June 14, 2024 5:55 PM

G-7 শীৰ্ষ সন্মিলনত আমেৰিকা আৰু ইউক্রেইনৰ কিয়েভৰ সৈতে ৱাছিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

আমেৰিকা আৰু ইউক্রেইনে কালি ইটালীত G-7 শীৰ্ষ সন্মিলনৰ সুযোগতে কিয়েভৰ সৈতে ৱাছিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনক্সিয়ে এই দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে। সংবাদ মাধ্যমৰ সুত্ৰই প্ৰকা...

June 14, 2024 5:22 PM

কংগো গণৰাজ্যৰ পূব অঞ্চলত সংঘটিত আক্ৰমণৰ ঘটনাত কমেও ৪২ জন লোক নিহত

কংগো গণৰাজ্যৰ পূব অঞ্চলত সংঘটিত আক্ৰমণৰ ঘটনাত কমেও ৪২ জন লোক নিহত হৈছে। বুধবারে পূব-উত্তৰ কিভু প্ৰদেশৰ লুবেৰুৰ মাই কেংগ' গাঁৱত এই আক্রমণ সংঘটিত হয়। প্রথম অৱস্থাত মৃতকৰ সংখ্যা ২৫ জন আছিল যদিও কালিৰ দিনটোত এই সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আক্ৰমণকাৰীয়ে অঞ্চলটোৰ বা...

June 14, 2024 5:19 PM

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত নেৰানেপেৰা বৰষুণৰ ভয়াবহ ৰূপ ধাৰণ

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত হোৱা নেৰা নেপেৰা বৰষুণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তীষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালাঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলী দলং দুয়োখনেই ভাগি পৰে। ইয়াৰ ফলত প্ৰায় দুহেজাৰ পৰ্যাটক অঞ্চটোত আৱদ্ধ হৈ পৰিছে। উত্তৰ চিকিমৰ জংগো অঞ্চলৰ সৈতে গুৰুত্বপূর্ণ সকলো যোগাযোগ...

June 14, 2024 5:11 PM

কুৱেইটত অগ্নিকাণ্ডত নিহতসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন ক’ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত

কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। কুৱেইটত মৃত্যু হোৱা ৪৫ জন লোকৰ মৃতদেহ ক'ছিলৈ লৈ অহা হৈছে। বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৪৫টা মৃতদেহৰ নথিপত্ৰ সংক্ৰান্তীয় সকলো কাম...

June 14, 2024 5:04 PM

আজিৰে পৰা চৌদি আৰবৰ মিনাত ৫ দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ

চৌদি আৰবৰ মিনাত ৫ দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। এই উপলক্ষে বিশ্বৰ প্ৰায় ২০ লাখ লোক ইয়াত একত্ৰিত হৈছে। প্ৰতিবছৰে অনুষ্ঠিত এই হজ যাত্ৰাত ভাৰতৰ ১ লাখ ৭৫ হাজাৰতকৈও অধিক তীর্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে ১ লাখ ৪০ হাজাৰ হজ যাত্ৰী ভাৰতীয় হজ সমিতিৰ অধীনত চৌদি আৰবত উপস্থিত হৈছে। এই বছৰ ...

June 14, 2024 5:01 PM

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্ট্...

June 14, 2024 5:00 PM

যোগাসনক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ পূব প্ৰদেশৰ ৰাজ্যপাল সেনথিল থোণ্ডামনৰ

ভাৰতৰ উচ্চ আয়োগ আৰু শ্ৰীলংকাৰ পূব প্ৰদেশৰ পৰ্যটন ব্যুৰোৰ উদ্যোগত আজি ট্ৰিকোমালীৰ মেক হেইজাৰ ষ্টেডিয়ামত যোগাসানৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰায় ৫ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ সদস্যই অংশগ্ৰহণ কৰে। পূব প্ৰদেশৰ ৰাজ্যপাল সেনথিল থোণ্ডামনে, যোগাসনক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাব...

June 14, 2024 4:51 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ ত্রিকোণাসন কৰি থকা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ

অহা ২১ জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্রিকোণাসন কৰি থকা এটা ভিডিঅ' সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভিডিঅ'টোৰ যোগে এই আসন পর্যায়ক্রমে কেনেদৰে কৰিব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আসনবিধৰ উপকাৰিতা সম্পৰ্কে বৰ্ণনা কৰা হৈছে। ভিডিঅ'টি প্ৰচা...

June 14, 2024 4:31 PM

আই চি চি টি-২০ বিশ্বকাপত আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰ এটা বলত তিনিটা উইকেটৰ বিনিময়ত ১০১ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গোলবদি...

June 14, 2024 12:35 PM

মাজুলীত পথ সুৰক্ষাৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত বৈঠক অনুষ্ঠিত

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ পথ সুৰক্ষাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ড° কাবেৰী বি শৰ্মা বৈঠকখনত উপস্থিত থাকি ইণ্টিগ্রেটেড ৰোড এক্সিডেণ্ট ডাটাবেছত আৰক্ষী, পৰিবহণ, পি ডব্লিউ আৰ ডি আৰু স্বাস্থ্য বিভাগক প্ৰত্যেকটো বাহন দুৰ্ঘটনা নবীকৰণ কৰিবলৈ আৰু প্...