August 6, 2024 1:29 PM

ভাৰতৰ অবিনাশ ছাবলেই পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেজৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ অবিনাশ ছাবলেই পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেজৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ হিচাপে ইতিহাস সৃষ্টি কৰিছে। ছাবলেই যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ৮ মিনিট আৰু ১৫ দশমিক ৪-৩ ছেকেণ্ডেৰে পঞ্চম স্থান লাভ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। এই ফা...

August 6, 2024 1:27 PM

অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 6, 2024 1:25 PM

ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্রতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি কালিৰ দিনটো শিক্ষণ-শিকন সা...

August 6, 2024 1:23 PM

দিছপুৰৰ জনতাভৱনত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত কালি দিছপুৰৰ জনতাভৱনত বিজেপিৰ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে হোৱা বৈঠকখনত মুখ্যমন্ত্ৰীয়ে বিৰোধীক প্ৰত্যাহ্বান জনোৱা আৰু জনসমর্থন বৃদ্ধি কৰাৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰে। তেওঁ সকলো বিধায়কক ঐক্যবদ্ধভাৱে ৰাজ্যৰ বিভিন্ন উন্নয...

August 6, 2024 1:19 PM

লোক কল্যাণ দিৱসত লোকসেৱা পুৰস্কাৰ আৰু কৰ্মশ্ৰী বঁটা প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে এখন আধুনিক অসম নিৰ্মাণৰ বাবে কাম কৰিছিল। তেওঁ স্বাধীনতা আন্দোলন আৰু ইয়াৰ সমান্তৰালভাৱে গ্ৰুপিঙৰ পৰা অসমক ৰক্ষা কৰাত অসামান্য ভূমিকা গ্ৰহণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যু দিৱস উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়ো...

August 6, 2024 1:10 PM

আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ

আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰিব। শ্রী চক্ৰৱৰ্তীয়ে বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুনকৈ নিৰ্মাণ কৰা কক্ষটো উদ্বোধন কৰিব। বিষয়াগৰাকী বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু প্ৰচাৰ ভাৰতীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা...

August 6, 2024 1:08 PM

ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত বিজুলী-ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণো অহাৰ সম্ভাৱনা আছে। তেনেক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ...

August 6, 2024 1:42 PM

কালি বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ জনজীৱন প্ৰায় স্তব্ধ

গুৱাহাটীত কালি বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীখনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। প্রায় দুঘণ্টাৰ বৰষুণত মহানগৰীৰ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে। বিভিন্ন অঞ্চল একাঁঠুৰ পৰা এবুকু পর্যন্ত বানত বুৰ যোৱাত জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মূল পথৰ উপৰি অধিকাংশ উপপথ, দোকান-পোহাৰ, বিভিন্ন ...

August 6, 2024 12:57 PM

নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষা বিষয়ক কেবিনেট কমিটী বৈঠকত বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষা বিষয়ক কেবিনেট কমিটী বৈঠকত বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিদেশ মন্ত্রী ডº এছ জয়শংকৰ, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ আৰু কেবিনেটৰ অন্যান্য সদস্যসকলে অং...

August 6, 2024 12:53 PM

বাংলাদেশত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব বুলি ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ ঘোষণা

মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে বিশেষ সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক বিক্ষোভৰ পাছত সংসদ ভংগ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কালি সেনা বাহিনীৰ তিনিওটা শাখাৰ মুৰববীসকলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু না...