June 14, 2024 12:39 PM

কাৰ্বি আংলং জিলাত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে সপ্তাহজোৰা অভিযান কাৰ্যসূচীৰ আৰম্ভ

কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আয়ুক্ত তথা জিলা টাস্ক ফ’ৰ্চ বিষয়া চন্দন বৰগোহাঁইৰ নেতৃত্বত সমগ্ৰ জিলাখনত শিশু শ্রমিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে সপ্তাহজোৰা অভিযানৰ কাৰ্যসূচীৰ আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে জিলাখনৰ বোকাজান আৰু শুকানজান বজাৰ, হাওৰাঘাট বজাৰ, খটখটী বজাৰ, চিলনীজান আৰু ডকমকা বজাৰ এলেক...

June 14, 2024 12:32 PM

অহা ৯ পৰা ১১ জুলাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষা অহা ৯ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত কৰা হ'ব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুঠ ১০টা পৰীক্ষা কেন্দ্ৰত এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তিৰ বাবে ইচ্ছ্যুক শিক্ষাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ...

June 14, 2024 12:30 PM

কুকুৰা উদ্যোগৰ বাণিজ্যিকীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ খচৰা প্ৰস্তুত

ৰাজ্য চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগে কুকুৰা উদ্যোগৰ বাণিজ্যিকীকৰণৰ বাবে এখন খচৰা প্ৰস্তুত কৰিছে। কুকুৰাৰ মাংসৰ লগতে কণী উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে স্বনিৰ্ভৰশীল হ'ব পৰাকৈ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰে এখন হাঁহ-কুকুৰা আইন প্রণয়ন কৰিবলৈ সাজু হৈছে। দিছপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান...

June 14, 2024 12:27 PM

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদ ন’ ফ্লাই জন ঘোষণা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদ সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কামৰূপ মহানগৰ জিলা দণ্ডাধিশে ন' ফ্লাই জন হিচাপে ঘোষণা কৰিছে। এই ব্যৱস্থা পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে বাহাল থাকিব।

June 14, 2024 12:37 PM

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে আৰক্ষীক মুখ্যমন্ত্ৰীৰ অভিনন্দন

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ ফলত বিগত চাৰি মাহত ৭৮ লাখতকৈও অধিক ধন অপৰাধীৰ হাতৰ পৰা ওভতাই আনিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম যোগে এই বিষয়ে প্রকাশ কৰি এই সফলতাৰ বাবে আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে। শেহতীয়াকৈ আৰক্ষীয়ে ...

June 14, 2024 12:25 PM

মাজুলীত অহা ১৬ জুনত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ আয়োজন

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ ক...

June 14, 2024 12:22 PM

NEET UG ত গ্ৰেছ নম্বৰ লাভ কৰা ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষাৰ আয়োজন

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা অর্থাৎ NEET UG ত কেন্দ্ৰই গ্ৰেছ নম্বৰ বাতিল কৰিছে। এই গ্ৰেছ নম্বৰ লাভ কৰা এহেজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষাৰ আয়োজন কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা মতে গ্ৰেছ নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে ফলাফল বাতিল কৰাৰ পি...

June 14, 2024 12:20 PM

২৪ জুনত অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন আৰু ২৬ জুনত লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্...

June 14, 2024 12:19 PM

নামৰূপত আজি মুখ্যমন্ত্রীৰ ২৫ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনৰ নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত ২৫ মেগাৱাট বিদুৎ উৎপাদনক্ষম সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অসম শক্তি উৎপাদন নিগম লিমিটডে আৰু অইল ইণ্ডিয়াৰ যৌথ উদ্যোগত আজি দিনৰ ২ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আধাৰশিলা স্থাপন কৰিব। এই অনু...

June 14, 2024 12:08 PM

বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাত দিব্যা দেশমুখৰ খিতাপ দখল

ভাৰতৰ দিব্যা দেশমুখে ছোৱালীৰ বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। গুজৰাটৰ গান্ধীনগৰত গিফ্‌ট চিটী ক্লাৱত অনুষ্ঠিত খেলত খেলুৱৈগৰাৰীয়ে বুলগেৰিয়াৰ বেলোস্লেভা ক্ৰাচস্তিভাক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। শীৰ্ষ বাছনিৰ দিব্যাই ক্ৰাচস্তিভাক দশম ৰাউণ্ডত মাত্ৰ ২৬ মিনিটত পৰাস্ত কৰে। এয়া হৈছে দিব্যাৰ...