July 10, 2024 2:49 PM

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালকে আজি এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত তেওঁ কয় যে ইয়াৰ পূৰ্বে যোৱা ৪ জুলাইত এই সন্দৰ্ভত জাৰি কৰা সংশ...

July 10, 2024 2:42 PM

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত আজি পুৱা কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোক গুৰুতৰভাৱে আহত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই...

July 10, 2024 2:38 PM

ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে শ্রী নেহাম্মেৰক ধন্যবাদ জনোৱাৰ লগতে অনাগত সময়ত ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশ...

July 10, 2024 1:02 PM

তিনিখনীয়া টি-২০ শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত ভাৰতীয় মহিলা ক্রিকেট দলৰ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ ক্রিকেট শংখলাৰ তিনিখনীয়া তৃতীয় তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত কৰে। ভাৰতে ৮৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১০ অভাৰ আৰু ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এই জয়েৰে ভাৰতে...

July 10, 2024 12:44 PM

যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই-চি-চিয়ে ভাৰতীয় বেগী বলাৰ যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা কৰিছে। যশপ্রীত বুমৰাহে সদ্যসমাপ্ত টি- ২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৮খন খেলত ১৫টা উইকেট দখল কৰিছিল। খেলুৱৈগৰাকী প্লেয়াৰ অব দ্য টুর্ণামেন্ট হিচাপেও ঘোষণা কৰা...

July 10, 2024 12:40 PM

গৌতম গম্ভীৰক ভাৰতীয় পুৰুষ দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি-চি-চি-আয়ে প্রাক্তন খেলুৱৈ তথা বিশ্বকাপ বিজেতা গৌতম গম্ভীৰক পুৰুষ দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিছে। বি-চি-চি-আইৰ সম্পাদক জয় শ্বাহে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। শ্ৰীগম্ভীৰে মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্রাবিড়ৰ ঠাই ল'ব।

July 10, 2024 12:36 PM

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক জন কল্যাণৰ ভিত্তিত ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ প্ৰধান উপদেষ...

July 10, 2024 12:33 PM

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গুণগত সংস্কাৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাচক্রত ভার্চুৱেল মাধ্যমেৰে দিয়া ভাষণত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ ...

July 10, 2024 12:30 PM

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, ধ্রুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু ম...

July 10, 2024 12:24 PM

ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্ৰান্সক ২-১ গলত পৰাস্ত স্পেইনৰ

জাৰ্মানীৰ মিউনিখৰ আলিয়ান্স এৰেনাত যোৱা নিশা অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত স্পেইনে ফ্ৰান্সক ২-১ গলত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কলো মুৱানীয়ে খেলৰ প্ৰথমাৰ্ধত দলটোৰ হৈ একমাত্ৰ গ'লটো দিয়ে। স্পেইনৰ হৈ লেমিন য়ামল আৰু জুলচ কোন্দে দুটা গ'ল দিয়ে। বি ভি বি ষ্টেডিয়ন ডর্টমুণ্ডত হ'বলগীয়া দ...