May 13, 2024 10:45 AM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। নির্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে তেলেংগানাত ১৭টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৬টা...

May 12, 2024 8:50 PM

১৫ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ

 বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ অহা ১৫ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা ২০২৩-২৪ পর্যটন বৰ্ষৰ অহা ১৫ মে'ত অন্ত পৰিব। ইতিমধ্যে যোৱা পহিলা মে'ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উ...

May 12, 2024 8:45 PM

গুৱাহাটী নেহৰু ষ্টেডিয়ামত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰিব। এই প্ৰতিযোগিতাত পুৰুষ ৫৫ বছৰ ডাবলছ শাখাত অসমৰ বিজয় কুমাৰ বৰ্মন আৰু ধ্রুব শৰ্মা বিজয় হৈ...

May 12, 2024 8:38 PM

লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহা...

May 12, 2024 8:34 PM

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত অনুসূচিত জনজাতিৰ বাবে বাজেটত বিভিন্ন দিশত ধনৰ আৱণ্টন বৃদ্ধি কৰা হৈছেঃ জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত অনুসূচিত জনজাতিৰ বাবে বাজেটত বিভিন্ন দিশত ধনৰ আৱণ্টন বৃদ্ধি কৰাৰ লগতে অনুসূচিত জনজাতিৰ শিক্ষার্থীসকলক বৃত্তি প্রদান কৰা হৈছে। আজি পশ্চিমবংগৰ আৰামবাগ লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ সমৰ্থনত হুগলীৰ পাৰচুৰাত...

May 12, 2024 8:30 PM

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে মির্জাপুৰৰপৰা ৰমেশ বিন্দক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে মির্জাপুৰ আসনখনৰ বাবে ৰাজেন্দ্ৰ বিন্দক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও, ভাদহিৰ বিজেপিৰ ...

May 12, 2024 8:26 PM

লাডাখৰ ৰাজ্যিক আইকন ফুনচ’ক লাডাখৰ নেতৃত্বত ভোটাৰ সজাগতা অভিযান

লাডাখৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে লাডাখৰ ৰাজ্যিক আইকন ফুনচ'ক লাডাখৰ নেতৃত্বত ভোটাদাতাৰ সজাগতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ভোটদাতাৰ সজাগতা বৃদ্ধিৰ বাবে যোগাভ্যাসৰ প্ৰশান্তি তথা ধনুর্বিদ্যাৰ উত্তেজনাৰ সমন্বয়ৰে আয়োজিত এটা অনুষ্ঠানত ব্যাপক সংখ্যাক লোক অংশগ্ৰহণ কৰে। জানচকাৰৰ চেক্রেড চান...

May 12, 2024 8:22 PM

২৯ বাৰ এভাৰেষ্টত আৰোহনেৰে নেপালৰ পর্বতাৰোহী কামী ৰীতা শ্বেৰ্পাৰ অভিলেখ

নেপালৰ প্ৰখ্যাত পর্বতাৰোহী কামী ৰীতা শ্বেৰ্পাই আজি ২৯ বাৰৰ বাবে বিশ্বৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্টত আৰোহন কৰি সৰ্বাধিক বাৰৰ বাবে এভাৰেষ্ট জয় কৰা তেওঁৰ নিজৰেই অভিলেখ ভংগ কৰে। নেপালৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ পৰ্যটন বিভাগৰ সঞ্চালক ৰাকেশ গুৰুঙে প্ৰকাশ কৰে যে, ৫৪ বছৰ বয়সীয়া পৰ্বতাৰোহ...

May 12, 2024 8:17 PM

নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত

ভাৰতত থকা নেপালৰ ৰাষ্ট্রদূত ড° শংকৰপ্ৰসাদ শর্মা ইণ্ডিয়া-নেপাল ফাউণ্ডেছন পৰিষদৰ ৩৮ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ছিকিমত উপস্থিত হৈছেহি। ৰাষ্ট্রদূতগৰাকীক ৰংপু সেৱা কেন্দ্ৰত স্থানীয় বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠকখন আজি...

May 12, 2024 8:11 PM

আই পি এল ক্রিকেটঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৫ উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৪১ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত চেন্নাইয়ে ১৮ অভাৰ আৰু দুটা বলত ৫ উই...