September 9, 2024 6:00 PM

উচ্চতম ন্যায়ালয়ত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি

উচ্চতম ন্যায়ালয়ত আজি কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত যোৱা মাহত এগৰাকী ৩১ বছৰীয়া চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি চলি আছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক অহা মঙলবাৰে এই গোচৰৰ নতুন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সংস্থাটোৱে কয় যে, এই...

September 9, 2024 5:51 PM

উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলন

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিৱিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সাম...

September 9, 2024 5:47 PM

দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অধীনত বৰ্তমানলৈকে ১.৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ

চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰিছে ...

September 9, 2024 5:44 PM

দেশত নতুনকৈ বলৱৎ হোৱা ৩ খন আইন সন্দৰ্ভত দক্ষিণ শালমৰাত সজাগতা সভা অনুষ্ঠিত

দেশত নতুনকৈ বলৱৎ হোৱা তিনিখন আইনৰ বিষয়ে সাংবাদিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ দক্ষিণ শালমৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত তিনিখন নতুন আইন ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সম্পর্কে বিশদভাৱে আলোচনা কৰা...

September 9, 2024 5:42 PM

সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাত দুটা উগ্রপন্থী নিহত

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি পুৱা সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা উগ্রপন্থী নিহত হয়। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে ৰাজৌৰী জিলাৰ নাউচেৰাৰ লাম ছেক্টৰত কালি নিশা গুলীয়াগুলি আৰম্ভ হয়। উল্লেখযোগ্য যে আন্ধাৰৰ সুবিধা লৈ উগ্ৰপন্থী কেইটাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাই থকা আছি...

September 9, 2024 5:41 PM

আজিৰে পৰা ৰাজস্থানত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আৰম্ভ

ৰাজস্থানৰ বিকানীৰৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত ভাৰত আৰু আমেৰিকান সেনাবাহিনীৰ সংযুক্ত অনুশীলন আজি পুৱাৰে পৰা আৰম্ভ হৈছে। অনুশীলনৰ পূৰ্বে পেৰেড সমাৰোহ অনুষ্ঠিত কৰা হয়। এই যুদ্ধ অনুশীলনত ভাৰতীয় সেনাবাহিনীৰ দক্ষিণ পশ্চিম কামাণ্ডৰ সেনা আৰু আমেৰিকাৰ মুঠ এহেজাৰ ২০০ গৰাকী সেনাই অংশগ্ৰহণ কৰিছে। দুয়োখন দেশ...

September 9, 2024 5:38 PM

অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰ...

September 9, 2024 11:46 AM

নতুন দিল্লীত আজি আবুধাৱিৰ ৰাজকুমাৰৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত আবুধাৱিৰ ৰাজকুমাৰ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত আৰু সংযুক্ত আৰৱ আমিৰীৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ ব্যাপক ক্ষেত্ৰসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। আবুধাৱিৰ ৰাজকুমাৰগৰাকী কালি তিনিদিনীয়...

September 9, 2024 11:45 AM

ৰিয়াধত আজি প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি ৰিয়াধত প্ৰথম ভাৰত-গালফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। ড° জয়শংকৰ দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কালি ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধত উপস্থিত হয়। এই বৈঠকৰ উদ্দেশ্য হৈছে- ভাৰত আৰু গালফ ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰা। ভাৰত-গালফ সহ...

September 9, 2024 11:39 AM

উত্তৰ প্ৰদেশৰ আগ্ৰাত আজিৰে পৰা ‘চিন্তন শিবিৰ’ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পর্যালোচনা সন্মিলন

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰাত চিন্তন শিবিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পর্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্রদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সামা...