September 9, 2024 11:38 AM

দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে বৰ্তমানলৈকে ১.৭৯ কোটি কাৰ্যসূচী ৰূপায়ণ

চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্র্যালয়ে লগতে প্রকাশ কৰিছ...

September 9, 2024 11:37 AM

নতুন দিল্লীত আজি বস্তু আৰু সেৱাকৰ পৰিষদৰ ৫৪সংখ্যক বৈঠক

বস্তু আৰু সেৱাকৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই বৈঠকত অধ্যক্ষতা কৰিব। চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত এই পৰিষদৰ পূৰ্বৰ বৈঠকত ষ্টীল, লো আৰু এলুমিনিয়ামৰ সকলো গাখীৰৰ কেনত ১২ শতাংশ জি এছ টি ধাৰ্য কৰা হৈছিল। বৈঠকত ভাৰতীয় ৰে'লৱেই প্ৰদান কৰা ...

September 9, 2024 11:36 AM

জম্মু-কাশ্মীৰত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ এই মাহৰ ১৮ আৰু ২৫ তাৰিখৰ উপৰি ১ অক্টোবৰত ৰাজ্যখনত তিনিটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি ৰামবন জিলাৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি ...

September 9, 2024 11:34 AM

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

September 9, 2024 11:33 AM

মণিপুৰৰ সকলো বিদ্যালয়-মহাবিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা

গোষ্ঠী সংঘৰ্ষৰ বাবে আইন-শৃংখলা পৰিস্থিতি অত্যধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়-মহাবিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ৰাজ্যখনত কালি পুনৰ সংঘটিত বোমা বিস্ফোৰণত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পিছত চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে। ইফালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ত...

September 9, 2024 11:31 AM

পেৰিছ পেৰালিম্পিকৰ সামৰণি, ভাৰতৰ ৭টা সোণসহ মুঠ ২৯টা পদক লাভ

পেৰিছ পেৰালিম্পিক প্ৰতিযোগিতা কালি নিশা বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে। বিশ্বৰ ১৬৮টা পেৰালিম্পিক প্রতিনিধি দলৰ ৪ হাজাৰ ৪০০ খেলুৱৈৰ উপস্থিতিত দেশখনৰ লোক সংস্কৃতি আৰু সংগীতৰ পৰিৱেশনেৰে সামৰণী অনুষ্ঠান অধিক মননশীল কৰি তোলে। পেৰিছৰ মেয়ৰ এন্নে হিডালগোৱে পেৰালিম্পিকৰ পতাকা আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিত...

September 9, 2024 11:29 AM

গোর্খা আৰু চাহ জনগোষ্ঠীৰ লোকসকলে তৃতীয় প্ৰজন্মৰ প্ৰমাণপত্ৰ অবিহনে মাটিৰ পট্টা লাভৰ ব্যৱস্থাৰ বাবে চৰকাৰক ধন্যবাদ গোৰ্খা সন্মিলনীৰ

অসম গোর্খা সন্মিলনীয়ে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত গোর্খা জনগোষ্ঠীৰ লগতে অন্যান্য জনজাতীয় লোকৰ সুবিধা হোৱাকৈ কাৰ্য সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ শলাগ লৈছে। গোর্খা সন্মিলনীৰ সভাপতি কৃষ্ণ ভূজেলে, গোর্খা আৰু চাহ জনগোষ্ঠীৰ লোকসকলে তৃতীয় প্ৰজন্মৰ প্ৰমাণপত্ৰ অবিহনে ...

September 9, 2024 11:28 AM

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে ১৫ ছেপ্টেম্বৰত হ’বলগীয়া নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীৰ বৈঠক

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক পৰীক্ষা কেন্দ্ৰসমূহৰ পৰ...

September 9, 2024 11:26 AM

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী কেন্দ্রীয় মে-ডাম-মে-ফি উদযাপন সমিতি আৰু টাই-আহোম সাংস্কৃতিক সমাজৰ সাক্ষাৎ

বৃহত্তৰ গুৱাহাটী কেন্দ্রীয় মে-ডাম-মে-ফি উদযাপন সমিতিৰ সভাপতি আৰু টাই-আহোম সাংস্কৃতিক সমাজৰ সভাপতিৰ নেতৃত্বত এটা প্রতিনিধি দলে কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। আহোম সাম্ৰাজ্যৰ ইতিহাস প্রসিদ্ধ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পৰিপ্ৰেক্ষিতত দলটোৱে মুখ্যমন্ত্ৰীক এখন...

September 9, 2024 11:24 AM

চৰাইদেউৰ মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চৰাইদেউৰ মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ২০১৬ চনৰ ৮ ছেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ডাঃ অৰুণ মহন্তই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ ক...