June 6, 2024 8:52 PM

ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্য্যালোচনা

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপত লোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্য্যালোচনা চলোৱা হয়। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজু, প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্য্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, আকাশবাণীৰ স...

June 6, 2024 8:48 PM

কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। চি পি আই নেতা বিনয় বিশ্বম, চি পি আই এম নেতা এলামৰাম কৰিম আৰু কে চি এম নেতা জোছ কে মণীৰ কাৰ্য্যকাল পহিলা জুলাইত সমাপ্ত হ'ব। মহাৰাষ্ট্ৰৰ এখন ৰাজ্যসভা আসনৰ উপ-নির্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। এন চি পি নেতা প্রফুল পেটেলে প...

June 6, 2024 8:45 PM

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড’লজী ফৰ টীচাৰ্ছ অৱ চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আজি অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড'লজী ফৰ টীচাৰ্ছ অব চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ মুঠ ৩৩টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ এ...

June 6, 2024 8:40 PM

অহা ২০ জুনৰ ভিতৰত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ মৰিগাঁও জিলাৰ আয়ুক্তৰ নিৰ্দেশ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিছে। এই নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কাম বাতিল কৰা হ'ব বুলি তেওঁ স্পষ্ট...

June 6, 2024 8:37 PM

শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস

যোৱা ২৪ ঘণ্টাত বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস পাইছে। ইপিনে, কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫লৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাছাৰ...

June 6, 2024 8:34 PM

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্যতাত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয়, এই কথাত গুৰুত্ব আৰোপ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ...

June 6, 2024 8:31 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অর্থাৎ এন ডি এই ২৯৩ খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ দিশে আগবাঢ়িছে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে ...

June 6, 2024 8:29 PM

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে জে পি নাড্ডাৰ বৈঠক

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা-এন ডি এই চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, মনসুখ মন্দাভিয়া, পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱকে ...

June 6, 2024 8:26 PM

এন ডি আই মিত্রজোঁটে লোকসভাত সক্ৰিয় বিৰোধী ভূমিকা পালন কৰিব বুলি মল্লিকার্জুন খার্গেৰ প্ৰকাশ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কয় যে আই এন ডি আই মিত্রজোঁটে লোকসভাত সক্ৰিয় বিৰোধী ভূমিকা পালন কৰিব। তেওঁলোকে জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা বিজেপি চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাত বাধা আৰোপ কৰাৰ বাবে উচিত সময়ত যথোচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শ্ৰী খার্গেই প্রকাশ কৰে। তেওঁ কয় যে আই এন ড...

June 6, 2024 8:24 PM

বীৰুবালা ৰাভাৰ মৃত্যু দিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

সমাজ সংস্কাৰক তথা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্রামী বীৰুবালা ৰাভাৰ মৃত্যু দিনটো অর্থাৎ ১৩ মে'ত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে তেওঁ আজি গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত থকা প্ৰয়াত বীৰুবালা ৰাভাৰ ঘৰত উ...