August 3, 2024 2:21 PM

জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয় ৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশ...

August 3, 2024 2:16 PM

ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে, বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষি খণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ ক...

August 3, 2024 2:10 PM

ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত কালি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰাচ্যৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্টে ভ্রমণ। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ ...

August 3, 2024 2:04 PM

ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰে কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই দেশৰ ৯খন প্ৰভাৱিত ৰাজ্যত ডেংগী প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, দেশত ডেংগীৰ ফলত হোৱা মৃত্যুৰ হাৰ ১৯৯৬ চনত ৩.৩ শতাংশৰ পৰা ২০২৩ চনত ০.১৭ শতাংশলৈ হ্ৰাস পাইছ...

August 3, 2024 2:08 PM

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৰোমান্সকৰভাৱে ড্ৰ’

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কালি ৰোমান্সকৰভাৱে ড্ৰ' হয়। ভাৰতে ২৩১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেটৰ ...

August 3, 2024 1:58 PM

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব

চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ-ইৰ দ্বিতীয়খন খেলত আই এছ এলৰ দল ওড়িশা এফ চিয়ে বি এছ এফ ফুটবল দলৰ সৈতে খেলিব। আবেলি ৪ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উভয় দলৰ বাবে এয়া প্ৰতিযোগিতাৰ প্ৰথম খেল।

August 3, 2024 1:52 PM

আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ ২ আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈক...

August 3, 2024 1:27 PM

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগ আৰু পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্রিদীপ বপৰনচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আজি পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্রোতাক প্রশ্ন সোধা হ'ব। ...

August 3, 2024 1:02 PM

কাজিৰঙাত প্ৰথমখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব

কাজিৰঙাত প্ৰথমখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। তাজ ৰিজ'ৰ্ট আৰু স্পাৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই হোটেলৰ বাবে ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসমৰ ...

August 3, 2024 12:57 PM

বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি, জলবায়ু পৰিৱৰ্তন, পৰিবহণ, মীন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ...