August 23, 2024 11:15 AM

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্রেইনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে ইউক্রেইনত উপস্থিত হ'ব। ভ্রমণকালত শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলনস্কীৰ সৈতে আছুতীয়া আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই বৈঠকত ইউক্রেইনৰ সংঘৰ্ষৰ সমাধান সূত্ৰ উলিওৱাৰ উপায়ক লৈ আলোচনা হ'ব। সংঘৰ্ষজৰ্জৰ দেশখন ভ্ৰমণৰ পূৰ্বে প্ৰধান...

August 22, 2024 8:16 PM

জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জৱাহৰলাল নেহৰু বন্দৰৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধন আৰু পুনৰ উজ্জীৱিতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে আৰু বন্দৰটোত কেইবাটাও আন্তঃগাঁথনি আৰু উন্নয়নমূলক উদ্যমৰ পৰ্যালোচনা চলায়। শ্ৰী সোণোৱালে অঞ্চলটোৰ পাৰিপাৰ্শ্বিক সন্তুলন ৰক্ষাৰ উদ্দেশ্যে তিনিটা ...

August 22, 2024 8:14 PM

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু কলকাতা আৰক্ষীয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আবাসীক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু...

August 22, 2024 8:08 PM

ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটা পানামা গণ্যৰাজ্যত উপস্থিত

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পানামা গণ্যৰাজ্যত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ আটাইকেইখন দেশৰ ৰাষ্ট্রপ্রধান সকলক সাক্ষাৎ কৰাৰ লগতে দেশ কেইখনৰ কেইবাগৰাকী মন্ত্ৰীৰ সৈতে এলানী বৈঠকত মিলিত হয়। পানামাৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠক...

August 22, 2024 8:03 PM

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মাণিক সাহাৰ সৈতে টেলিফোনযোগে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ এন ডি আৰ এফ, নাও আৰ হেলিকপ্টাৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰাৰ লগতে প্রয়োজন সাপেক্...

August 22, 2024 8:00 PM

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা অখিল গগৈ, আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু দেৱব্ৰত শ‍ইকীয়াৰ সভা স্থগিত প্ৰস্তাৱ উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ) আৰু কংগ্ৰেছৰ দেৱব্ৰত শ‍ইকীয়াই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অখিল গগৈয়ে শিৱসাগৰত এগৰাকী যুৱতীক অপদস্থ কৰা, আমিনুল ইছলামে ভূমি ক্রয়- বিক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা বক্ত...

August 22, 2024 7:24 PM

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত আজি সদনত মুঠ ১০খন বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি প্ৰথম দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই দি আছাম শ্বিডিউল কাষ্ট এণ্ড শ্বিডিউল ট্রাইব্‌ছ (ৰিজাৰ্ভেচন অফ ভেকেন্সিছ ইন ছার্ভিচেছ এণ্ড পোষ্ট) সংশোধন বিধেয়ক, ২০২৪ সদনৰ অনুমতি সাপেক্ষে উত্থাপন কৰে । সদনত আজি মুঠ ১...

August 22, 2024 7:06 PM

আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি জি পি সিঙৰ প্ৰকাশ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৰাজ্যখনত আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি উল্লেখ কৰি সকলো স্তৰৰ আৰক্ষীৰ লোকসকলৰ লগতে সংশ্লিষ্ট সকলোকে এইক্ষেত্ৰত দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে। আৰক্ষী সঞ্চালকপ্রধান শ্রী সিঙে সামাজিক মাধ্যমযোগে এই আহ্বান জনাই আইন উলংঘাকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ...

August 22, 2024 7:04 PM

দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁওত উপস্থিত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰ

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাত উপস্থিত হৈ জিলাখনত মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ মহিলা শিশু উন্নয়ন আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ তথা ...

August 22, 2024 7:16 PM

দেশজুৰি কাইলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

দেশজুৰি কাইলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হ'ব। দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে- চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা- ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে মহাকাশ অন্বেষণে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ ৰাষ্ট্ৰীয...