July 2, 2024 6:35 PM

views 1

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয়, বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্রলয়ংকৰী বানত ৰাজ্যৰ ২০খন জিলাৰ ৬ লাখ ৪০ হাজাৰতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানত পৰি ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পালে। আনহাতে, গোলাঘাট জিলাৰ এজন...

July 2, 2024 6:27 PM

দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সমৰ্থনেৰে লোকসভা নিৰ্বাচনত বিজেপিক পুনৰবাৰ শাসনাধিস্থ কৰোৱাইছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক...

July 2, 2024 1:14 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচক্র অনুষ্ঠিত

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। আকাশবাণীৰ উত্তৰ- পূবৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান আৰম্ভ কৰে। ভাষণ প্ৰসংগত শ্রীভাটনাগৰে কয় যে আকা...

July 2, 2024 1:12 PM

শিক্ষা সেতু এপৰ গুণগত মান পৰীক্ষা কৰিবলৈ তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠন

ৰাজ্যৰ বিদ্যালয়, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ তথ্য সম্বলিত শিক্ষা সেতু এপৰ গুণগত মান পৰীক্ষা কৰিবলৈ চৰকাৰে কালি তিনিজনীয়া বিশেষজ্ঞ সমিতি এখন গঠন কৰিছে। গুৱাহাটী আই আই টিৰ ডীন অধ্যাপক পৰমেশ্বৰ আয়াৰ, গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অব ইনফর্মেছন টেকন'ল'জীৰ সঞ্চালক অধ্যাপক শৰৎ কুমাৰ পাত্ৰ আৰু কটন বিশ্ববিদ...

July 2, 2024 1:10 PM

ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন

ভাৰতীয় সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে। বিত্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ সদস্য হিচাপে থকা এই সমিতিখন...

July 2, 2024 1:08 PM

কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ঘোষণা

ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আভ্যন্তৰীণ জল পৰিবহন বিভাগে কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে। ফেৰী ঘাটৰ ৰেমসমূহ মেৰামটি নকৰা পৰ্যন্ত তথা জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পাই থাকিলে পুনৰ নির্দেশ নিদিয়া পর্যন্ত এই ...

July 2, 2024 1:06 PM

ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্য মুখ্যমন্ত্ৰী আজি গোলাঘাটলৈ ৰাওনা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটলৈ যাব। জিলা তথ্য আৰু জনসংযোগ বিভাগে প্রকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ বংকোৱাল মথাউৰি আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰ...

July 2, 2024 1:03 PM

প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ এহেজাৰ ২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-...

July 2, 2024 1:01 PM

অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাবুৱেৰ বিৰুদ্ধে পাঁচখনীয়া টি-টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতৰ অংশগ্ৰহণ

ভাৰতৰ পুৰুষ ক্রিকেট দলটো অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাবুৱেৰ বিৰুদ্ধে হ'বলগীয়া পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব। ঘৰুৱা দলটোৱেও শৃংখলাৰ বাবে ১৭ জনীয়া দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। জ্যেষ্...

July 2, 2024 12:59 PM

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত চলিত বৰ্ষৰ উইম্বলডন টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত কালিৰে পৰা চলিত বৰ্ষৰ উইম্বলডন টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ শীৰ্ষ বাছনিপ্ৰাপ্ত খেলুৱৈ ইটালীৰ জেনিক চিনাৰে প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ য়ান্নিক হাফমেনক ৬-৩, ৬-৪, ৩-৬, ৬-৩ ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ইয়াৰ পূৰ্বে প্ৰথম ৰাউণ্ডত নৰৱে...