September 9, 2024 11:22 AM

তিনিচুকীয়াৰ শ্ৰীশ্ৰী টিপুক মায়ামৰা বজ্ৰপুৰ শিমলুগুৰি সত্ৰৰ শতবর্ষ উদযাপনৰ প্রস্তুতি

তিনিচুকীয়া জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰী টিপুক মায়ামৰা বজ্ৰপুৰ শিমলুগুৰি সত্ৰই ২০২৫ চনত ১০০ বছৰ অতিক্ৰম কৰিব। সত্ৰখনত শতবর্ষ উদযাপন কৰা উপলক্ষে প্রস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে ২৩৬ বছৰ ইতিহাস প্রসিদ্ধ টিপুক মায়ামৰা মূল সত্ৰখন ডুমডুমা দৈমুখীয়া ৰূপাই চাহ বাগিচাৰ পৰা উঠাই আনি পুনৰ ১৯২৫ চনত বৰ্তমানৰ ক...

September 9, 2024 11:21 AM

বহিঃৰাজ্যৰ যান-বাহনৰ পুনৰ পঞ্জীয়নৰ কেলেংকাৰিত বঙাইগাঁও জিলা পৰিবহণ বিষয়াক আটক

বহিঃৰাজ্যৰ যান-বাহনৰ পুনৰ পঞ্জীয়নৰ নামত সংঘটিত কেলেংকাৰি সম্পৰ্কত বঙাইগাঁও জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰীক গুৱাহাটীৰ ৰিহাবাৰীস্থিত তেওঁৰ বাসভৱনৰ পৰা কালি বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে তেওঁৰ উলুবাৰী আৰু ৰিহাবাৰীত থকা বাসভৱনত অভিযান চলোৱাৰ সময়ত বহু আপত্তিজনক নথি-পত্র, বিত্তীয় সংক্রান্তি...

September 9, 2024 11:20 AM

ডিব্ৰুগড়ত ‘প্রজেক্ট মানুহে মানুহৰ বাবে’ৰ অধীনত ‘কেন্সাৰ এণ্ড পলিয়েটিভ কেয়াৰ’ শীর্ষক কর্মশালা

প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পলিয়েটিভ ট্রাষ্টৰ উদ্যোগত আৰু আছাম ছায়েন্স টেকন'লজী এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ সহযোগত ডিব্ৰুগড়ত কালি প্রজেক্ট মানুহে মানুহৰ বাবেৰ অধীনত কেন্সাৰ এণ্ড পলিয়েটিভ কেয়াৰ শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাত কেইবাগৰাকীও চিকিৎসকে অংশগ্ৰহণ কৰি কেন্সাৰ ৰোগৰ চিকিৎসা আৰু প্...

September 9, 2024 11:19 AM

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত ২৩-২৪ অক্টোবৰত বিশ্ব হলৌ দিৱস পালনৰ প্ৰস্তুতি

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। অঞ্চলটোৰ দীঘলসাঁকো গাঁৱৰ ৰাজহুৱা খেলপথাৰত অহা ২৩ আৰু ২৪ অক্টোবৰত বিশ্ব হলৌ দিৱস পালন কৰা হ'ব। এই উপলক্ষে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতীয়া, সভাপতি প্রবাল চেতীয়াক কাৰ্যকৰী সভাপতি, বিতুপন গোহাঁই আৰু গনিধৰ চুতীয়াক যুটীয়া সম্পাদ...

September 9, 2024 11:17 AM

বিশিষ্ট সাহিত্যিক ৰংবং টেৰাঙলৈ অসম বিশ্ববিদ্যালয়ৰ ডি-লিট সন্মান

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং টেৰাঙলৈ ডি-লিট সন্মান আগবঢ়াইছে। অহা ১৩ ছেপ্তেম্বৰত হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ ২১ সংখ্যক সমাৱৰ্তনত সাহিত্যিকগৰাকীক এই সন্মান প্ৰদান কৰাৰ কথা আছিল যদিও শ্ৰী টেৰাঙৰ শাৰীৰিক অসুস্থতাৰ বাবে অহা ১৬ ছেপ্তেম্বৰত সাহ...

September 9, 2024 11:13 AM

বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ দল ঘোষণা কৰিছে। এই দলত প্ৰথমবাৰৰ বাবে বাঁওহতীয়া পেছ বলাৰ য়াছ দয়াল অন্তৰ্ভুক্ত হোৱাৰ লগতে কে এল ৰাহুল আৰু ঋষভ পণ্ট পুনৰ অন্তর্ভুক্ত হৈছে। অহা ২৯ ছেপ্তেম্বৰত আৰম্ভ হ'বলগীয়া এই টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত ...

September 8, 2024 9:12 PM

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি পৰিব। ভাৰতে এইবাৰৰ সংস্কৰণত ৭ টা সোণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদকেৰে ষষ্ঠদশ স্থান লাভ কৰিছে। পেৰা অলিম্পিকৰ ইতিহাসত এয়া ভাৰতৰ সর্বশ্রেষ্ঠ প্ৰদৰ্শন। আৰ্ছাৰিত সোণৰ পদক অৰ্জন কৰা হৰবিন্দৰ সিং আৰু দৌৰবিদ প্রীতি পালে সামৰণি অনুষ্ঠানত দেশৰ পতাকা বহন কৰিব। ...

September 8, 2024 9:09 PM

য়’নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল’ৰা আৰু ছোৱালী দলৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ য়'নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল'ৰা আৰু ছোৱালী দলেও ফাইনেলত প্ৰৱেশ কৰিছে। অসম বেডমিণ্টন সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ...

September 8, 2024 8:53 PM

নোৱাখাই উৎসৱ উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৃষিভিত্তিক উৎসৱ নুৱাখাই উপলক্ষে বিশেষকৈ ওড়িশাৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে এই উৎসৱক দেশৰ খেতিয়কসকলৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰাৰ উপলক্ষ্য বুলি অভিহিত কৰে। তেওঁ লগতে এইবুলি কামনা কৰে যে, এই উৎসৱে যেন সকলোৰে জীৱনলৈ সুখ আৰু...

September 8, 2024 8:45 PM

সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠাৰ বাবে কংগ্ৰেছৰ দাবীৰ বিৰুদ্ধে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দৃঢ় মত প্ৰকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে কংগ্ৰেছ দলে জনোৱা দাবীৰ বিৰুদ্ধে দৃঢ় মত প্ৰকাশ কৰি কয় যে, বিজেপি দল ক্ষমতাত থকালৈকে এই অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰা নহ'ব। মন্ত্ৰীগৰাকীয়ে দলটোৰ নেতৃত্বত জম্মু-কাশ্মীৰত পৰিলক্ষিত হোৱা শেহতীয়া অগ্রগতি সন্দৰ্ভত আল...