July 3, 2024 12:50 PM

তুৰস্ক ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্রৱেশ

তুৰস্কই যোৱা নিশা জাৰ্মানীত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াক ২-১ গ'লত পৰাস্ত কৰি ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্রবেশ কৰে। তুৰস্কৰ ডিফেণ্ডাৰ মেৰিহ ডেমিৰলে খেল আৰম্ভ হোৱাৰ মাত্ৰ ৫৭ ছেকেণ্ড পাছতে প্ৰথমটো গ'ল দিয়ে। ইয়াৰ লগে লগে ডেমিৰলে ইউৰোপীয় চেম্পিয়নশ্বিপৰ নক-আউট পৰ্যায়ৰ ইতিহাসত দ্ৰ...

July 3, 2024 12:48 PM

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ ধৰ্মীয় সমাবেশত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৬লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এখন গাঁৱৰ এটা ধৰ্মীয় সমাবেশত কালি সংঘটিত হেঁচা-ঠেলাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৬লৈ বৃদ্ধি পাইছে। ফুলৰাই গাঁৱৰ ভোলেবাবা সৎসঙ্গত এই ঘটনা সংঘটিত হয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ভক্তসকলে অনুষ্ঠান শেষ হোৱাৰ পাছত ভোলেবাবাৰ দৰ্শনৰ বাবে হেতা-ওপৰা কৰাৰ সময়ত এই অঘটন ঘটে।...

July 3, 2024 12:45 PM

চৰকাৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয় লৈ যথেষ্ট উদ্বীগ্ন আৰু দোষীসকলক ৰেহাই দিয়া নহ’ব বুলি লোকসভাত আশ্বাস প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লোকসভাক এইবুলি আশ্বাস দিয়ে যে চৰকাৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয় লৈ যথেষ্ট উদ্বীগ্ন আৰু দোষীসকলক ৰেহাই দিয়া নহ'ব। তেওঁ কয় যে এই সন্দৰ্ভত যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে। সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া অভিভাষণৰ প্ৰতি ধন্যবাদসূ...

July 3, 2024 12:43 PM

লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনির্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনির্দিষ্ট কাললৈ স্থগিত ৰখা হয়। নিম্ন সদনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই এই কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয় যে অধিবেশনৰ সময়ছোৱাত ১০৩ শতাংশ কার্য সম্পন্ন হয়। তেওঁ ...

July 2, 2024 8:39 PM

ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজৰ জাননী

বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজে আজি লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত এখন জাননী দিয়ে। সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছৰ আজি সাংসদগৰাকীয়ে জাননী দিয়াৰ লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত বহ...

July 2, 2024 8:34 PM

কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰিব। এই দুদিনীয়া সন্মিলনত কৃত্রিম বুদ্ধিমত্তা প্রয়োগ, নিৰীক্ষণ আৰু প্ৰতিভাত উদগণি তথা কৃত্রিম বুদ্ধিমত্তা খণ্ডত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ'ব। মন্...

July 2, 2024 8:32 PM

উত্তৰ প্ৰদেশৰ হাথৰছত ধৰ্মীয় সমাবেশত হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ২৭জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এখন গাঁৱৰ এটা ধৰ্মীয় সমাবেশত আজি হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ২৭জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ভালেসংখ্যক লোক আহত হয়। এটাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিঙে কৈছে যে পুলৰাই গাঁৱত এটা সৎসঙ্গ অনুষ্ঠানত এই ঘটনা সংঘটিত হয়। অতিপাত ভিৰৰ বাবে হেঁচা-ঠেলাৰ ঘটনা সংঘটিত হোৱা বুলি কোৱা...

July 2, 2024 8:26 PM

অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা

অনির্দিষ্ট কাললৈ স্থগিত লোকসভাৰ কাৰ্যক্ৰমণিকা লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্ন সদনত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। তেওঁ কয় যে জনসাধাৰণে লোকসভা নিৰ্বাচন...

July 2, 2024 8:04 PM

গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত

অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ উদ্যোগত আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসক বিদুৎ বিকাশ চৌধুৰী আৰু কেইবাগৰাকীও চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়। তদুপৰি জ্য...

July 2, 2024 8:02 PM

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন

গ্রীষ্ম বন্ধৰ সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে ফলপ্রসূ কৰি তোলাৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক উৎকর্ষ সাধনৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তা বিকাশত গুৰুত্ব আৰোপ কৰি বিভাগে এই ব্যৱস্থ...