July 1, 2024 6:51 PM

নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদীৰ সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ

নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে আজি পৰৱৰ্তী সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে৷ দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত জেনেৰেল দ্বিবেদীয়ে মাল্যাৰ্পণ কৰাৰ লগতে কৰ্তব্যত থকাৰ সময়ত প্রাণ আহুতি দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জেনেৰে...

July 1, 2024 6:50 PM

পশ্চিমবংগত অসামাজিক কাম-কাজ বৃদ্ধি হৈছে বুলি শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি পশ্চিমবংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা কৰি কয় যে ৰাজ্যখনত অসামাজিক কাম-কাজ বৃদ্ধি হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই তৃণমূল কংগ্ৰেছৰ মুৰব্বী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে সংবিধান আৰু ইয়াৰ মূল্যক বিশ্বা...

July 1, 2024 6:47 PM

আইচিচি টি২০ বিশ্বকাপ জয়ী ভাৰতীয় দললৈ বিচিচিআইৰ ১২৫ কোটি টকা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ বর্ডে আইচিচি-টি-টুৱেণ্টী বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ ১২৫ কোটি টকাৰ প্ৰাইজমানী ঘোষণা কৰিছে। শনিবাৰৰ নিশা কেনচিংটন অ’ভেলত ভাৰতৰ ঐতিহাসিক জয়ৰ পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কয় যে ভাৰতীয় দলে সমগ্র টুৰ্ন...

July 1, 2024 12:47 PM

আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ

ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটৰ ঘোষণা অনুসৰি স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত হস্ততাঁত উৎপাদিত সামগ্রী ক্রয় কৰিব বিচাৰে তেওঁলোকৰ বাবে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। এই আঁচনিৰ অধীনত...

July 1, 2024 12:46 PM

ৰাজ্যৰ শেহতীয়া বানত ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বান পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানত কালি দুজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪লৈ বৃদ্ধি পাইছে। আনহাতে, ব্ৰহ্মপুত্ৰকে ধৰি পাঁচখন নৈ বিপদ সীমাৰ ওপৰেৰে ব...

July 1, 2024 12:42 PM

views 1

উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে এই খণ্ড কেইটাত অ'ৰেঞ্জ আৰু ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগে হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডিগড়, পূব ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বে...

July 1, 2024 12:41 PM

আকাশবাণীৰ পাৱলিক স্পীকত আজি প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ন বজাত প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত গ্রামীন বিকাশ মন্ত্ৰ্যালয়ৰ উপসঞ্চালক প্ৰধান গয়া প্ৰসাদ আৰু গৃহনির্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব কুলদীপ নাৰায়ণৰ সৈতে হোৱা এটি আলো...

July 1, 2024 12:39 PM

আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আজি বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আলোচনাচক্ৰত নেডফিৰ কাৰ্যবাহী সঞ্চালক এছ কে...

July 1, 2024 12:37 PM

ড’হাত কাটাৰৰ প্রধানমন্ত্ৰীক সাক্ষাৎ ডº এছ জয়শংকৰৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰে কালি ড'হাত কাটাৰৰ প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্রী মহম্মদ বিন- আব্দুল ৰহমান বিন জাচিম অল থানিক সাক্ষাৎ কৰে। ডº জয়শংকৰে প্ৰধানমন্ত্ৰী অল থানি আৰু কাটাৰৰ আমিৰক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰে। তেওঁলোকে ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি...

July 1, 2024 12:35 PM

লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশৰ বাবে দেশৰ জনসাধাৰণক প্রধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ধন্যবাদ জনাইছে। সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰথমটো আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি ৰাষ্ট্ৰক উদ্দেশ্যি শ্রীমোদীয়ে কয় যে, চলিত বৰ্ষৰ সাধাৰণ নির্বাচন বিশ্বৰ সৰ্ববৃহৎ নিৰ্...