July 10, 2024 12:15 PM

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি তৃতীয়খন খেল

ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্প'ৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ'ব। শৃংখলাত দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে। শুভমন গীল নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৱে আজিৰ খেলখনত জয়লাভ কৰি শৃংখলাত অগ্রগতি লাভৰ...

July 10, 2024 12:08 PM

মৰিগাঁৱত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ বৈঠক

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনৰ জিলা পৰ্যায়ৰ মহিলা সবলীকৰণ কেন্দ্ৰ, মৰিগাঁও আৰু পোষণ অভিযান, মৰিগাঁৱৰ উদ্যোগত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক কালি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ বাল্য বিবাহৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰ...

July 10, 2024 12:06 PM

অসমতো অব্যাহত সম্পূর্ণতা অভিযান

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য ...

July 10, 2024 12:04 PM

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতৰ দুগৰাকী বিজ্ঞানীয়ে মীন পালন ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ স্মৃতি যুগমীয়া কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী মীন পালক আৰু ভাৰতৰ মীন খণ্ডক সমৃদ্ধ কৰা সকলো বিজ্ঞানী তথা মৎস্য বিশেষজ্ঞলৈ ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে ২০০১ চনৰ পৰা প্ৰত...

July 10, 2024 12:02 PM

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষ...

July 10, 2024 11:57 AM

দেশৰ ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। পশ্চিম বংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলা, হিমাচল প্ৰদেশৰ হামিৰপুৰ, নালাগড়, উত্তৰাখণ্ডৰ আমৰৱাৰা, মেংগালোৰ, বিহাৰৰ ৰূপোলি, মধ্যপ্ৰদেশৰ অমৰৱাৰা, তামিলনাডুৰ বিক্ৰৱন্দী আৰু পঞ্জাৱৰ পশ্চিম জলন্ধৰ আসনৰ বাবে উপ-নির্...

July 10, 2024 11:55 AM

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্...

July 10, 2024 11:50 AM

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্...

July 10, 2024 2:36 PM

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত যদিও বৰ্তমান ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত

ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত আছে। ৯০ টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃ...

July 9, 2024 8:57 PM

ৰাজ্যৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰা হ’ব : মুখ্যমন্ত্ৰী

অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰিব। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে ১ লাখ নিযুক্তিৰ পাছত এয়া চৰকাৰৰ অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। মুখ্যমন...