June 18, 2024 12:49 PM

আই চি চি টি-টুৱেন্টি বিশ্বকাপত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ জয়লাভ

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কালি সন্ধিয়া ত্রিনিদাদৰ ব্ৰায়েন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউ গিনিক ৭ উইকেটত পৰাজিত কৰে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লৈ পাপুৱা নিউ গিনিক ১৯ অভাৰ আৰু ৪টা বলত ৭৮ ৰানতেই সীমিত কৰে। নিউজিলেণ্ডৰ হৈ...

June 18, 2024 11:52 AM

দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি উত্তৰ প্ৰদেশ, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, হিমাচল প্রদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত গ্ৰীষ্ম প্ৰৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগত...

June 18, 2024 11:48 AM

অহা ৩০ জুনত আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড । প্রধানমন্ত্ৰীয়ে এই ...

June 18, 2024 11:44 AM

পশ্চিম বংগৰ পৰিবহণ বিভাগৰ বিশেষ বাছ সেৱাৰ ব্যৱস্থা

দুৰ্ঘটনাগ্রস্ত আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলক গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে পশ্চিম বংগৰ পৰিবহণ বিভাগে বিশেষ বাছ সেৱাৰ ব্যৱস্থা কৰিছে। শিয়ালদহ ষ্টেচনত ইতিমধ্যে যাত্ৰীসকলৰ এটা শিবিৰ স্থাপন কৰা হৈছে। পশ্চিম বংগৰ পৰিবহণ মন্ত্রী স্নেহাশিষ চক্ৰৱৰ্তী, কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম আৰু পৰিবহণ...

June 18, 2024 11:37 AM

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ

কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিছে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি শ্রীচৌহানে কয় যে, কেইবা দশক পূৰ্বে বুধনীৰ পৰাই তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সদায় ইয়াৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াই যাব। বিজেপিৰ জ্...

June 18, 2024 11:26 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব। তাত তেওঁ দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ কৃষকলৈ পি এম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ২০ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ অন্তৰ জয় কৰা প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সমগ্ৰ কাশী চহৰখন...

June 17, 2024 9:18 PM

দেশত ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা উদযাপন; ৰাষ্ট্ৰপতি-উপৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশতে ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱাৰ ভাগতে মছজিদ আৰু ঈদগাহসমূহত নামাজ পঢ়াৰ লগতে ইজনে সিজনক ঈদ শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ, ফতেহপুৰ মছজিদ আৰু শ্...

June 17, 2024 9:16 PM

নতুন দিল্লীত ড০ এছ জয়শংকৰ-অজিত দোভালৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক চুলিভানৰ বৈঠক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক চুলিভানে আজি নতুন দিল্লীত কেন্দ্রীয় বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ সৈতে বৈঠকত মিলিত হয়। বিদেশ মন্ত্রী ড° জয়শংকৰে জানিবলৈ দিয়া অনুসৰি আজিৰ বৈঠকত দুয়োপক্ষৰ মাজত দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বহ...

June 17, 2024 9:12 PM

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত ৭৭খন ছবিৰ প্রতিদ্বন্দ্বিতা

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ)ৰ ১৮সংখ্যক সংস্কৰণত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত ৭৭খন ছবিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অভিলেখসংখ্যক ৮৪০খন চিনেমাই অংশগ্রহণ কৰিছে। নতুন পৰিচালকৰ ৩০খন উল্লেখযোগ্য ছবি আৰু ছাত্ৰৰ দ্বাৰা পৰিচালিত ১২খন চিনেমায়ো প্রতিযোগীসকলৰ...

June 17, 2024 9:11 PM

পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু, ৪১জন লোক আহত

পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত আজি পুৱা সংঘটিত ৰে’ল দুৰ্ঘটনাত দুগৰাকী ৰে’ল কৰ্মচাৰীসহ ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪১জন লোক আহত হয়। নিউ জলপাইগুৰিৰ ৰে'ল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ৰে'ল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি ...