, 2024 7:53 PM

ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দায়িত্ব লাভৰ বাবে চেষ্টা চলাব বুলি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ দায়িত্ব লাভৰ বাবে চেষ্টা চলাব। নতুন দিল্লীত আজি অলিম্পিক কাউন্সিল অৱ এছিয়াৰ ৪৪ সংখ্যক সাধাৰণ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় ...

September 8, 2024 7:46 PM

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহতৰ সংখ্যা ৮ লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অট্টালিকা খহি পৰা ঘটনাত নিহত লোকৰ সংখ্যা ৮ লৈ বৃদ্ধি পাইছে। এই ঘটনাত অন্য ২৮ জন লোক আহত হৈছে আৰু আহতসকলক ভিন ভিন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কালি প্ৰাৰম্ভিক অৱস্থাত ৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু নিশাৰ ভাগলৈ উদ্ধাৰ অভিযানৰ সময়ত ধ্বংসস্তুপৰ মাজৰ পৰা আৰু ৩ টা মৃতদেহ উদ্ধাৰ ...

September 8, 2024 7:41 PM

ট্রেডিঙৰ জৰিয়তে ধন লুণ্ঠনৰ গোচৰত গহপুৰৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ

ট্রেডিঙৰ নামৰ সাধাৰণ ৰাইজৰ ধন লুণ্ঠনৰ গোচৰত অপৰাধ অনুসন্ধান বিভাগে কালি বিশ্বনাথ জিলাৰ গহপুৰৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে, এই দুই অভিযুক্তৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান বিভাগে ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ ভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে, ...