June 14, 2024 6:51 PM

নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো ১০৮ একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মা...

June 14, 2024 6:46 PM

মোবাইল ফোন হেৰালে বা চুৰি হ’লে দূৰ সংযোগ বিভাগৰ CEIR প’ৰ্টেলত IMEI নম্বৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ আহ্বান

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মোবাইল ফোন হেৰালে বা চুৰি হ'লে নিজাকৈ অথবা আৰক্ষী থানাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগৰ CEIR প'ৰ্টেলত হেৰুওৱা মোবাইলটোৰ IMEI নম্বৰ তথা মোবাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে। তেওঁ লগতে পুৰণি মোবাইল ক্ৰয় কৰাৰ বাবে আগ্ৰহী লোকসকলক মোবাইটোৰ IMEI...

June 14, 2024 6:41 PM

ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈ খহনীয়া পৰিদৰ্শন কৰে। এই স্থানকেইটা পৰিদৰ্শন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। তদুপৰি তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিন...

June 14, 2024 6:31 PM

তিনিচুকীয়াৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ

তিনিচুকীয়া জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে আজি জিলাখনৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বানপানীৰ সৈতে জড়িৰ বিভিন্ন দুৰ্যোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

June 14, 2024 6:29 PM

সোণাপুৰ টোলগে’টত ৰাজ্যৰ বিশেষ টাস্ক ফ’ৰ্চে এখন বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে

ৰাজ্যৰ বিশেষ টাস্ক ফ'ৰ্চে আজি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোলগে'টত এখন বাহন জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি বাহিনীটোৱে অভিযান চলাই বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে। উল্লেখযোগ্য যে মণিপুৰৰ এটা নিষিদ্ধ সংগঠনে অপৰাধমূলক কাম-কাজ সংঘটিত কৰাৰ উদ্দেশ্যে সা-সৰঞ্জাম ক্ৰয়...

June 14, 2024 6:16 PM

আজি বিশ্ব ৰক্তদাতা দিৱস

আজি বিশ্ব ৰক্তদাতা দিৱস। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰদান কৰা বক্তব্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰক্তদান হৈছে মানুহৰ জীৱনৰ অন্যতম শ্রেষ্ঠ মহাত দান। এই দানে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰে। সেয়েহে তেওঁ ৰক্তদানৰ ইতিবাচক দিশসমূহ প্ৰচাৰ কৰি সমাজলৈ...

June 14, 2024 6:10 PM

ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় কৰ্মশালা

ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজি দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় এখন কৰ্মশালা আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱক-যুৱতীয়ে এই প্রশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত নিগমৰ অধ্যক্ষ মনোজ শ‍ইকীয়াই ভাষণ প্ৰসংগত পশুপালন বৃত্তি সাম্প্রতিক সময়ৰ এক লাভজনক বৃত...

June 14, 2024 6:07 PM

দেওবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ‘গুৱাহাটী প্ৰাণ’ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান

প্রখ্যাত সমাজকৰ্মী ধীৰেণ বৰুৱাৰ প্ৰথম মৃত্যুবার্ষিকী উপলক্ষে পৰহিলৈ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ ১০ বাজি ২০ মিনিটৰ পৰা গুৱাহাটী প্ৰাণ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ধীৰেণ বৰুৱা সাংসদ হেম বৰুৱাৰ অন্যতম সহযোগী আছিল। গুৱাহাটী তেল শোধানাগাৰ, শৰাইঘাট দলং,...

June 14, 2024 6:05 PM

খানাপাৰা কৃষি সঞ্চালকালয়ত বহনক্ষম বিকাশৰ বাবে যিকোনো জলবায়ুত বৰ্তি থাকিব পৰা উদ্যান শস্য সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্র

অসম উদ্যান শস্য পালন সমাজে আজি গুৱাহাটীৰ খানাপাৰা কৃষি সঞ্চালকালয়ত বহনক্ষম বিকাশৰ বাবে যিকোনো জলবায়ুত বৰ্তি থাকিব পৰা উদ্যান শস্য সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ এখন আলোচনা চক্র অনুষ্ঠিত হয়। উদ্যান শস্য আৰু খাদ্য সংশাধন সঞ্চালকালয়ৰ উদ্যে্যাগত কৃষি বিজ্ঞান কেন্দ্র তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয...

June 14, 2024 5:38 PM

ইটালীৰ অপুলীয়াত প্রধানমন্ত্ৰী মোডীয়ে G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ'বলগীয়া G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেল'নিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীৰ্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈ...