August 23, 2024 7:09 PM

দ্বিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পর্যায়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কীভত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প’লেণ্ড আৰু ইউক্রেইনৰ দ্বিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পর্যায়ত আজি কীভত উপস্থিত হয়। প’লেণ্ডৰ পৰা ৰে'লেৰে কীভত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়। শ্ৰী মোদীয়ে কীভস্থিত ইউক্রেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত মাল্টিম...

August 23, 2024 6:53 PM

নেলীত জগন্নাথ ৰাজহুৱা ভৱন, দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই মৰিগাওঁ জিলাৰ জাগীৰোডৰ নেলী গাওঁ পঞ্চায়তত গোপালকৃষ্ণ চাহ বাগিছাত আজি জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ...

August 23, 2024 6:46 PM

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাৰ দৰং জিলা ভ্ৰমণ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাই আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈৰ বাঘপড়ি গাঁৱত জল জীৱনৰ মিছন আঁচনিৰ অধীন নিৰ্মাণ কৰা দুই নম্বৰ খোৱাপানী যোগান আঁচনিখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে সাংসদ দিলীপ শ‍ইকীয়া, স্থানীয় বিধায়ক, জিলা আয়ুক্ত আদিয...

August 23, 2024 7:21 PM

ধিঙত ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িতৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱ জিলাৰ ধিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত আন দুজনৰ খবৰ পোৱা গ...

August 23, 2024 6:28 PM

কেন্দ্রীয় গৃহ সচিব হিচাপে জ্যেষ্ঠ আই এ এছ বিষয়া শ্রী গোবিন্দ মোহনৰ দায়িত্বভাৰ গ্ৰহণ

জ্যেষ্ঠ আই এ এছ বিষয়া শ্রী গোবিন্দ মোহনে আজি নতুন কেন্দ্রীয় গৃহ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰী অজয় কুমাৰ ভল্লাৰ কালি কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত তেওঁ এই কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখ যোগ্য যে ১৯৮৯ বৰ্ষৰ আই. এ. এছ. বিষয়া শ্রী মোহন ইয়াৰ পূৰ্বে সংস্কৃতি মন্ত্ৰালয়ৰ সচিবৰ দায়িত্বত আছিল।

August 23, 2024 6:24 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থগিত

উচ্চতম ন্যায়ালয়ে আজি দিল্লী সুৰা নীতিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো, চিবিআইয়ে পঞ্জীয়ন কৰা গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই বিচৰা জামিন আবেদনৰ শুনানি স্থগিত ৰাখে৷ চি. বি. আইয়ে গোচৰটোত প্ৰত্যুত্তৰ দাখিল কৰিবলৈ সময় বিচৰাৰ পিছতে এই শুনানি ৫ চেপ্টেম্ব...

August 23, 2024 6:19 PM

এক পেড় মাকে নাম কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ আকাশবাণীৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী

আকাশবাণীৰ সঞ্চালক প্রধান মৌচুমী চক্ৰৱৰ্তী আৰু অতিৰিক্ত সঞ্চালক প্ৰধান এল মধুনাগে আজি এক পেড় মাকে নাম কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ আকাশবাণীৰ চৌহদত গছপুলি ৰোপণ কৰে। আকাশবাণীৰ আন আন বিষয়াসকলেও এই কাৰ্যসূচীৰ অধীনত প্ৰতিষ্ঠানৰ চৌহদত কেইবাটাও গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয...

August 23, 2024 6:15 PM

মহাৰাষ্ট্ৰত পৰহিলৈ ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব প্রধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱত ১১ লাখ লাখপতি বাইদেউক প্রমাণপত্ৰ বিতৰণ কৰিব। শ্রীমোদীয়ে লগতে বছৰি এক লাখ বা তাতকৈ অধিক ধন উপাৰ্জন কৰা লাখপতি বাইদেউসকলৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২,৫০০ কোটি টকাৰ সমুদায় বিনিয়োগ পুঁজি মুকলি কৰিব। ইয়াৰ দ্বাৰা ৪ লা...

August 23, 2024 6:09 PM

ৱাশ্বিংটনত প্রবাসী ভাৰতীয়ক সম্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে স্বাভাৱিকভাৱে মিত্ৰ ৰাষ্ট্ৰ আৰু দুয়োখন ৰাষ্ট্ৰ শক্তিশালী অংশীদাৰী হোৱাতো নিশ্চিত। আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা ৱাশ্বিংটনত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্রীসিঙে এনেদৰে কয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডিচিত ভাৰতীয় সম...

August 23, 2024 7:30 PM

ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ মূল অনুষ্ঠান মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰৱে অকল মহাকাশ ক্ষেত্ৰতে নহয় বৰং দেশৰ আৰ্থ-সামাজিক বিকাশতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচী মুকলি কৰি শ্ৰীমতী মুৰ্মৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰৰ...