July 17, 2024 9:26 PM

দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্বমানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়াত গুৰুত্ব আৰোপ জে পি নাড্ডাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্ব মানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে উৎপাদিত সামগ্ৰীৰ উচ্চ মান সুনিশ্চিত কৰাৰ বাবে ঔষধ আৰু চিকিৎসা সঁজুলি উদ্যোগৰ সৈতে অবিৰত আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ঔষধ, প্ৰসাধন...

July 17, 2024 9:25 PM

দেশৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নীতি প্ৰণেতাঃ ক্ৰীড়ামন্ত্ৰী ড০ মনসুখ মন্দাভিয়া

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, দেশৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নীতি প্ৰণেতা। তেওঁ কয় যে, চৰকাৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক সৱল কৰি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি পুৰস্কাৰ বিজেতাসকলৰ সৈতে ...

July 17, 2024 9:21 PM

সহজলভ্য আৰু ব্যয়সাধ্য স্বাস্থ্য সেৱাত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্ৰ সিঙৰ গুৰুত্ব আৰোপ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্ৰ সিঙে সহজলভ্য আৰু ব্যয়সাধ্য স্বাস্থ্য সেৱাত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্রযুক্তিয়ে স্বাস্থ্যসেৱা খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু কৃত্রিম বুদ্ধিমত্তা তথা মেচিন শিক্ষণ সঁজুলি প্রয়োগে কাৰ্য্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিব পাৰে...

July 17, 2024 9:14 PM

মৰিছাছৰ প্ৰাক্তন প্রধানমন্ত্রীদ্বয় ড০ নবীন ৰামগুলাম আৰু পল বাৰেংগাৰক বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে তেওঁৰ মৰিছাছ ভ্ৰমণৰ অংশৰূপে আজি দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রীদ্বয় ড০ নবীন ৰামগুলাম আৰু পল বাৰেংগাৰক সাক্ষাৎ কৰে। ড০ ৰামগুলামক সাক্ষাৎ কৰাৰ পাছত শ্ৰীজয়শংকৰে কয় যে, তেওঁলোকে দীৰ্ঘদিনীয়া দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু ইয়াৰ ব্যাপক সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে। শ্ৰীপলৰ স...

July 17, 2024 9:09 PM

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ চূড়ান্ত দলত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ চূড়ান্ত দলটোত অনুমোদন জনাইছে। পেৰিছ অলিম্পিকত দেশৰ ১১৭ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰ উপৰি ভাৰতীয় দলত সহযোগী ষ্টাফৰ ১৪০ জন সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে। পেৰিছ অলিম্পিক ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ'ব।

July 17, 2024 9:07 PM

ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰত কাইলৈ সুমিত নাগাল আৰ্জেণ্টিনাৰ মৰিয়ানো নৱোনেৰ সন্মুখীন হ’ব

ভাৰতৰ সুমিত নাগলে কাইলৈ ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ৩৬ সংখ্যক স্থানৰ আৰ্জেণ্টিনাৰ মৰিয়ানো নৱোনেৰ সন্মুখীন হ'ব। নাগলে কালি প্রতিযোগিতাৰ এখন খেলত ছুইডেনৰ এলিয়াছ য়মেৰক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাভূত কৰে ।

July 17, 2024 9:04 PM

ৰাষ্ট্ৰপতি মুৰ্মুৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপৰ গ্ৰন্থ কাইলৈ উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপ WINGS TO OUR HOPES-VOLUME-1 গ্ৰন্থখন কাইলৈ নতুন দিল্লীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই-বুকখন উন্মোচন কৰিব। কেন্দ্ৰীয় প্ৰকাশন বি...

July 17, 2024 9:02 PM

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে ২১ জুলাইত সর্বদলীয় বৈঠক

চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা ২১ জুলাইত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো পক্ষৰ পৰা সহযোগিতা কামনা কৰিব। উল্লেখযোগ্য যে বাজেট অধিবেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ'ব আৰু ২৩ জুলাইত সদনত কেন্দ্ৰীয় বাজেট দাখিল ক...

July 17, 2024 9:00 PM

দেশত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত

দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্ৰটেকচন আৰু বাল্য বিবাহ মুক্ত ভাৰত নামৰ সংস্থা দুটাৰ সমীক্ষা অনুসৰি অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৮১ শতাংশ বাল্য ব...

July 17, 2024 8:58 PM

দৰং জিলাৰ তিনিটা আয়ুষ্মান আৰোগ্য মন্দিৰৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ

দৰং জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰীয় গুণগত মান নিশ্চিতকৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ তিনিটা আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। এই বিশেষ স্বীকৃতি লাভ কৰা আৰোগ্য মন্দিৰ তিনিটা হৈছে- পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ...