July 3, 2024 1:12 PM

ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ স্ব-মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ জুলাই

শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষাৰ সাক্ষৰতা বিভাগে প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত শিক্ষক দিৱস উপলক্ষে প্ৰদান কৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে এই বছৰো যোগ্য শিক্ষকৰ পৰা অনলাইন যোগে স্ব-মনোনয়ন বিচৰা হৈছে। অহা ২৭ জুনৰ পৰা শিক্ষা মন্ত্ৰ্যালয়ৰ পোৰ্টেলৰ জৰিয়তে যোগ্য শিক্ষকসকলে স্ব-মনোনয়ন দাখিল কৰিব পাৰিব।...

July 3, 2024 1:09 PM

থেলাচেমিয়া ৰোগত আক্ৰান্ত লোকসকলৰ বাবে অসম চৰকাৰৰ ৩টা বিষয়ত গুৰুত্ব আৰোপ

অসম চৰকাৰে থেলাচেমিয়া ৰোগত আক্ৰান্ত লোকসকলক সকাহ দিয়াৰ বাবে ২০২২ চনত গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত সম্প্ৰতি ৩টা প্রধান বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ অধীনত প্ৰতি মাহে প্রয়োজনীয় ৰক্ত উপলব্ধ কৰাৰ উপৰি ১৪ বছৰৰ তলৰ থেলাচেমিয়া ৰোগীৰ অভিভাৱকক বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এনে ৰোগীৰ অভ...

July 3, 2024 1:08 PM

অচিৰেই বিভিন্ন জিলাত ৩৫টা ডায়েলাইছিচ কেন্দ্ৰ স্থাপন ৰাজ্য চৰকাৰৰ

বৃক্ক ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন চিকিৎসাৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই বিভিন্ন জিলাত ৩৫টা ডায়েলাইছিচ কেন্দ্ৰ স্থাপন কৰিব। সমগ্ৰ ৰাজ্যতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ স্বৰূপে এই পদক্ষেপ ...

July 3, 2024 1:06 PM

ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে ন...

July 3, 2024 1:05 PM

অসম, মেঘালয় আৰু উত্তৰাখণ্ডৰ ৰাজ্য কেইখনত ৰেড এলার্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম, মেঘালয় আৰু উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ আগজাননীৰে ৰাজ্য কেইখনত ৰেড এলার্ট জাৰি কৰিছে। কেন্দ্ৰটোৱে হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অহা তিনি-চাৰিদিনলৈ ধাৰাসাৰ বৰষুণ হ'ব বুলিও সম্ভাৱনা ব্যক্ত ক...

July 3, 2024 1:03 PM

দিছপুৰত আজি ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক

ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক আজি দিছপুৰত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বন্যার্ত কৃষকক কঠিয়া যোগান, বানত ক্ষতি হোৱা গৃহৰ মেৰামতি, ক্ষতিগ্ৰস্ত বাট-পথৰ মেৰামতিকে ধৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে বৈঠকত আলোচনা কৰা হ'ব। মুখ্যমন্ত্রীয...

July 3, 2024 12:59 PM

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বাতিল

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ফেৰীঘাটসমূহ কালি পানীত বুৰ যায়। ফাঁচী বজাৰত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু কাল...

July 3, 2024 12:57 PM

সাম্প্ৰতিক বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ সংকট

সাম্প্ৰতিক বানে ৰাজ্যৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ সংকট কঢ়িয়াই আনিছে। ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ লগতে মানস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত পৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ২২৩টা বন শিৱিৰৰ ১৬৩টা জলমগ্ন হৈ থকাৰ লগতে বানৰ বাবে উদ্যানৰ অন্তৰ্ভাগৰ ৯টা বন শিৱিৰৰ বন...

July 3, 2024 12:54 PM

ৰাজ্যৰ বান পৰিস্থিতিৰৰ ক্ৰমাৎ জটিল ৰূপ ধাৰণ

ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বৰ্তমানলৈ বানৰ কবলত পৰিছে। আনহাতে এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ ৪২ হাজাৰ ৪৭৬ হেক্টৰ কৃষি ভ...

July 3, 2024 12:52 PM

নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গ্লোবেল ইণ্ডিয়া এ-আই শীর্ষ সন্মিলন ২০২৪ মুকলি কৰে। এই দুদিনীয়া সন্মিলনত কৃত্রিম বুদ্ধিমত্তা প্রয়োগ, নিৰীক্ষণ আৰু প্ৰতিভাত উদগণি তথা কৃত্রিম বুদ্ধিমত্তা খণ্ডত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ'ব। মন্ত্র...