June 17, 2024 8:44 PM

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২২সংখ্যক ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত-নাট-কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সুন্দৰৰ পূজাৰীগৰাকীৰ ১৯০৩ চনত ডিব্ৰুগড়ত তামোলবাৰী চাহ ব...

June 17, 2024 8:43 PM

প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দেশৰ পূৰ্বোত্তৰ খণ্ডৰ মুখ্য প্রশাসিকা ৰাজ যোগিনী ব্ৰহ্মকুমাৰী শীলা দিদিৰ মৃত্যু

প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দেশৰ পূৰ্বোত্তৰ খণ্ডৰ মুখ্য প্রশাসিকা ৰাজ যোগিনী ব্ৰহ্মকুমাৰী শীলা দিদিৰ আজি পুৱা আহমেদাবাদৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেওঁ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বাংলাদেশকো সামৰি কমেও দুশটা ব্ৰহ্মকুমাৰী সেৱা কেন্দ্ৰৰ লগত...

June 17, 2024 6:51 PM

আকাশবাণীত অহা ৩০ জুনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১১সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনু...

June 17, 2024 6:49 PM

আকাশবাণী বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্য্যৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্র...

June 17, 2024 6:47 PM

টি-২০ বিশ্বকাপ ক্রিকেটত নেপালক ২১ ৰানত পৰাস্ত বাংলাদেশৰ, নেডাৰলেণ্ডছৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গ্রুপ 'ডি'ৰ এখন খেলত বাংলাদেশে নেপালক ২১ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি বাংলাদেশে নেপালক জয়ৰ বাবে ১০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে যদিও নেপালে ১৯ অ'ভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৮৫ ৰানহে সংগ্ৰহ কৰে। এই জয়ৰ লগে লগে বাংলাদেশে ছুপাৰ এইট পৰ্যা...

June 17, 2024 6:46 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক’হৰাত প্ৰস্তাৱিত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক'হৰাত প্ৰস্তাৱিত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যানৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা মতে প্রায় ২০ বিঘা মাটিত নিৰ্মাণ কৰা এই উদ্যানখনত অসমৰ বনাঞ্চলসমূহত থকা অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ২০২০ চনৰ ১৬ জুলাইত তদানীন্তন মুখ্যম...

June 17, 2024 6:44 PM

দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত অহা ২০ জুনত কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱসৰ আয়োজন, প্ৰদান কৰা হ’ব ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটা

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অহা ২০ জুনত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে চলিত বছৰৰ বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুর্লভ ভট্টাচাৰ্য...

June 17, 2024 1:20 PM

উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু  মালবাহী ৰে’লৰ মাজত সংঘটিত দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু; ৩০ জন আহত

উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু এখন মালবাহী ৰে'লৰ মাজত হোৱা এটা দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক আহত হৈছে। আজি পুৱা নিউ জলপাইগুৰি ৰে'ল ষ্টেচনৰ সমীপত দুর্ঘটনাটো সংঘটিত হয়। ৰে'ল বিভাগৰ সূত্রই জনোৱা অনুসৰি মালবাহী ৰে'লখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘ...

June 17, 2024 12:52 PM

অসম সচিবালয়ত  সৌৰশক্তি প্রকল্প মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ত কালি সৌৰশক্তি প্রকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে তিনি লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰকল্পৰ জৰি...

June 17, 2024 12:49 PM

পহিলা জুলাইৰ পৰা বলৱৎ হবলগীয়া ফৌজদাৰী ন্যায় প্ৰণালীৰ তিনিখন নতুন আইনৰ বিষয়ে সজাগতা কাৰ্যসূচী

কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ উদ্যোগত কালি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্রগতিশীল পথ শীর্ষক এখন সন্মিলন অনুষ্ঠিত হয়। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে এই সন্মিলন উদ্বোধন কৰি কয় যে, নতুনকৈ কাৰ্যকৰী হবলগীয়া ৩ খন আইনে ভাৰতক ঔপনিবেশিক চিন্তাচৰ্চাৰ পৰা মু...