August 5, 2024 12:19 PM

মহাৰাষ্ট্ৰৰ পুনেত পুনৰ ৭ গৰাকী ব্যক্তি জিকা ভাইৰাছত আক্ৰান্ত

মহাৰাষ্ট্ৰৰ পুনে চহৰত পুনৰ ৭ গৰাকী ব্যক্তিৰ দেহত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই সাতগৰাকী নতুন ৰোগীৰ ভিতৰত আছে পাঁচগৰাকী গৰ্ভৱতী মহিলা, এজন ১৮ বছৰীয়া যুৱক আৰু এগৰাকী ৪০ বছৰীয়া পুৰুষ। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি পুনে জিলাত বৰ্তমানলৈকে ৭২ গৰাকী ব্যক্তি জিকা ভাইৰাছত আক্ৰান্ত হৈছে...

August 5, 2024 12:17 PM

হাৰিয়ানাৰ সকলো শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনীয়ে ৰাজ্যখনৰ সকলো শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰাৰ কথা ঘোষণা কৰিছে। কুৰুক্ষেত্ৰত বিজেপিৰ বিজয় শংখনাদ ৰেলীত ভাষণ দি তেওঁ কয় যে, চৰকাৰে বৰ্তমান ন্যূনতম সমর্থন মূল্যত ১৪ বিধ শস্য ক্রয় কৰিছে। ৰাজ্য চৰকাৰে ১৩৩ কোটি টকা ব্যয় সাপেক্ষ আবিয়ানা নামেৰে পৰিচিত বি...

August 5, 2024 12:15 PM

ভাৰতীয় নাগৰিকসকলক বাংলাদেশলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামর্শ বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশত চলি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত দেশখনলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামর্শ দিছে। মন্ত্রালয়ে বৰ্তমান বাংলাদেশত থকা সকলো ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। লগতে জৰুৰীকালীন ফোন নম্বৰৰ জৰিয়তে ঢাকা...

August 5, 2024 12:12 PM

আকাশবাণীৰ পাৱলিক স্পীকত আজি দক্ষ ভাৰতৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ৯ বজাত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এন এছ ডি চি আন্তঃৰাষ্ট্ৰীয়ৰ ব্যৱস্থাপনা সঞ্চালক বেদ মণি তিৱাৰীৰ সৈতে দক্ষ ভাৰতৰ ক্ষেত্ৰত...

August 5, 2024 12:10 PM

দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ পদক্ষেপ বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হ'বলৈ দেশৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। দেশৰ অভিলেখ গেছ উৎপাদনক উন্নত ভাৰতৰ লক্ষ্যৰ এটা পদক্ষেপ বুলি তেওঁ অভিহিত কৰে। এই সাফল্যৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে দেশ-বাসীক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম...

August 4, 2024 8:19 PM

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে শ্ৰীলংকাৰ ২৪১ ৰাণৰ বিজয়লক্ষ্য নিৰ্ধাৰণ

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি শ্ৰীলংকাই ভাৰতক জয়ৰ বাবে ২৪১ ৰাণৰ বিজয়লক্ষ্য বান্ধি দিছে। কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি শ্রীলংকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ...

August 4, 2024 8:11 PM

ৰাজ্য চৰকাৰে নতুন বাসিন্দা নীতি প্রণয়ন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্য চৰকাৰে নতুন বাসিন্দা নীতি প্রণয়ন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই নীতিৰ অধীনত ৰাজ্যখনত জন্মগ্ৰহণ কৰা লোকেহে চৰকাৰী চাকৰি লাভ কৰিব। মুখ্যমন্ত্ৰী ড০ শর্মাই ইয়াৰ লগতে লাভ জিহাদ সম্পৰ্কীয় গোচৰসমূহৰ বাবে নতুন আইন প্রণয়ন কৰাৰ বিষয়ে ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিব ...

August 4, 2024 8:04 PM

ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে ছগৰাকী প্রশাসনীয় বিষয়ালৈ মুখ্যমন্ত্রীৰ কর্মশ্ৰী বঁটা

ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্রীৰ কর্মশ্ৰী বঁটা এইবাৰ ছগৰাকী প্রশাসনীয় বিষয়ালৈ আগবঢ়োৱা হৈছে। এইবাৰ এই বঁটাৰ বাবে ৫২খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰ ভিতৰত ছটা বিভাগৰ সেৱাকহে বঁটাৰ বাবে বাছনি কৰা হয়। চৰকাৰী বিভিন্ন বিভাগসমূহৰ কার্যকলাপ, উদ্ভাৱনী প্রয়াস, বহন ক্ষমতা, প্রশা...

August 4, 2024 7:58 PM

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ছণ্ডীগড়ৰ মণিমাজৰাত পানী যোগানৰ  পাইলট প্রকল্প উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ছণ্ডীগড়ৰ মণিমাজৰাত সপ্তাহৰ আটাইকেইদিন ২৪ ঘণ্টাই কার্যক্ষম হোৱাকৈ পানী যোগানৰ এটা পাইলট প্রকল্প উদ্বোধন কৰে। এই পানী যোগান প্ৰকল্পটোৰ পৰা মণিমাজৰাৰ প্ৰায় এক লাখ লোক উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই প্ৰকল্পটোৰ বাবে প্ৰায় ৭৫ কোটি টকা ব্...

August 4, 2024 7:55 PM

মধ্যপ্ৰদেশৰ সাগৰ জিলাত মন্দিৰৰ বেৰ খহি ৯ টি শিশুৰ মৃত্যু

মধ্যপ্ৰদেশৰ সাগৰ জিলাত আজি পুৱা এটা মন্দিৰৰ বেৰ খহি পৰাৰ ফলত ৯ টি শিশুৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হয়। শাহপুৰৰ হাৰদৌল বাবা মন্দিৰত এটা ধৰ্মীয় অনুষ্ঠান চলি থকাৰ মাজতে এই দুর্ঘটনাটো সংঘটিত হয়। আহত শিশুসকলৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহ...