July 24, 2024 7:51 PM

দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰপৰ্যন্ত মুকলি থাকিব

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে প...

July 24, 2024 7:49 PM

মৰিয়নি মহাবিদ্যালয়ত অসামৰিক প্ৰতিৰক্ষাবিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আৰু জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা নিয়ন্ত্ৰকৰ উদ্যোগত আজিৰেপৰা মৰিয়নি মহাবিদ্যালয়ত অসামৰিক প্ৰতিৰক্ষা বিষয়ক প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উদ্ধাৰ আৰু সাহায্য অভিযান অগ্নিকাণ্ড আৰু জৰুৰীকালীন অৱস্থাত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, দুর্যোগ ব্যৱস্থাপনা আদি সম্পর্কে প্রশিক্...

July 24, 2024 7:46 PM

গোৱালপাৰা জিলাত জাপানীজ এনচেফেলাইটিছত ৯জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে গোৱালপাৰা জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। জিলাখনত এই পর্যন্ত ৯ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ৰংজুলিৰ মেল’পাৰাত নকুল কছাৰী নামৰ লোকজনৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আনহাতে, ৩ জন গোৱালপাৰা অসামৰিক চি...

July 24, 2024 7:03 PM

কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অস্বীকাৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। ৰাজ্যসভাৰ শূন্যকালত আজি বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ ওলোটাই এই বুলি অভিযোগ কৰে যে, বিৰোধী শাসিত ৰাজ্যসমূহলৈ একোৱেই দিয়া হোৱা নাই বুলি কংগ্ৰেছ নেতৃত্বাধীন বি...

July 24, 2024 7:02 PM

নীট ইউ জি পৰীক্ষা আৰু ২০২৪-২৫ বৰ্ষৰ বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী দলসমূহক বিজেপিৰ কঠোৰ সমালোচনা

ভাৰতীয় জনতা পাৰ্টীয়ে নীট ইউ জি পৰীক্ষা আৰু ২০২৪-২৫ বৰ্ষৰ বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী দলসমূহক কঠোৰ সমালোচনা কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ মেলত জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয় যে, নীটৰ পৱিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাই বুলি উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়দানত স্প...

July 24, 2024 7:01 PM

কৰ্কট ৰোগৰ ঔষধক ব্যয়সাধ্য কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটত তিনিবিধ দৰৱত সীমাশুল্ক ৰেহাইৰ প্ৰস্তাৱ

চৰকাৰে কৰ্কট ৰোগৰ ঔষধক ব্যয়সাধ্য কৰি তোলাৰ লক্ষ্যৰে এনে ঔষধৰ ক্ষেত্ৰত সীমাশুল্ক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৰ্কট ৰোগৰ অতিৰিক্ত তিনিবিধ দৰৱৰ ক্ষেত্ৰত সীমাশুল্ক ৰেহাইৰ প্ৰস্তাৱ ঘোষণা কৰে। এই তিনিবিধ দৰৱ হ'ল স্তন...

July 24, 2024 7:00 PM

নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ সময়ত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৮জন লোকৰ মৃত্যু

নেপালত আজি কাঠমাণ্ডুৰ ত্ৰিভুৱন অন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ সময়ত সৌৰ্য্য এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৮ জন লোকৰ মৃত্যু হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাম্বৰ বাহাদুৰ বি কেই জনাইছে যে বিমান দুর্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ মৃতদেহসমূহ সমগ্ৰ অঞ্চলটোত সিঁচৰতি হৈ পৰে। যাত্ৰীসকলৰ এজনক জী...

July 24, 2024 6:58 PM

আদালতৰ কৰ্ম সম্পাদনৰ সময়ৰ ক্ষেত্ৰত নিয়মৰ সাল-সলনি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আদালতৰ কৰ্ম সম্পাদনৰ সময়ৰ ক্ষেত্ৰত নিয়মৰ কিছু সাল-সলনি ঘটাইছে। শেহতীয়া সংশোধনী অনুসৰি এতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ৰ কামৰ সময় হ'ব পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ। তদুপৰি সৰ্বোচ্চ ন্যায়ালয়ৰ শেহতীয়া জাননীত প্ৰকাশ পোৱা মতে বন্ধৰ দিনসমূহৰ লগতে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শন...

July 24, 2024 6:56 PM

কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০ লাখৰো অধিক নতুন শ্রমিকৰ নামভৰ্তি

কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২০ লাখৰো অধিক নতুন শ্রমিকৰ নামভৰ্তি কৰা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে জনাইছে যে মুঠ ২৩ লাখ কৰ্মচাৰীৰ ভিতৰত ১১ লাখতকৈও অধিক কৰ্মচাৰী ২৫ বছৰ বয়স পর্যন্ত গোটৰ অন্তৰ্গত। আনহাতে মে' মাহত মহিলা সদস্যৰ নামভৰ্তিৰ সংখ্যা আছিল ৪ লাখ ৪৭ হাজাৰ ।

July 24, 2024 6:55 PM

বাক্সা জিলাৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ বৈঠক

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলৰ পৰা বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে। বৈঠকৰ পাছত সাংবাদিকৰ আগত ৰাজ্যপালগৰাকীয়ে ৰাজ্য...