August 2, 2024 3:15 PM

সম্প্ৰতি দেশৰ ৯৫ শতাংশতকৈও অধিক গাঁৱক 3-G আৰু 4-G জি মোবাইল সংযোগ ব্যৱস্থাৰ জৰিয়তে ইণ্টাৰনেট সেৱাই সামৰি লৈছে

দেশৰ ৯৫ শতাংশতকৈও অধিক গাঁৱক সম্প্ৰতি 3-G আৰু 4-G জি মোবাইল সংযোগ ব্যৱস্থাৰ জৰিয়তে ইণ্টাৰনেট সেৱাই সামৰি লৈছে। চৰকাৰী তথ্য অনুসৰি সমগ্ৰ দেশৰ প্ৰায় ৬ লাখ ৪৪ হাজাৰখন গাঁৱৰ ভিতৰত চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে প্ৰায় ৬ লাখ ১৩ হাজাৰখন গাঁৱক ইণ্টাৰনেট সেৱাই সামৰি লৈছে। একেদৰে এই সময়ছোৱালৈ ইণ্টাৰনেট সেৱা গ্...

August 2, 2024 3:11 PM

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি উৎখাত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি সেইবোৰ উৎখাত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে আজি ৰাজ্যসভাত এটা পৰিপুৰক প্ৰশ্নৰ উত্তৰত এই কথা প্রকাশ কৰে। ২০১৯ চনত ব্য...

August 2, 2024 4:44 PM

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে

♦ কেৰালাৰ ৱাইনাডত সংঘটিত ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি এই শোকাবহ দুৰ্ঘটনাত এতিয়ালৈ ৩০৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জিলাখনত স্থাপন কৰা ৯১ টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৱাইনাডত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। সেনা জ...

August 2, 2024 3:05 PM

নাইজেৰিয়াত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকৰ মৃত্যুৰ লগতে ২০ জন লোক আহত

♦ নাইজেৰিয়াত সংঘটিত এটা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হৈছে। দেশখনৰ উত্তৰ-পূবৰ বৰ্ণ প্ৰদেশৰ এখন স্থানীয় নৈশ বজাৰত পৰহি নিশাৰ ভাগত এই বিস্ফোৰণটো সংঘটিত হয় বুলি নাইজেৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দেশখনৰ আৰক্ষী বিভাগে জানিবলৈ দিয়া মতে কারুৰি নামৰ অঞ্...

August 2, 2024 3:03 PM

তামিলনাডুত সংঘটিত এটা পথ দুৰ্ঘটনাত ৩ গৰাকী তীর্থযাত্রী মৃত্যু

তামিলনাডুত আজি নিচেই পুৱাতে সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিগৰাকী তীর্থযাত্রী মৃত্যুমুখত পৰে। ৰাজ্যখনৰ ছাটুৰ-কোৱিলপট্টি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাটো সন্দৰ্ভত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৫০ গৰাকী তীর্থযাত্ৰীক কঢ়িয়াই ইক্কানকুড়ি মন্দিৰ অভিমুখে গৈ এখন গাড়ীক ৰাষ্ট্ৰীয় ঘাইপথটোত এখন ট্রাকে খ...

August 2, 2024 3:01 PM

ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ স্মৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত স্মৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে কয় যে জাতিটোক ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত পিংগালী ভেংকয়াই কৰা প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।

August 2, 2024 2:58 PM

দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিবঃ ধর্মেন্দ্র প্রধান

লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ...

August 2, 2024 2:54 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ ...

August 2, 2024 12:32 PM

কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

অসমৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অ...

August 2, 2024 12:24 PM

শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’বঃ ৰণোজ পেগু

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু আজিম প্রেমজি বিশ্ববিদ্যালয়ৰ সহযোগত কালি গুৱাহা...