July 10, 2024 7:33 PM

সাম্প্ৰতিক বানত ৰাজ্যখনৰ ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যখনৰ ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৯০টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ...

July 10, 2024 7:27 PM

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম মন্ত্ৰীসভাৰ বৈঠকে আজি ২০১৬–১৭ চনত ৰাজ্য চৰকাৰে আৰম্ভ কৰা আপোন ঘৰ আঁচনিৰ অধীনত প্ৰদান কৰা ঋণৰ পৰিমাণৰ ৩০ লাখ টকালৈ বৃদ্ধি কৰিছে। এই আঁচনিৰ অধীনত ৩৭ হাজাৰ ২৭৭ গৰাকী কৰ্মচাৰীয়ে ঋণ লৈছে। দিছপুৰত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তে...

July 10, 2024 7:14 PM

শিৱসাগৰত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত

শিৱসাগৰ জিলাত এনকেফেলাইটিছ সদৃশ ৰোগত ২৫ জন লোক আক্ৰান্ত হৈছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ভিতৰত ১২ জন জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৩ জন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত ঔষধ ছটিওৱাৰ ...

July 10, 2024 7:11 PM

ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে নিযুক্তি সমাবেশৰ আয়োজন

যোৰহাট জিলাৰ সেনা নিযুক্তি কাৰ্যালয়ে ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে অহা ১৫ জুলাইৰ পৰা ২০ জুলাইলৈ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলাৰ বাছনিভুক্ত প্রার্থীয়ে এই সমাৱেশত অংশ ল'ব পাৰিব। প্রার্থীসকলে...

July 10, 2024 7:08 PM

ৰাজ্যৰ মহাবিদ্যালয়ৰ পদৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ

অসম চৰকাৰে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা এই জাননী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই শিক্ষামন্ত্ৰী ডাঃ ৰণ...

July 10, 2024 6:46 PM

মৰাণ স্বায়ত্বশাসিত পৰিষদ, মৰাণ জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰে মন্ত্ৰী পীযূষ হাজৰিকাৰ বৈঠক

ৰাজ্যৰ সামাজিক ন্যায়, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু মৰাণ জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে দিছপুৰৰ জনতা ভৱনত এখন বৈঠকত মিলিত হয়। এই বৈঠকত মৰাণ স্বায়ত্বশাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও মৰাণ জনগোষ্ঠীৰ জনসংখ...

July 10, 2024 6:39 PM

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ ৬৮ কোটিৰো অধিক টকা বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি ৬৮ কোটিৰো অধিক টকা বিতৰণ কৰে। ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ত এই ধনৰাশি মোকলাই দিয়ে। এই আঁ...

July 10, 2024 6:29 PM

জনতা ভৱনত স্কুটী বিতৰণ কাৰ্যসূচীৰ নিৰ্দেশনাৱলী সম্পৰ্কত পর্যালোচনা বৈঠক

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ড° বাণীকান্ত কাকতি মেধা বঁটা, ২০২৪-ৰ অধীনত স্কুটী বিতৰণ কাৰ্যসূচীৰ নিৰ্দেশনাৱলী পর্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ লাভ কৰা ছাত্ৰসকলক ৰাজ্য চৰকাৰে স্কুট...

July 10, 2024 6:10 PM

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্রদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্...

July 10, 2024 6:02 PM

অসমৰ বিভিন্ন পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালকে আজি এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত তেওঁ কয় যে ইয়াৰ পূৰ্বে যোৱা ৪ জুলাইত এই সন্দৰ্ভত জাৰি কৰা সংশ...