August 22, 2024 11:50 AM

ৰাজ্যত ইছলামধৰ্মীৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বিধেয়ক উত্থাপনত অনুমোদন মন্ত্ৰীসভাৰ

অসম মন্ত্রীসভাই ইছলামধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে ইছলামধৰ্মী লোকসকলৰ ১৮ বছৰৰ তলৰ লোকৰো বিবাহ পঞ্জীয়ন সম্ভৱ হৈ উঠিছিল। সমগ্র বিষয়টো সামৰি কেবিনেটে অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্...

August 22, 2024 11:39 AM

ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পাবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল অহা ১ এপ্ৰিলৰ পৰা এটকাকৈ হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰিছে। স্মার্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত উত্থাপিত অভিযোগ সম্পৰ্কত প্রতিক্রিয়া প্ৰকাশ কৰি তেওঁ কয় যে, প্রয়োজন হ'লে পৰীক্ষামূলকভাৱে মেনুৱেল মিটাৰ সংস্থাপন কৰা হ'ব। মেনুৱেল মিটাৰ আৰু স্মার্...

August 22, 2024 11:37 AM

ৰাজ্যৰ সকলো বিদ্যালয়ত ১ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ স্বচ্ছতা পষেক উদযাপনৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰ্যালয়ৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো অহা ১ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ পৰিষ্কাৰ, অনাময় আৰু স্বচ্ছতাক লৈ স্বচ্ছতা পষেক উদযাপন কৰা হ'ব। সেই অনুসৰি সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালকে ৰাজ্যৰ সকলো জিলাৰ জিলা মিছন সমন্বয়ক...

August 22, 2024 11:34 AM

শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট বন্ধৰ দিন ঘোষণা

শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বন্ধৰ দিন কাইলৈ অৰ্থাৎ ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট ধার্য কৰা হৈছে। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা চৰকাৰী বন্ধৰ তালিকাত কাইলৈ অৰ্থাৎ ২৩ আগষ্টৰ দিনটো শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি হিচাপে উল্লেখ কৰা হৈছিল যদিও কালি এই বন্ধ ২৪ আগষ্ট, শনিবাৰে হ'ব বুলি ৰা...

August 22, 2024 11:32 AM

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা সদস্যতা অভিযান

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অহা ১ ছেপ্তেম্বৰৰ পৰা দেশৰ অন্যান্য স্থানৰ লগতে অসমতো সদস্যতা অভিযান আৰম্ভ হ'ব। কালি এই সন্দৰ্ভত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক প্ৰভাৰী হৰি...

August 22, 2024 11:31 AM

প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

ৰাজ্য চৰকাৰে ২০২৩ বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰসিদ্ধ নৃত্যশিল্পী ড° সোণাল মানসিঙলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতীয় শাস্ত্রীয় নৃত্যশিল্পী ড° মানসিং ভাৰত নাট্যম আৰু ওডিচি নৃত্য শিল্পীৰ গুৰু। মুম্বাইত ১৯৪৪ চনত জন্মগ্ৰহণ কৰা মা...

August 22, 2024 11:28 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষাৰ সূচী সলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অ’ডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবায্য কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ...

August 22, 2024 11:25 AM

শিৱসাগৰত শিক্ষাবিদ তথা সাহিত্যিক সোণাৰাম বৰুৱাক শিৱসাগৰ ৰত্ন উপাধি প্ৰদান

শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত কালি সন্ধিয়া শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাবিদ তথা সাহিত্যিক সোণাৰাম বৰুৱাক শিৱসাগৰ ৰত্ন উপাধি প্ৰদান কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা, সাহিত্যাচাৰ্য ড০ নাহেন্দ্র পাদুন, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ ...

August 21, 2024 9:05 PM

পোলেণ্ড আৰু ইউক্রেইনৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে দ্বিদেশীয় ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৱাৰশ্ব’ত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে দ্বিদেশীয় ভ্রমণসূচীৰে ইতিমধ্যে ৱাৰশ্ব’ত উপস্থিত হৈছে। ৱাৰশ্ব’ত সামৰিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁক বিপুলভাৱে আদৰণি জনোৱা হয়। শ্রীমোদীয়ে আজি জামচাহেব নৱানগৰ স্মাৰক আৰু মোণ্টে কেচিনো আৰু কোলহাপুৰ স্...

August 21, 2024 9:04 PM

গুণগত শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ আৱশ্যকতাত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুণগত শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। হাৰিয়ানাৰ ফৰিদাবাদৰ জে চি বসু বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেঁও কয় যে নতুন শিক্ষানীতিৰ অধীনত এই বিষয়সমূহ সামৰি লোৱা ...