June 7, 2024 11:47 AM

সংসদ ভৱনৰ চৌহদত দেশৰ মহান নেতা আৰু মুক্তি যুঁজাৰুৰ প্ৰতিমূৰ্তি স্থাপন

লোকসভা সচিবালয়ে সংসদ ভৱনৰ চৌহদত প্ৰেৰণা স্থল বিকশাই তুলিছে য'ত দেশৰ মহান নেতা আৰু মুক্তি যুঁজাৰুসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। পূৰ্বে এই প্ৰতিমূৰ্তিসমূহ চৌহদৰ বিভিন্ন স্থানত আছিল। সচিবালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই প্ৰেৰণা স্থল এনেদৰে বিকশাই তোলা হৈছে যাতে সংসদ ভৱন চৌহদলৈ অহা দৰ্শকসকলে এই মহান ন...

June 7, 2024 11:42 AM

দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব আম আদমী পাৰ্টীয়ে

আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত দলৰ বিধায়কসকলৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কালি দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁট অকল লোকসভা নিৰ্বাচন...

June 7, 2024 11:38 AM

সাধাৰণ নিৰ্বাচনত মুঠ ৬৫.৭৯ শতাংশ ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত

নির্বাচন আয়োগে কৈছে যে, শেহতীয়া সাধাৰণ নিৰ্বাচনত মুঠ ৬৫.৭৯ শতাংশ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিছে। লাক্ষাদ্বীপত সৰ্বাধিক ৮৪.১৬ শতাংশ ভোটদান হৈছে। ভোটদানৰ ক্ষেত্ৰত ৮১.৫৬ শতাংশ ভোটদানেৰে অসম দ্বিতীয় আৰু ৮০.৯৩ শতাংশ ভোটদানেৰে ত্ৰিপুৰা তৃতীয় স্থানত আছে। উত্তৰ প্ৰদেশত ৫৬.৯২ শতাংশ হোৱাৰ বিপৰীতে বিহাৰ...

June 7, 2024 11:34 AM

নির্বাচনী আচৰণ বিধি উঠাই লৈছে নির্বাচন আয়োগে

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত কালি নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উঠাই লৈছে। যোৱা ১৬ মাৰ্চত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছিল। অৱশ্যে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ কেইটামান সমষ্টিত হ'বলগীয়া দ্বিবার্ষিক আৰু বিধান পৰিষদৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিত...

June 7, 2024 11:26 AM

প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল নতুন দিল্লীত হ'বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। সিং দৰবাৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে নেপাল চৰকাৰৰ মুখপাত্র তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰেখা শর্মাই এই কথা প্রকাশ কৰে। টেলিফোন যোগে হোৱা কথোপকথনত নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমো...

June 7, 2024 11:21 AM

৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ তদন্তৰ দাবী উত্থাপন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগান্ধীয়ে কয় যে, বজাৰ নিম্নগামী হোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীসকলৰ ৩০ লাখ কোটি ট...

June 7, 2024 10:56 AM

নতুন দিল্লীত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক

এন ডি এৰ সংসদীয় দলৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। বৈঠকত বিজেপি, টি ডি পি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্ধে গোট, জে ডি এছ আৰু এন ডি এ মিত্ৰজোঁটৰ অন্য সহযোগী দলৰ নৱনিৰ্বাচিত সাংসদসকলে অংশগ্রহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত চৰকাৰ গঠনক লৈ ৰাজনৈতিক গতিবিধি বৃদ্ধি পাইছে। বিজেপিৰ ৰাষ্ট্ৰীয...

June 6, 2024 8:59 PM

লক্ষ্য সেন ইণ্ডোনেছিয়া অ’পেন ছুপাৰ থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ লক্ষ্য সেনে ইণ্ডোনেছিয়া অ'পেন ছুপাৰ থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে আজি জাকার্টাত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ কেণ্টা নিছিম'ট'ক ২১-৯, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে।

June 6, 2024 8:58 PM

ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাত সৰৱজোট সিঙৰ সোণৰ পদক অৰ্জন

ভাৰতৰ সৰৱজোট সিঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২৪২ দশমিক ৭ পইণ্টেৰে সোণৰ পদক হস্তগত কৰে। চীনৰ শুৱে হাং বুৱে ২৪২ দশমিক ৫ পইণ্টেৰে ৰূপৰ পদক আৰু জার্মানীৰ ৰবীন ৱাল্টাৰে ২২০ পইণ্টেৰে ব্ৰ...

June 6, 2024 8:55 PM

নৱ-নিৰ্বাচিত নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে লোকসভা সচিবালয়ৰ বিশেষ ব্যৱস্থা গ্ৰহণ

সংসদৰ নৱ-নিৰ্বাচিত সদস্যসকল নতুন দিল্লীত উপস্থিত হ'ব ধৰিছে। লোকসভা সচিবালয়ে নতুন সদস্যসকলক আদৰণি জনোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ বাধাৰহিত পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সময় ৰাহি কৰা আৰু কাগজ বিহীন ডিজিটীয় প্রক্রিয়া প্রয়োগৰ উদ্দেশ্যে সংহত অনলাইন ছফটৱেৰৰ...