August 21, 2024 9:03 PM

অসম, মেঘালয় আৰু ত্ৰিপুৰাত পৰৱৰ্তী দুদিনলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু ত্ৰিপুৰাত পৰৱৰ্তী দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী ২৪ ঘণ্টাত কেৰালা আৰু লাক্ষাদ্বীপৰ ঠাই বিশেষে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, উত্তৰ প্ৰদেশ, পূৱ ...

August 21, 2024 9:01 PM

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে শুকুৰবাৰে গুজৰাটৰ আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে শুকুৰবাৰে গুজৰাটৰ আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীধনখড়ে গান্ধীনগৰৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব। উপ-ৰাষ্ট্ৰপতিয়ে আহমেদাবাদৰ গুজৰাট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ধৰ্মা-ধৰ্ম্মা আন্তৰাষ্ট্ৰীয় সন্ম...

August 21, 2024 9:00 PM

দেশত ২০২৪-২৫ বৰ্ষত ব্যক্তিগত কৰ্প’ৰেট বিনিয়োগ ৫৪ শতাংশ বৃদ্ধি পাই ২,৪৫,২১২ কোটি হোৱাৰ সম্ভাৱনা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এটা অধ্যয়নত ২০২৪-২৫ বৰ্ষত দেশত ব্যক্তিগত কৰ্প’ৰেট বিনিয়োগ ৫৪ শতাংশ বৃদ্ধি পাই ২ লাখ ৪৫ হাজাৰ ২১২ কোটি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰা হৈছে। যোৱা বছৰ এনে বিনিয়োগৰ পৰিমাণ ১ লাখ ৫৯ হাজাৰ ১২২ কোটি টকা আছিল। অধ্যয়নটোত লগতে ২০২৩-২৪ বৰ্ষত ব্যক্তিগত কৰ্প’ৰেট খণ্ডৰ দ্বাৰা মূলধনী ...

August 21, 2024 8:59 PM

কাইলৈৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। ৩০ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনৰ কাইলৈ প্ৰথম দিনা শৰৎকালীন অধিৱেশনৰ কাৰ্যসূচী স্থিৰ কৰা হ'ব। এই অধিৱেশনত ৰাজহ বিভাগৰ দুখন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। তদুপৰি, ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপ...

August 21, 2024 8:53 PM

ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পাবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল অহা ১ এপ্ৰিলৰ পৰা এটকাকৈ হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰিছে। স্মার্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত উত্থাপিত অভিযোগ সম্পৰ্কত প্রতিক্রিয়া প্ৰকাশ কৰি তেওঁ কয় যে, প্রয়োজন হ'লে পৰীক্ষামূলকভাৱে মেনুৱেল মিটাৰ সংস্থাপন কৰা হ'ব। মেনুৱেল মিটাৰ আৰু স্মার্...

August 21, 2024 8:51 PM

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদে আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে। মৈদামক্ষেত্ৰত উপস্থিত হৈ তেওঁ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকা মৈদামসমূহৰ লগতে ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনত থকা মৈদামসমূহ পৰিদৰ্শন কৰি স্থানীয় ...

August 21, 2024 8:49 PM

আকাশবাণীৰ ২৫ আগষ্টৰ ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 21, 2024 8:47 PM

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত প্রকৃতি সম্পৰ্কীয় প্রশিক্ষণ শিবিৰ

যোৰহাট জিলাৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অর্থসাহায্যত প্রকৃতি সম্পৰ্কীয় প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ ৩ খন কেন্দ্রীয় বিদ্যালয়, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, উত্তৰ-পূব বি...

August 21, 2024 8:46 PM

অসমত ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে ল’ব লাগিব আগতীয়া সুৰক্ষাজনিত অনুমোদন

অসমত ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপনৰ পূৰ্বে এতিয়াৰে পৰা আগতীয়া সুৰক্ষাজনিত অনুমোদনৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বেও এনে ধৰণৰ ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানক অন...

August 21, 2024 8:44 PM

মাজুলী জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত কমলাবাৰী মিলন সংঘত সংযোগ মেলা

মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত ১০০-দিনীয়া বিশেষ সজাগতা অভিযানৰ অংশ হিচাপে পঞ্জীয়ন সপ্তাহৰ সৈতে সংগতি ৰাখি মাজুলী জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা কমলাবাৰী মিলন সংঘত সংযোগ মেলা অনুষ্ঠিত হৈছে। এই মেলা জিলাখনৰ আয়ুক্ত কাবেৰী বি শৰ্মাই শুভাৰম্ভ কৰে। সবল নাৰী স...