August 6, 2024 8:28 PM

views 1

প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাইঃ বিত্তমন্ত্ৰী সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাই বুলি স্পষ্ট কৰি দিছে। ৰাজ্যসভাত প্রশ্নকালৰ সময়ত ন্যূনতম জমাৰাশি নথকাৰ বাবে একাউণ্ট ধাৰকসকলৰ পৰা বিভিন্ন বেংকে মাছুল আদায় কৰা সন্দৰ্ভত সোধা এটা পৰিপূৰক প্ৰশ্নৰ ...

August 6, 2024 8:26 PM

যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে জনাইছে যে যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, যোৱা ১০ বছৰত জলপথৰ জৰিয়তে কার্গো পৰিবহন ৬ গুণ বৃদ্ধি পাইছে। ২০১৩-১৪ বৰ্ষত ১ কোটি ৮০ লাখ মেট্রিক টনতকৈ অধিক সামগ্ৰী জল...

August 6, 2024 8:25 PM

প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব ভিত্তিত মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে কৈছে যে দেশৰ কোনো মুখ্য বন্দৰ ব্যক্তিগতকৰণ কৰা হোৱা নাই আৰু ভূমি তথা জলপৃষ্ঠৰ মালিকীস্বত্ত চৰকাৰৰ হাতত আছে। বন্দৰ পৰিচালনা আৰু জাহাজ পৰিচালনাক লৈ ৰাজ্যসভাত এটা লিখিত উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব...

August 6, 2024 8:21 PM

আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ

♦ আকাশবাণীৰ বাতৰি বিভাগে অহৰহ সকলো শ্ৰেণীৰ শ্ৰোতাক পোনপটীয়া, সত্য, শুদ্ধ আৰু নিৰপেক্ষ ৰূপত বাতৰি দি আহিছে। সময় আৰু পৰিস্থিতিৰ প্ৰত্যাহ্বানকো নেওচি আকাশবাণী বাতৰি বিভাগৰ কৰ্মীসকলে শ্ৰোতাসকলৰ বাবে বাতৰি প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰ ...

August 6, 2024 8:10 PM

লণ্ডনৰ ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান

লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই পৰামৰ্শ জাৰি কৰিছে। পৰামৰ্শৱলীত ভাৰতৰ পৰা যোৱা পর্যটকসকলক স্থানীয় সুৰক্ষা সংস্থাসমূহে জাৰি কৰা পৰামৰ্শ আৰু স্থানীয় বাতৰি অনুসৰণ কৰিবলৈ কোৱা হৈছে। তেওঁলোকক লগতে প্রতিবা...

August 6, 2024 8:07 PM

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত ২৭টা নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত বিমানাকাশ আৰু প্ৰতিৰক্ষা, মটৰ গাড়ী আৰু যান বাহনৰ যন্ত্রাংশ, জৈৱ প্রযুক্তি, বস্ত্ৰ আৰু সাজ-পাৰ, পৰ্যটন আৰু আতিথ্য, শিক্ষা সেৱাসহ ২৭ নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত বাণিজ্য আৰু উদোগত ৰাজ্যমন্ত্রী জীতিন প্রসাদে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ...

August 6, 2024 7:57 PM

পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱিনেশ ফোগত

ভাৰতৰ ৱিনেশ ফোগতে আজি ইউক্রেইনৰ অ'কছানা লিভাচক ৭-৫ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱিনেশ ভাৰতীয় সময় অনুসৰি আজি নিশা ১০ বাজি ২৫ মিনিটত হবলগীয়া ছেমি ফাইনেলত কিউবাৰ য়ুজনেলিছ গুজমান লোপেজ অথবা লিথুয়েনিয়াৰ গাবিজা ...

August 6, 2024 1:38 PM

ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে, তেওঁলোকে শেহতীয়া পৰিস্থিতিত অহৰ্নিশে নিৰীক্ষণ কৰি আছে আৰু আগতিয়াকৈ টিকট কৰি থোৱা যাত্ৰীসকলৰ টিকটৰ মূল্য ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে। যাত্ৰী...

August 6, 2024 1:34 PM

কেৰালাৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত চুৰালমালা অঞ্চলৰ পৰা কালি দুটা মৃতদেহ উদ্ধাৰ

কেৰালাৰ ৱায়নাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত চুৰালমালা অঞ্চলৰ পৰা উদ্ধাৰ অভিযানত কালি দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। এইপর্যন্ত ভূমিস্খলনৰ ফলত ৱায়নাডত ৩০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাটো নিশ্চিত হৈছে। ইয়াৰে ৩১টা শৱদেহ আৰু উদ্ধাৰ কৰা ১৫৮টা দেহৰ বিভিন্ন অংশ কালি বিয়লি পুণ্ডুমালাত সমাধিস্থ কৰা হয়। বায়নাড জিলাত...

August 6, 2024 1:32 PM

অলিম্পিকত আজি ভাৰতীয় খেলুৱৈসকলে হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধৰ বিভিন্ন শিতানত প্ৰতিদ্বন্দ্বিতা

মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত কালি ভাৰতৰ মণিকা বাটা, শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথে প্রি-কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মহিলা দলক ৩-২ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদকৰ বাবে হোৱা খেলত ভাৰতৰ লক্ষ্য সেন মালয়েছিয়াৰ লি জি জিয়াৰ বিৰুদ্ধে ২১-১৩, ১৬...