July 2, 2024 7:54 PM

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলে বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰে

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ দলে গোপন সূত্ৰৰ পম খেদি বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই আজি ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰিছে। জব্দ কৰা চিগাৰেটখিনিৰ বজাৰ মূল্য ৩০ লাখ ৭৯ হাজাৰ টকা হ'ব বুলি অনুমান কৰা হৈছে। শুল্ক বিভাগে প্ৰকাশ কৰা মতে চিগাৰেটখিনি প্রতিষ্ঠানটোৰ পুৰণি আলমিৰা, ৱাশ্বিং মেচিন আৰু এটা...

July 2, 2024 7:50 PM

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমছমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবা মিটাৰ অংশ খ...

July 2, 2024 7:47 PM

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সোমবাৰৰ পৰা দেশত ৩ খন নতুন আইন বলবৎ

দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীর্ষক এই আইন কেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্রহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্বৰ সঞ্চাৰ কৰি সমগ্ৰ প্ৰ...

July 2, 2024 7:44 PM

এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ প্রধানমন্ত্ৰী মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। নতুন চৰকাৰ গঠন হোৱাৰ পাছত এন ডি এৰ সংসদীয় দলৰ প্ৰথমলানি বৈঠকক সম্বোধন কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ...

July 2, 2024 7:52 PM

কাইলৈ আৰম্ভ হ’বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে...

July 2, 2024 7:09 PM

উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক...

July 2, 2024 7:02 PM

দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন আপৰ সাংসদ স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ সাংসদ স্বাতী মালিৱালে দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা এখন পত্ৰত শ্ৰীমতী মালিৱালে কয় যে তেওঁ আয়োগৰ নেতৃত্ব দিয়া সময়ছোৱাত নিৰ্মিত ব্যৱস্থাসমূহ চৰকাৰে ধ্বংস কৰিছে। তেওঁ আয়োগৰ কৰ্মচাৰীৰ অনাদ...

July 2, 2024 6:59 PM

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক কৰা হয়। ইয়াৰে ৪ জন লাটেহাৰ জিলাৰ ঘন জংঘলত, আন এজন ৰাঁচী আৰু খুন্তি জিলাৰ পৰা আটক কৰা হৈছে। ধৃত মাওবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্র, গোলা-বাৰুদ আপত্তিজনক সাহিত্য আদি জব্দ কৰা হৈছে। অন্যহাতে, এজন মাওবাদীয়ে ৰাঁচী আৰক্ষীৰ ওচৰত আত্মসমৰ...

July 2, 2024 6:57 PM

১৫ জুলাইলৈকে ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল থাইলেণ্ডলৈ ৰাওনা

থাইলেণ্ডৰ টাক্ প্ৰদেশৰ ফ'ৰ্ট বাচিৰাপ্ৰকানত চলিত মাহৰ পহিলা তাৰিখৰ পৰা অহা ১৫ জুলাইলৈ অনুষ্ঠিত হোৱা ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ত্ৰয়োদশ সংস্কৰণ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল দেশখনলৈ কালি ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে ৭৬ জন জোৱানক লৈ ভাৰতীয় সেনা ...

July 2, 2024 6:44 PM

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দল

শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দলটোৱে অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাব’ৱেৰ বিৰুদ্ধে হ'বলগীয়া পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা হৈছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব। সদ্য সমাপ্ত টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা তথা...