August 5, 2024 12:37 PM

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত কালি শ্ৰীলংকাৰ হাতত পৰাস্ত

ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি শ্রীলংকাই ভাৰতক ৩২ ৰানত পৰাজিত কৰে। ভাৰতে ২৪১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪২ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰানহে কৰিবলৈ সমর্থ হয়। দলৰ হৈ ৰোহিত শৰ্মাই ৪৪টা বলত...

August 5, 2024 12:36 PM

পেৰিচ অলিম্পিকত আজি লক্ষ্য সেন মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতীৰ্ণ

চলিত পেৰিচ অলিম্পিকৰ আজি দশম দিনটোত ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে ব্ৰঞ্জৰ পদক জয়ৰ লক্ষ্যৰে মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতাৰ্ণ হ'ব। সমগ্ৰ ভাৰতীবাসীৰ আশাৰ দৃষ্টি থাকিবলগীয়া পুৰুষ একক শাখাৰ এই খেলখন সন্ধিয়া ছয় বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, লক্ষ্যই সফলতা অৰ্জন কৰিলেই ভাৰতৰ প্ৰথম পু...

August 5, 2024 12:34 PM

এক কোটি ৬৩ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ ৰে’ল সুৰক্ষা বাহিনীৰ

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'ল সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ জুলাই মাহত এক কোটি ৬৩ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অন্তৰ্গত ৰে'ল আৰু ষ্টেচনসমূহত চলোৱা বিভিন্ন অভিযানৰ সময়ত নিষিদ্ধ চোৰাং সামগ্ৰি কঢ়িয়াই নিয়াত জড়িত থকাৰ অভিযোগত ২৪ জন লোকক ৰে'ল সুৰক্ষা বাহ...

August 5, 2024 12:32 PM

কেৰালাৰ আজি সপ্তম দিনাও মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়ানাডত আজি সপ্তম দিনাও মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে। কৰ্তৃপক্ষই অঞ্চলটোৰ ধ্বংসাৱশেষৰ মাজত অথবা মালাপ্পুৰম জিলাৰ তলৰ অংশত যাতে কোনো মৃতদেহ ৰৈ নাযায় তাৰবাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই দুৰ্ঘটনাত শতাধিক লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আজি আৰু ম...

August 5, 2024 12:30 PM

অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 5, 2024 12:28 PM

অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদন হোৱা ক’লা চাউলৰ জনপ্রিয়তা লাভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদন হোৱা ক'লা চাউলৰ প্ৰশংসা কৰি কয় যে, শেহতীয়াভাৱে এই চাউলবিধে ঔষধী গুণাগুণৰ বাবে উৎকৃষ্ট খাদ্যত পৰিণত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক আন্তর্জাতিক কৃষি অর্থনীতিবিদ সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে, স্বাস...

August 5, 2024 12:26 PM

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া শ্ৰেণী সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া শ্ৰেণী সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিয়মীয়া শ্ৰেণী সুনিশ্চিত কৰিবলৈ টেলি শিক্ষা কাৰ্যসূচীৰ অধীনত একাধিক ভাষাৰ বিষয়বস্তুৰে ছটা ষ্টুডিঅ'ৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে দুহেজাৰ ৮৫৪ খন বিদ্যালয় সং...

August 5, 2024 12:24 PM

ৰাজ্যত আজিৰে পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপুর্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত আজিৰে পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্রতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আজিৰ দিনটো শিক্ষণ-শিকন সামগ...

August 5, 2024 12:23 PM

শীঘ্ৰে ৰাজ্যত নতুন বাসিন্দা নীতি প্ৰণয়ন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ মন্তব্য

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লৈ শীঘ্ৰে ৰাজ্যত নতুন বাসিন্দা নীতি প্ৰণয়ন কৰা হ'ব বুলি মন্তব্য কৰে। সভাত দলীয় সদস্যসকলক সম্বোধন কৰি তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰ এক লাখ চৰকাৰী চাকৰিত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিছে। চাক...

August 5, 2024 12:21 PM

ৰাজ্যজুৰি আজি লোক কল্যাণ দিৱস পালন

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস পালন কৰা হৈছে । এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্রীয় কার্যসূচীত ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট...