May 12, 2024 8:09 PM

ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দৰ জয়লাভ

ভাৰতৰ ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দে ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ নৰোৱেৰ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ইপিনে চীনৰ ৱেই য়ী ২০.৫ পইণ্টৰ সৈতে প্রতিযোগিতাৰ শীৰ্ষ স্থানত আছে। প্রতিযোগিতাখনত আৰু ৯টা ৰাউণ্ডৰ খেল বাকী আছে যদিও প্রথম দিনা ৭ খন খেলত জয় লাভ কৰি ৱেই...

May 12, 2024 7:22 PM

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ হুগলীত নির্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে দেশৰ বিভিন্ন ঠাইত ভিন ভিন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত ...

May 12, 2024 7:11 PM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল গুৱাহাটীত উপস্থিত

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীত হ'বলগীয়া প্ৰথমখন খেলৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। দিনৰ ৩.৩০ বজাত এখন বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলটো উপস্থিত হয়। আঘাতৰ সমস্যাৰ বাবে শিখৰ ধৱনৰ বাদে দলটোৰ আন সকলো ...

May 12, 2024 7:05 PM

দুধনৈত ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ

জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰিবলগীয়া ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ বাইখোৰ কাৰণে দুধনৈ আঞ্চলিক ছাত্র সভাই প্রস্তুতি অব্যাহত ৰাখিছে। অহা ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ উদযাপন কৰা হ'ব। দুধনৈ ৰাজহুৱা খেলপথাৰত আজি এই উদ্দেশ্যেৰে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। উল্...

May 12, 2024 7:01 PM

বৰপেটাৰ কেওটকুছিত ৪০ উৰ্দ্ধৰ লোকৰ কাৰণে  মাৰাথন প্রতিযোগিতাৰ আয়োজন

যুৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ লগতে সামাজিক দায়বদ্ধতা আৰু চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰপেটাৰ কেওটকুছি চেম্পিয়ন ক্লাবৰ উদ্যোগত ৪০ উৰ্দ্ধৰ লোকৰ কাৰণে এখন মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হয়। শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাখনত প্রতিযোগীসকলে সমগ্র কেওটকুছি গাঁও পৰ...

May 12, 2024 6:58 PM

লোকসভা নিৰ্বাচনত জয়ী হ’লে আম আদমী পাৰ্টীৰ ১০টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি

আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনত জয়ী হ'লে ১০টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে বিদ্যুৎ, পানী, স্বাস্থ্য, শিক্ষা আৰু কৰ্মসংস্থানৰ দিশত পদক্ষেপ লোৱাৰ বিষয়ে নির্বাচনী প্ৰচাৰত উল্লেখ কৰে। দলটোৰ কাৰ্যালয়ত পাঞ্জাবৰ ...

May 12, 2024 6:54 PM

পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰাৰ দাবী বিজেপি নেতা অমিত শ্বাহৰ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপি নেতা অমিত শ্বাহে উত্তৰ প্ৰদেশৰ কৌশ্বাম্বিৰ পৰা বিজেপি প্রার্থী বিনোদ সুনকাৰৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীশ্বাহে পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰা হ'ব বুলি দাবী কৰে। উল্লেখযোগ্য যে কালি অসমৰ ম...

May 12, 2024 6:48 PM

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ বনাঞ্চলত সুৰক্ষা বাহিনীৰ সন্ত্ৰাসবাদীৰ গোপন ঘাটি উৎখাত

সুৰক্ষা বাহিনীয়ে জম্মু কাশ্মীৰৰ ৰিয়াছি জিলাৰ এটা বনাঞ্চলত সন্ত্ৰাসবাদীৰ এটা গোপন ঘাটি উৎখাত কৰিছে আৰু বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীৰ এটা যুটীয়া দলে আজি পুৱা মাহোৰেৰ কোট বুধান বনাঞ্চলত তালাচী চলোৱাৰ সময়ত সন্ত্ৰাসবাদী...

May 12, 2024 6:43 PM

বিগত ১০ বছৰত বিজেপি চৰকাৰে দুখীয়ালোকৰ সবলীকৰণ আৰু সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছেঃ নৰেন্দ্ৰ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে দুখীয়াসকলৰ সবলীকৰণ আৰু এনে লোকসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ইংৰাজী ভাষাৰ এখন দৈনিক বাতৰি কাকতত দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিশ্বক দেখুৱাই দিছে যে প্ৰ...

May 12, 2024 6:37 PM

বিশ্বজুৰি মে’ মাহৰ দ্বিতীয়টো দেওবাৰটো মাতৃ দিৱস হিচাপে পালন

বিশ্বজুৰি আজি মাতৃ দিৱস পালন কৰা হৈছে। প্ৰতিবছৰে মে' মাহৰ দ্বিতীয়টো দেওবাৰত এই মাতৃ দিৱস পালন কৰা হয় । নাগালেণ্ডত শলাগ আৰু কৃতজ্ঞতাৰে মাতৃ দিৱস উদযাপন কৰা হয়। সকলো বয়সৰ লোকে মাতৃৰ প্ৰতি স্নেহ আৰু সন্মান প্ৰদৰ্শন কৰে। লগতে গীৰ্জাঘৰ সমূহত মাতৃ দিৱস উপলক্ষে বিশেষ সেৱা প্ৰদান কৰে। সকলো মাতৃকে মাতৃ দ...