July 24, 2024 10:18 AM

দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি ভাৰত ভ্ৰমণ

ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব। বিদেশ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত সর্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰা আৰু ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। ব্ৰিটেইনত প্রধানমন্ত্ৰী কিৰ ষ্টাৰ্মৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছত ...

July 24, 2024 10:15 AM

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ দুটা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি পাইছে। ঘটনাৰ পাছৰে পৰা ভালেমান লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে দেওবাৰে নিশা দক্ষিণ ইথিওপিয়াৰ গেজে গোফা জিলাত হোৱা ভূমিস্খলনৰ বাবে ভালেসংখ্যক লোক...

July 24, 2024 10:12 AM

দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ

জল জীৱন মিছনে দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ প্ৰদান কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক নলযোগে পানী যোগানৰ লক্ষ্যৰে ২০১৯ চনত এই অভিযানৰ ঘোষণা কৰা হৈছিল। বিগত পাঁচ বছৰত এই অভিযানৰ অধীনত নলযোগে পানী যোগান লাভ কৰা পৰিয়ালৰ সংখ্যা ৩ ক...

July 24, 2024 10:08 AM

নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কত শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ মন্তব্য

শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কৈছে যে অৱশেষত সত্যৰ জয় হ'ল। নীট সন্দৰ্ভত সর্বোচ্চ ন্যায়ালয়ৰ ৰায় সম্পর্কে সাংবাদিকক সম্বোধন কৰি শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ স্বচ্ছ, বিসংগতিবিহীন আ...

July 24, 2024 10:05 AM

নীট ইউ-জি বাতিল তথা নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ-জি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ফলত সমগ্ৰ দেশৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজিৰে পৰা পৰামৰ্শ প্ৰক্ৰিয়া...

July 23, 2024 7:46 PM

আজিৰ পৰা অহা ২৭ জুলাইলৈ শোণিতপুৰৰ মিছামাৰীত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন

শ্বিলঙৰ নিযুক্তি কার্যালয়ে আজিৰ পৰা অহা ২৭ জুলাইলৈ শোণিতপুৰৰ মিছামাৰী সেনা ছাউনিত অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্রিল-মে' মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে এই নিযুক্ত...

July 23, 2024 7:44 PM

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত ১১ লাখ ৫০ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত তিনিচুকীয়া জিলাত অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ১১ লাখ ৫০ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জিলাখনত গছপুলি বিতৰণ প্ৰক্ৰিয়া ৫ আগষ্টৰ ভিতৰত সম্পন্ন কৰি ১০ আগষ্টৰ ভিতৰত ৰোপণ আৰু জিঅ' টেগিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলি আয়ুক্ত স্বপ্নীল পালে প্ৰ...

July 23, 2024 7:42 PM

ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও কেইবাটাও প্রান্তত খহনীয়া অব্যাহত

ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও কেইবাটাও প্রান্তত খহনীয়া অব্যাহত আছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পাথাৰগাঁৱত খহনীয়াত কেইটাবাও ঘৰ জাহ গৈছে। আনহাতে শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি নৈৰ মথাউৰি খহনীয়া কবলত পৰিছে। যাৰ ফলত কাষৰীয়া প্ৰায় ১০ খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। গোৱালপাৰা জিলা...

July 23, 2024 7:41 PM

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ হৈছে। জিলাখনত দুমাহ ধৰি চলিব লগা এই অভিযানৰ জৰিয়তে ডায়েৰিয়া নিৰ্মূল কৰাৰ বাবে ব্যাপক ৰূপত কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাত ধুৱা, অ আৰ এছ খাবলৈ পৰামৰ্শ দিয়াৰ লগতে জিলাখনত অ আ...

July 23, 2024 7:39 PM

অসম লোকসেৱা আয়োগৰ ৩২ জন অভিযুক্তৰ বিশেষ ন্যায়াধীশৰ আদালতৰ অহা ২৯ জুলাইত ৰায়দান

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি গোচৰত দোষী সাব্যস্ত হোৱা ৰাকেশ পালসহ ৩২ জন অভিযুক্তই লাভ কৰিবলগীয়া শাস্তি সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে অহা ২৯ জুলাইত ৰায়দান কৰিব। বিশেষ আদালতে কালি কেলেংকাৰিৰ গোচৰত লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল, দুই সদস্য আৰু ২৯ জন কৃষি উন...