August 3, 2024 12:50 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন

♦ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰে৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰ...

August 3, 2024 12:37 PM

মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক’ৰিডৰ নিৰ্মাণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক'ৰিডৰ নিৰ্মাণত অনুমোদন জনায়। এই ৮টা ঘাইপথ প্ৰকল্পৰ বাবে মুঠ ৫০ হাজাৰ ৬৫৫ কোটি টকা ব্যয় হ'ব বুলি চৰকাৰে জানিবলৈ দিছে। ইয়াৰ ভিতৰত ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰ...

August 2, 2024 8:28 PM

চৰকাৰ দেশৰ খেতিয়কসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰঃ শিৱৰাজ সিং চৌহান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰ দেশৰ খেতিয়কসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে খেতিয়কসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এইবাৰৰ বাজেটত পর্যাপ্ত ধন আবণ্টন কৰা হৈছে। ৰাজ্যসভাত আজি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ কাম-কাজ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি মন্ত্ৰীগৰাকীয...

August 2, 2024 8:20 PM

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যুটীয়াভাৱে Covaxin-ৰ বিকাশৰ বাবে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ পৰা ৰয়েল্টি হিচাপে ১৭২ কোটি টকা লাভ কৰিছে

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যুটীয়াভাৱে Covaxin-ৰ বিকাশৰ বাবে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ পৰা ৰয়েল্টি হিচাপে ১৭২ কোটি টকা লাভ কৰিছে। লোকসভাৰ প্রশ্নকালত আজি সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই কয় যে Covaxin-ৰ পেটেণ্ট দাখিল কৰাৰ সময়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদক সহ-স্ব...

August 2, 2024 8:18 PM

ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত পূবৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম'ৰলেষ্ট ভ্ৰমণ। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়...

August 2, 2024 8:14 PM

২০১৪ চনত দেশত মাত্র ৩৮৭ খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাই ৭০৬ অতিক্ৰম কৰিছে

লোকসভাত আজি ২০২৪-২৫ বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰীৰ প্ৰস্তাৱ সম্পর্কে আলোচনা হয়। আলোচনা আৰম্ভ কৰি কংগ্ৰেছ তাৰিক অনৱাৰে জনসাধাৰণৰ বাবে চিকিৎসা সুবিধাৰ উপলভ্যতাত গুৰুত্ব আৰোপ কৰে। সাংসদগৰাকীয়ে গ্ৰামাঞ্চলৰ বুনিয়াদী স্বাস্থ্য সুবিধাৰ উন্নয়নৰ বাবে এইবাৰৰ বাজেটত যথে...

August 2, 2024 8:09 PM

ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি কৰে। এই সন্মিলনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্কৰ্ক ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিভিন্ন বিষয় আৰু জনসাধাৰণৰ বাবে কল্যাণমূলক আঁচনিৰ প্ৰসাৰ সম্পৰ্কে আলোচনা কৰা হ'ব। সন্মিলন উদ...

August 2, 2024 7:23 PM

৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ৩ খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। খেল আৰম্ভণিতে শ্রীলংকাই বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৩০ ৰাণ সংগ্ৰহ কৰে। প্রত্যুত্তৰত আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ২ অভাৰত এটাও উইকেট নেহেৰুৱাক...

August 2, 2024 6:59 PM

গুৱাহাটীত আই চি চিৰ মাহটোৰ অতিথিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য সচিব ৰবী কোটাৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় বাণিজ্য মহাসংঘই আগবঢ়োৱা অৱদান আৰু প্ৰচেষ্টাক শলাগ

গুৱাহাটীত অনুষ্ঠিত ব্যৱসায়িক সূচলতা সন্দৰ্ভত আই চি চিৰ মাহটোৰ অতিথিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্য সচিব ৰবী কোটাই উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় বাণিজ্য মহাসংঘই আগবঢ়োৱা অৱদান আৰু প্ৰচেষ্টাৰ শলাগ লয়। গুৱাহাটীত এনেধৰণৰ অনুষ্ঠানৰ আয়োজন অসমৰ ব্যৱসায়িক পৰিবেশৰ ভৱিষ্যত গঢ়াৰ বাবে সকলো অংশীদাৰকে অভিলাসী...

August 2, 2024 6:54 PM

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শর্মাই মৰিগাঁও জিলা পুথিভড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰশিক্ষণৰ আজি শুভাৰম্ভণি কৰে। জিলা কৃষি বিষয়া অশোক ক...