August 6, 2024 9:13 PM

ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডল ৰহিৰাম মণ্ডল আৰু চৰকাৰী বাহন চালক ধ্ৰুৱ চৰণ নাথক গ্ৰেপ্তাৰ

তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আজি অভিযান চলাই ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডল ৰহিৰাম মণ্ডল আৰু চৰকাৰী বাহন চালক ধ্ৰুৱ চৰণ নাথক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে মণ্ডল আৰু নাথক উৎকোচ লোৱাৰ সময়ত বিভাগীয় কৰ্মীয়ে হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়।

August 6, 2024 9:10 PM

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 6, 2024 9:07 PM

ডিব্ৰুগড় জিলাত ই-শ্ৰম প’ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলৰ ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ২০২১ চনৰ আগষ্ট মাহৰ পৰা ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত ডিব্ৰুগড় জিলাত ই-শ্ৰম প'ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলে ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰবৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খণ্ড ...

August 6, 2024 9:07 PM

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত আজি অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্রীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ ক...

August 6, 2024 9:00 PM

লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় উদ্ভিদ, জৈৱ প্ৰযুক্তি প্রতিষ্ঠান নতুন দিল্লীৰ সৌজন্যত আজি লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাওধানৰ কৃষি কাৰ্যৰ সৈতে জড়িত তথা...

August 6, 2024 8:50 PM

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দ্বিতীয় ন্যায়িক দৰমহা আয়োগৰ ভাট্টাসমূহৰ সংশোধিত হাৰৰ ওপৰত পৰামৰ্শ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দ্বিতীয় ন্যায়িক দৰমহা আয়োগৰ ভাট্টাসমূহৰ সংশোধিত হাৰৰ ওপৰত পৰামৰ্শ আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ উপৰিও আইন আৰু ন্যায় বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল।

August 6, 2024 8:46 PM

উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগৰ মতে অসমকে ধৰি অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু ছিকিমত অহা ১০ আগষ্টলৈকে পাতলীয়া তথা সময়ে সময়ে মুষলধাৰে বৰষুণ হ'ব বুলি সতর্কতা জাৰি কৰিছে।

August 6, 2024 8:44 PM

ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে মৰিগাঁও জিলাতো কাৰ্যসূচী গ্ৰহণ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনত আজি সমগ্ৰ শিক্ষা বিভাগে নডেল শিক্ষকসকলৰ বৃত্তিমুখী পৰামৰ্শ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত চাংসাৰিৰ চেণ্...

August 6, 2024 8:36 PM

সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছেঃ বিদেশ মন্ত্ৰী জয়শংকৰ

ভাৰতে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাকা...

August 6, 2024 8:30 PM

views 1

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ ড০ অমৰ সিঙে এইবাৰৰ কেন্দ্ৰীয় বাজেটে অকল উচ্চ আয়ৰ গোটসমূহকে সকাহ প্ৰদান কৰা বুলি আৰু বাজেটত মধ্য আৰু নিম্ন আয়ৰ লোকৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, দেশত কৃষি ক্ষেত্ৰৰ বিকাশ ক্ৰমাৎ হ্রাস পাইছ...