June 14, 2024 8:18 PM

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৩ চনৰ মাৰ্চ মাহত এই হাৰ ১.৪১ শতাংশলৈ হ্ৰাস পায়। খাদ্য সামগ্ৰীৰ উৎপাদন, খাৰুৱা পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, খনিজ তেল আদি বৃহৎ খণ্ডসমূহৰ মূল্যবৃদ্ধিয়ে, পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতিৰ বৃদ্ধ...

June 14, 2024 8:15 PM

NEET বিষয়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই চৰকাৰক তীব্র সমালোচনা

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই আজি NEET বিষয়ত চৰকাৰক তীব্র সমালোচনা কৰে। NEET পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অপব্যৱহাৰ কৰি নম্বৰ আৰু বেংকত ব্যাপক খেলিমেলি সংঘটিত কৰিছে। শ্ৰী খাৰ্গেই এটা টুইটযোগে চৰকাৰৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি ...

June 14, 2024 8:02 PM

কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ডত ৬২ টা খণ্ড নিলাম হ’ব

চৰকাৰে কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ড আৰম্ভ কৰিব। এই ৰাউণ্ডত ৬২ টা খণ্ড নিলাম কৰা হ'ব। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অহা সপ্তাহত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিব।কয়লা মন্ত্ৰালয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে ২০২০ চনত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰি...

June 14, 2024 7:59 PM

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্রী মোদীয়ে আজি বিয়লি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ শিক্ষা, জলবায়ু,...

June 14, 2024 7:55 PM

আই চি চি টি-২০ বিশ্বকাপত আজি নিশা ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ডৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ট্ৰিনিডাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত পাপুৱা নিউগিনিয়ে ১৯.৫ অভাৰত ৯৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৫.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১০১ ৰান সংগ্ৰহ কৰে। আনহাতে...

June 14, 2024 7:52 PM

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ লগতে এন এ বি চি বিৰ স্বীকৃতিসহ মান ব্যৱস্থাপনা প্রক্রিয়া আই এছ ও নাইন থাওজেণ্ড ৱান টু থাওজেণ্ড ফিফটিন প্রমাণ পত্র লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে, এন এ বি চি বি হৈছে ভাৰত চৰকাৰৰ উদ্...

June 14, 2024 7:48 PM

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনামূলক বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা পৰ্যটন মন্ত্রী জয়ন্ত মল্লই আজি পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হোৱাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ বাবে ল'বলগীয়া পদক্ষেপসূহৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে দক্ষতা, নিয়োগ...

June 14, 2024 7:42 PM

দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ ক...

June 14, 2024 7:39 PM

G-7 শীৰ্ষ সন্মিলনত কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

ইটালীৰ অপুলীয়াত অনুষ্ঠিত জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ক সাক্ষাৎ‍ কৰি প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ শিক্ষা, জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন ...

June 14, 2024 6:54 PM

মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী

প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিখনৰ বিষয়ে কৃষক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচী কেইটাত জিলা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।