July 24, 2024 6:53 PM

‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 24, 2024 6:52 PM

নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ বাজেট আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আন্তৰিক শলাগ জ্ঞাপন কৰে। বৈঠকত দুয়োগৰাকীয়ে আনকেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰো আলোচনা কৰে। এই সম্...

July 24, 2024 6:50 PM

উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰ্ণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবি...

July 24, 2024 6:48 PM

গুৱাহাটীত অনুষ্ঠিত ডিজিটেল ক্ৰ’প ছাৰ্ভে আৰু ফাৰমাৰ্ছ ৰেজেষ্ট্ৰী প্ৰশিক্ষণ তথা কৰ্মশালা উদ্বোধন কৃষিমন্ত্ৰী অতুল বৰাৰ

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই আজি অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণৰ মন্ত্ৰ্যালয়ৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত ডিজিটেল ক্ৰ'প ছাৰ্ভে আৰু ফাৰমাৰ্ছ ৰেজেষ্ট্ৰী প্ৰশিক্ষণ তথা কৰ্মশালাৰ উদ্বোধন কৰে। দুদিনীয়া এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ ২৯ খন জিলাৰ ৬৪৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে...

July 24, 2024 6:47 PM

গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

অসম গণ পৰিষদৰ দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আজি দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সমাগত উপ নির্বাচন, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক কাম-কাজ আৰু ভৱিষ্যৎ পৰিকল্পনা বিভিন্ন বিষয়ে আলোচনা কৰা হয়। তদুপৰি কাৰ্যনিৰ্বাহক সভাত তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে...

July 24, 2024 10:41 AM

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে কালি শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত নেপালক ৮২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। নেপালে ১৭৯ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৯৬ ৰাণ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দিপ্তী ...

July 24, 2024 10:35 AM

বাজেটত ৰে’ল বিভাগত আবণ্টন দিয়া পুঁজি ঐতিহাসিক : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বাজেটত ৰে'ল বিভাগৰ বাবে আবণ্টন দিয়া পুঁজিক ঐতিহাসিক বুলি অভিহিত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী বৈষ্ণৱে কয় যে ৰে'লৱেৰ বাবে বাজেটত দুই লাখ ৬২ হাজাৰ ২০০ কোটি টকাৰ আৱন্টন দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা ৰে'ল বিভাগে বৃহৎ উত্থান লাভ কৰিব। ত...

July 24, 2024 10:31 AM

২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ কংগ্ৰেছৰ সমালোচনা

কংগ্ৰেছে ২০২৪-২৫বৰ্ষৰ কেন্দ্ৰীয় বাজেটক সমালোচনা কৰি কৈছে যে বাজেটত সাধাৰণ মানুহক সকাহ প্রদানৰ বাবে কোনো ব্যৱস্থা নাই। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত এইবাৰৰ বাজেট বিজেপিৰ মিত্ৰৰ পক্ষত প্ৰস্তুত কৰা হৈছে বুলি দাবী কৰিছে। দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে সমগ্র দেশে মুদ্রা...

July 24, 2024 10:27 AM

এন ডি এৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ ওপৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মন্তব্য

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক স্থিতিস্থাপকতাৰ প্ৰমাণ হিচাপে থিয় দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী নাড্ডাই কয় যে এই দূৰদৰ্শী বাজ...

July 24, 2024 10:21 AM

২০২৪-২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে ২০২৪-২৫ বৰ্ষৰ বাজেটে ভাৰতৰ অৰ্থনৈতিক বিকাশক যুৱশক্তিৰ সৈতে সংলগ্ন কৰাৰ বাবে ইতিহাসত লিপিবদ্ধ হ'ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী শ্বাহে কয় যে বাজেটত ৪ কোটি ১০ লাখ যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিবলৈ দুই লাখ কোটি টকাৰ বৃহৎ পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু এক...