July 1, 2024 12:31 PM

আজিৰে পৰা সমগ্র দেশজুৰি তিনিখন নতুন ফৌজদাৰী আইন বলবৎ

সমগ্র দেশজুৰি আজিৰে পৰা তিনিখন নতুন ফৌজদাৰী আইন ক্রমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুন আইন কেইখন বলবৎ হ'ব। ভাৰত চৰকাৰে এই পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু সকলোৱে এই নতুন ফৌজদাৰী আইন...

June 30, 2024 7:53 PM

ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ প্ৰতিযোগিতাৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত জ্যোতি য়াৰৰাজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ জ্যোতি য়াৰৰাজীয়ে আজি পঞ্চকুলাত আয়োজিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ প্ৰতিযোগিতাৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত সোণৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে ১৩ মিনিট ৬ ছেকেণ্ডত নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰে। আনহাতে পুৰুষৰ ১১০ মিটাৰ হাৰ্ডলছত তেজছ শীর্ষে ১৩ মিনিট ৫৪ ছেকেণ্ডত নিৰ্দিষ্ট দূৰত্ব অতি...

June 30, 2024 7:50 PM

সোমবাৰে পাব্লিক স্পীকত প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯.৩০ বজাত প্রধানমন্ত্রী আবাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত গ্রামীন বিকাশ মন্ত্ৰ্যালয়ৰ উপসঞ্চালক প্ৰধান গয়া প্ৰসাদ আৰু গৃহনির্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব কুলদীপ নাৰায়ণৰ সৈতে হোৱা এটি আল...

June 30, 2024 7:48 PM

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত অভিযুক্তক চি বি আইৰ জেৰা

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে আজি নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা অভিযোগ সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ বিউৰ মুখ্য কাৰাগাৰত জেৰা কৰে। এই সন্দৰ্ভত সংস্থাটোৱে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে জেৰা অব্যাহত ৰাখে। উল্লেখযোগ্য যে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত চি বি আয়ে এতিয়...

June 30, 2024 7:44 PM

দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ দায়িত্ব গ্ৰহণ

জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি নতুন দিল্লীত দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে, ১৯৬৪ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিছিল। ৪০ বছৰীয়া এই অভিজ্ঞতাপুষ্ট সময়ছোৱাত তেওঁ সেনাবাহিনীৰ বিভিন্ন পদত...

June 30, 2024 7:40 PM

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ তিনিখন গ্ৰন্থ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্ম সামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰে। শ্ৰীনাইডুৰ ৭৫ বছৰীয়া জন্মদিনৰ সৈতে সংগতি ৰাখি এই গ্রন্থ তিনিখন উন্মোচন কৰা হয়। হায়দৰাবাদৰ গাছিবউলিৰ অন্বয়া প্ৰক্ষাগৃহত এই উপলক্ষে বিশেষ অ...

June 30, 2024 7:23 PM

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মহিলা টেষ্ট ক্রিকেটত দক্ষিণ আফ্রিকা দ্বিতীয় ইনিংচত ১০৫ ৰানত পিছপৰি আছে

চেন্নাইত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মহিলা টেষ্ট ক্রিকেটৰ আজি তৃতীয় দিনাৰ খেলৰ অন্তত দক্ষিণ আফ্রিকা দ্বিতীয় ইনিংচত ১০৫ ৰানত পিছপৰি আছে। উল্লেখযোগ্য যে খেলখনত ভাৰতে টচত জিকি প্রথমে বেট ধৰি ৬ উইকেটৰ বিনিময়ত ৬০৩ ৰান কৰি প্ৰথম ইনিংচ ঘোষণা কৰে। ভাৰতৰ হৈ শেফালি বাৰ্মাই ২০৫ ৰান আৰু স্মৃতি মান...

June 30, 2024 7:05 PM

ৰাজ্যৰ ৭ খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত, প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৭খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত পৰিছে। তথ্য অনুসৰি বানত প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰৰ জলন্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অঞ্চল বানত বুৰ গৈছে। কঁহৰা বনাঞ্চলৰ আমিৰা আৰু ...

June 30, 2024 7:01 PM

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিঃ স্বাস্থ্য বিভাগ

চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়চোৱাত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা আগবঢ়াব নোৱাৰিব বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক...

June 30, 2024 6:55 PM

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাৰ  গোলাঘাটৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাই আজি গোলাঘাটৰ তেতেলীতলৰ হাঁহচ'ৰা পথাৰৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। তেওঁ হোজাই, নগাওঁ জিলাৰ কামপুৰ আৰু বৰাক উপত্যকাত মথাউৰি নিৰ্মাণৰ কাম কৰিবলগীয়া আছে বুলি উল্লেখ কৰে। ইয়াৰপূৰ্বে তেওঁ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লো...