July 1, 2024 9:05 PM

চিকিৎসক দিৱস, চার্টার্ড একাউণ্টেণ্ট দিৱস উপলক্ষে চিকিৎসক আৰু চার্টার্ড একাউণ্টেণ্টসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

আজি চিকিৎসক দিবস আৰু চার্টার্ড একাউণ্টেণ্ট দিবস। এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো চিকিৎসক আৰু চার্টার্ড একাউণ্টেণ্টসকলক সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। শ্রীমোদীয়ে কয় যে, এই দিৱসত দেশৰ স্বাস্থ্যসেৱাৰ নায়কসকলৰ একাগ্ৰতা আৰু সহানুভূতিক সন্মান জনোৱা হয়। লগতে চিকিৎসকলে সকলো প্ৰত...

July 1, 2024 9:04 PM

তুৰ্কীৰ ইজমিৰৰ পশ্চিম প্ৰান্তত প্রাকৃতিক গেছ বিস্ফোৰণত বৰ্তমানলৈ ৫জন লোকৰ মৃত্যু

তুৰ্কীৰ ইজমিৰৰ পশ্চিম প্ৰান্তত প্রাকৃতিক গেছ বিস্ফোৰণৰ ফলত বৰ্তমানলৈ ৫জনৰ মৃত্যু হোৱাৰ লগতে কমেও ৬০জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত ১০জনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। যোৱাকালিৰ দিনটোত টৰবালি জিলাৰ এটা অট্টালিকাৰ তলৰ মহলত বিস্ফোৰণ সংঘটিত হৈছিল।

July 1, 2024 9:02 PM

চেন্নাইত অনুষ্ঠিত টেষ্ট মেচত দক্ষিণ আফ্ৰিকাক ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ১০ উইকেটত পৰাস্ত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত কৰে। প্রথম ইনিংছত ভাৰতে চমকপ্ৰদ বেটিঙেৰে ৬টা উইকেটৰ বিনিময়ত ৬০৩ ৰান কৰি ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ হৈ প্রথম ইনিংছত শেফালী বাৰ্মাই প্ৰথমবাৰৰ বাবে দ্বিশতক আৰু স্মৃতি মান্ধানাই শতক অৰ্জন ...

July 1, 2024 9:01 PM

ৰাজ্যত শেহতীয়া বানত ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত, ফোনযোগে বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানত ৰাজ্যৰ ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বছৰৰ দ্বিতীয়টো বান সন্দৰ্ভত পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে ইতিমধ্যে গ্ৰহণ ...

July 1, 2024 8:57 PM

দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৌজন্যমূলক সাক্ষাৎ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰে।

July 1, 2024 8:56 PM

তেজপুৰত ৰাজ্যৰ কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাৰ্তালাপ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক লৈ গঠিত কেবিনেট সমিতিয়ে আজি তেজপুৰ অভিৱৰ্তন কেন্দ্ৰত সামগ্রী আৰু সেৱাকৰ বিষয়ত মধ্য অসমৰ কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাসমূহৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে। ৰ...

July 1, 2024 8:53 PM

চিকিৎসক দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত চিকিৎসা সজাগতা শিবিৰ, আলোচনাচক্ৰ

আজি চিকিৎসক দিৱস। এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত চিকিৎসা সজাগতা শিবিৰ, আলোচনাচক্ৰ আদি অনুষ্ঠিত হৈছে। যোৰহাট আৰক্ষী প্ৰশাসনৰ উদ্যোগতো যোৰহাট ডক্টৰ্ছ ক্লাবৰ সহযোগত আজি চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত জীৱনশৈলীজনিত ৰোগ যেনে উচ্চ ৰক্তচাপ, মধুমেহ, উদ্বিগ্নতা আদিৰ প্ৰতি সজাগতা আনিবলৈ চেষ্টা চলোৱাৰ ...

July 1, 2024 8:52 PM

পৃথিৱীক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে আজিৰ পৰা দেশজুৰি বন মহোৎসৱ সপ্তাহ আৰম্ভ

পৃথিৱীখনক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে আজিৰে পৰা দেশজুৰি বন মহোৎসৱ সপ্তাহ অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় বন নীতি, ১৯৮৮ত উল্লেখ কৰা মতে কোনো এটা ভৌগোলিক অঞ্চলৰ মুঠ মাটিকালিৰ ৩৩ শতাংশ বনাঞ্চল থকাটো অতি জৰুৰী। কিন্তু ইণ্ডিয়া ষ্টেট অব্ ফৰেষ্ট ৰিপ'ৰ্টে প্ৰকাশ কৰা তথ্য মতে অৰণ্যাঞ্চলৰ ক্ষেত্ৰত আমাৰ দেশ...

July 1, 2024 6:54 PM

শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বর্ষীয়ান নেতা আৰ সম্পথানৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বর্ষীয়ান নেতা তথা ৰাজনীতিবিদ আৰ সম্পথানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে প্রয়াত সম্পথানৰ সৈতে হোৱা তেওঁৰ সাক্ষাৎ সদায় মনত থাকিব। তেওঁ কয় যে প্রয়াত সম্পথানে শ্ৰীলংকাৰ তামিল জন...

July 1, 2024 6:53 PM

দেশত আজিৰ পৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎ

দেশত আজিৰ পৰা তিনিখন নতুন ফৌজদাৰী আইন ক্রমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎ হয়। কেন্দ্ৰীয় চৰকাৰে এই পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু সকলোৱে এই নতুন ফৌজদাৰী আইন কেইখন ৰূপায়ন কৰাৰ ক্ষেত্...