June 17, 2024 9:09 PM

পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ; সাহায্য ঘোষণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰে'ল দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্রিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে...

June 17, 2024 9:06 PM

পশ্চিমবংগত ৰে’ল দুৰ্ঘটনাত ৰাজ্যৰ কোনো লোক হতাহতৰ তথ্য লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

পশ্চিমবংগৰ নিউ জলপাইগুৰিত সংঘটিত ৰে'ল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহতৰ তথ্য এই পৰ্যন্ত লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে যোৱাৰ বাবে ৰেলখনত অসমৰ যাত্ৰী থাকিব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কৈছে যে এই দুর্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰে'ল ...

June 17, 2024 9:03 PM

ৰাজ্যৰ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত বানৰ আশংকা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে। কালিৰেপৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। বৰষুণ অব্যাহত থাকিলে কামপুৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ আশংকাই দেখা দিছে। নগাঁও জিলা প...

June 17, 2024 9:01 PM

ৰাজ্যত অহা ২০ জুনলৈ বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, ৰেড এলাৰ্ট জাৰি

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২০ জুনলৈ ৰাজ্যখনত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামুলপুৰত মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই লগতে দক্ষিণ শালম...

June 17, 2024 8:58 PM

ৰাজ্যজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে- নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দ...

June 17, 2024 8:56 PM

নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ উদ্দেশ্যে উচ্চ পৰ্যায়ৰ বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকা, সেনাবাহিনীৰ মুৰব্বী মনোজ পাণ্ডে, সেনা বাহিনীৰ তদর্থ মুৰব্বী উপেন্দ্ৰ দ্বিবেদী আৰু...

June 17, 2024 8:54 PM

ৰাজ্যত পঞ্চায়ত নির্বাচন ই ভি এমৰ সলনি বেলট পেপাৰত অনুষ্ঠিত হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনাগত পঞ্চায়ত নির্বাচন ই ভি এমৰ সলনি বেলট পেপাৰত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৪ বা ৫ খন জিলাত পাইলট পৰ্যায়ত ই ভি এম ব্যৱহাৰ কৰা হ'ব বুলি তেওঁ কয়। এইবাৰৰ পঞ্চায়ত নিৰ্বাচন সম্পূর্ণ অৰাজনৈতিক হ'ব বুলিও তেওঁ উল্লেখ কৰে। আঞ্চলিক জিলা পৰিষদৰ নির্বাচন প্রতীক চিহ্নত অ...

June 17, 2024 8:51 PM

ৰাজ্যত ইছলামধর্মী লোকসকলৰ ঈদ-উজ-জোহা উদযাপন, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাজ্যত ইছলামধর্মী লোকসকলে আজি ধৰ্মীয় ৰীতি-নীতিৰে ঈদ-উজ-জোহা উদযাপন কৰিছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ঈদ-উজ-জোহা উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰি ত্যাগৰ এই উৎসৱে জনসাধাৰণৰ মাজত পাৰস্পৰিক সহানুভূতি, সদিচ্ছা আৰু কৃতজ্ঞতাৰ মনোভাৱ শক...

June 17, 2024 8:48 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পি এম কিষাণ আঁচনিৰ ১৭সংখ্যক কিস্তিৰ ধন কাইলৈ কৃষকক প্ৰদান কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পি এম কিষাণ আঁচনিৰ ১৭সংখ্যক কিস্তিৰ ধন দেশৰ প্ৰায় ১০ কোটি কৃষকক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। সেই উপলক্ষে উত্তৰ প্ৰদেশৰ বৰানসীত পি এম কিষাণ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনখনৰ সৈতে সংগতি ৰাখি লাইভ ৱেবকাষ্টৰ জৰিয়তে দেশৰ কেইবাটাও নিৰ্বাচিত স্থানৰ বিশেষ অনুষ্ঠানৰ আয়োজ...

June 17, 2024 8:47 PM

বান ক্ষতিগ্ৰস্ত ছিকিমৰ মংগন জিলাৰ ছুংথাঙত আবদ্ধ পৰ্যটকক উদ্ধাৰৰ কাম অব্যাহত

বান ক্ষতিগ্ৰস্ত ছিকিমৰ মংগন জিলাৰ ছুংথাঙত আবদ্ধ হৈ থকা পৰ্যটকসকলক আজি পুৱাৰে পৰা নিৰাপদে উদ্ধাৰ কৰাৰ কাম অব্যাহত আছে। জিলাখনৰ উপায়ুক্তই প্ৰকাশ কৰা অনুসৰি পৰ্যটকসকলক ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৰাজ্যৰ ৰাজধানী গেংটকলৈ পথেৰে লৈ যোৱাৰ কাম অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকক বিমানেৰে স্থানান্তৰ কৰিব পৰা...