August 2, 2024 12:21 PM

ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াৱহ ৰূপ ধাৰণ

স্বাস্থ্য বিভাগৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০ গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু হৈছে।চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০ ...

August 2, 2024 12:18 PM

চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ সুবিধাৰ্থে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পাছতে চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ বাবে থকামেলাৰ পৰ্যাপ্ত সুবিধা উপলব্ধ কৰোৱাৰ লক্ষ্যৰে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আশেপাশে হোম ষ্টে নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে। এই আঁচনি ...

August 2, 2024 12:16 PM

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত কাইলৈ নিশা ৮.০২ মিনিটত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্ৰিদীপ বপৰৰ্নচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰ...

August 2, 2024 12:13 PM

ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে অলিম্পিকত আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব

চলিত পেৰিছ অলিম্পিকত ইতিমধ্যে দুটা পদক জয় কৰি ইতিহাস গঢ়া ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত আজি দিনৰ ১২.৩০ বজাত মনু আৰু ভাৰতৰ আন এগৰাকী শ্বুটাৰ ঈশা সিং অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, পেৰিছ অলিম্পিকত দেশক প্ৰথমটো পদ...

August 2, 2024 8:12 AM

ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত ৰাষ্ট্ৰপতি মুৰ্মুৱে অধ্যক্ষতা কৰিব

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা হ'বলগীয়া ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত অধ্যক্ষতা কৰিব। এইখন হ'ব ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ'বলগীয়া ৰাজ্যপালসকলৰ প্ৰথমখন সন্মিলন। সকলো ৰাজ্যৰ ৰাজ্যপালে এই সন্মিলনত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অম...

August 2, 2024 8:08 AM

গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিব: ধর্মেন্দ্র প্রধান

● লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত...

August 2, 2024 8:04 AM

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি

● কেৰালাৰ ৱাইনাডত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ১৮৭ লোক বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু ১০৭ জন লোক সন্ধানহীন হৈ আছে। অঞ্চলটোত স্থাপন কৰা ৭০টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে।

August 2, 2024 8:01 AM

পেৰিছ অলিম্পিকত বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ ভাৰতৰ লক্ষ্য সেন আজি পেৰিছ অলিম্পিকৰ সপ্তম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে এইবাৰৰ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকৰে আজি বিয়লি মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অভিযান আৰম্ভ কৰিব। যুডোত তুলিকা মানে মহি...

August 2, 2024 7:55 AM

আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

■ ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই শৃংখলাত ভাগ ল'ব। ভাৰতে ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ৩-০ ফলাফলত জয়লাভ কৰ...

August 1, 2024 8:41 PM

বান ব্যৱস্থাপনা আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩৫খন প্ৰকল্পৰ কাম চলি আছে

শেহতীয়া বানৰ ফলত প্ৰভাৱিত জিলাসমূহৰ তথ্য কেন্দ্ৰীয়ভাৱে তদাৰক কৰা হোৱা নাই। বান আৰু খহনীয়া প্ৰতিৰোধকে ধৰি বান ব্যৱস্থাপনা আঁচনিসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত নিজৰ পুঁজিৰে ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰে কাৰিকৰী দিহা-পৰামৰ্শ আৰু জটিল এলেকাসমূহত বানৰ ব্যৱস্থাপনাৰ বাবে উদগণিমূলক বিত্ত...