July 23, 2024 10:27 AM

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত- নেপালৰ মুখামুখি

ভাৰত আজি মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত হ'বলগীয়া গ্রুপ-এৰ এখন খেলত নেপালৰ মুখামুখি হ'ব। খেলখন শ্ৰীলংকাৰ ডাম্বুলাত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। গ্রুপ-এত ভাৰতে আটাইকেইখন খেলতেই জয়ী হৈ বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে পূৰ্বৰ খেল দুখনত পাকিস্...

July 23, 2024 10:22 AM

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ফিফা টেলেণ্ট একাডেমীলৈ শিৱসাগৰৰ ৰেহান আহমেদ নিৰ্বাচিত

শিৱসাগৰৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ ৰেহান আহমেদ অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ফিফা টেলেণ্ট একাডেমীলৈ নিৰ্বাচিত হৈছে। ভুবনেশ্বৰত থকা এই একাডেমীলৈ নিৰ্বাচিত হোৱা ৰেহান অসমৰ একমাত্ৰ ফুটবল খেলুৱৈ। ৰেহানে এই একাডেমীত তিনি বছৰৰ বাবে ফুটবলৰ উচ্চ প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ পাব। উল্লেখযোগ্য যে, ভিছন ২০৪৭ৰ অধীনত দেশ...

July 23, 2024 10:19 AM

শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন

শ্বিলঙৰ নিযুক্তি কার্যালয়ে আজিৰে পৰা অহা ২৭ জুলাইলৈ অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্রার্থীৰ বাবে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্রিল-মে' মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই নিযুক্তি...

July 23, 2024 10:15 AM

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছে। লতাশিলৰ ঘৰৰ পৰা ওচৰৰে গণেশ মন্দিৰলৈ বুলি দিনৰ প্ৰায় ১০ বজাত বর্ষিয়ান শিল্পীগৰাকী ওলাই গৈছিল। দুপৰীয়া পৰ্যন্ত উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ- খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাই। ইফালে শিল্পীগৰাকীৰ ম'বাইল ফোনটো ছুইটছ অফ হৈ থক...

July 23, 2024 10:09 AM

ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ ৭২ খন বুজাবুজিৰ চুক্তি

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ বিভাগে কালি নতুন দিল্লীত ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে ৭২ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষভাৱে সক্ষম লোকসকলক সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে সৱল কৰি তোলাই এই বুজাবুজিৰ চুক্তিসমূহৰ প্ৰধান লক্ষ্য। ...

July 23, 2024 10:04 AM

নীট স্নাতক পৰীক্ষা সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক  বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ নীট স্নাতক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ এটা প্ৰশ্নত দিয়া দুটা বিকল্প উত্তৰক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই শুদ্ধ বুলি গন্য কৰা সিদ্ধান্ত সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক এখন বিশেষজ্ঞ সমিতি গঠন কৰি মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে আজি দিনৰ ১২ ...

July 23, 2024 10:01 AM

দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে...

July 23, 2024 9:57 AM

লোকসভাত  আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি দিনৰ ১১ বজাত লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথম বাজেট হ'ব। ইপিনে ২০১৯ বৰ্ষত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্রীসীতাৰমনৰ ক্ৰমাগত সপ...

July 23, 2024 9:54 AM

ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত  ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি

ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত হোৱা ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। দোষী সাব্যস্ত হোৱা কৃষি উন্নয়ন বিষয়াসকলৰ শাস্তিৰ ম্যাদ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে এ পি এছ ...

July 23, 2024 9:47 AM

নৱেম্বৰ মাহত জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলি মন্ত্রী অশোক সিংহলৰ ঘোষণা

মন্ত্রী অশোক সিংহলে অহা নৱেম্বৰ মাহত জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিছে। এই পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দেখা দিয়া পানীৰ সংকট হ্ৰাস পাব বুলি আশা কৰা হৈছে। জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে অহা ছেপ্তেম্বৰ ম...