August 24, 2024 11:48 AM

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ ২৪ লোকৰ মৃতদেহ নিজ গাঁৱলৈ ৰাওনা

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ ২৪ গৰাকী লোকৰ মৃতদেহ আজি নিজ গাঁৱলৈ অনা হ'ব। মৃতদেহসমূহ প্রথম উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ অনা হ'ব। তাৰপৰা ভাৰতীয় বায়ুসেনাৰ বিমানেৰে মৃতদেহসমূহ মহাৰাষ্ট্ৰৰ নাচিকলৈ নিয়া হ'ব আৰু নিজ নিজ পৰিয়ালক ছমজাই দিয়া হ'ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ ...

August 24, 2024 12:28 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নি...

August 24, 2024 11:41 AM

তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চত্তিশগড় ভ্রমণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ যোৱানিশা তিনিদিনীয়া ছত্তিশগড় ভ্রমণসূচীৰে ৰায়পুৰত উপস্থিত হয়। শ্ৰীশ্বাহে আজি নক্সাল বিৰোধী অভিযান সম্পৰ্কীয় এলানি বৈঠকত অধ্যক্ষতা কৰিব। শ্ৰীশ্বাহে পুৱাৰ ভাগত ৰায়পুৰ জিলাৰ চম্পাৰণৰ মহাপ্ৰভু বল্লভাচার্য আশ্ৰম পৰিদৰ্শন কৰিব। তেওঁ লগতে আন্তঃৰাজ্যিক সমন্বয় সন্দৰ্ভত ...

August 24, 2024 11:38 AM

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রীৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱানিশা ৱাশ্বিংটন ডি চিৰ পেণ্টাগণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী লয়ড আষ্টিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে উদ্যোগিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক সুৰক্ষা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ বিশদভাৱে আলোচনা কৰে...

August 24, 2024 12:26 PM

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হ’ব পাৰে : ভ’ল’ডিমিৰ জেলেনস্কি

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে, ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রথমটো ইউক্রেইন ভ্ৰমণৰ সময়ছোৱাত কালি কিভত হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত শ্রীমোদীয়ে ৰাষ্...

August 24, 2024 11:28 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোলেণ্ড আৰু ইউক্রেইনৰ ঐতিহাসিক ভ্ৰমণ সফলতাৰে সম্পন্ন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ ঐতিহাসিক ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে । শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে ইউক্রেইন ভ্রমণ সন্দৰ্ভত কৈছে যে, তেওঁ ভাৰত আৰু ইউক্রেইনৰ মাজত মিত্ৰতাৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে মহান দেশখনলৈ গৈছে। শ্রীমোদীয়ে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল ডিমিৰ জেলেস্কিৰ...

August 23, 2024 8:05 PM

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰিমগঞ্জ জিলা পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলা পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে জিলা পুথিভড়ালত আয়োজিত এখন কার্যনির্বাহক সন্মিলনত অংশগ্ৰহণ কৰি বিগত লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ সফলতাৰ বাবে সকলো স্তৰৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। কৰিমগঞ্জ ভ্ৰমণৰ সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰ...

August 23, 2024 7:44 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ আকাশবাণীৰ ১১৩ সংখ্যক মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দ...

August 23, 2024 7:39 PM

সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী, ২০২১ ৰূপায়ণ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ

শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী, ২০২১ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইনৰ নীতি-নিৰ্দেশনা অনুসৰি এই নিৰ্দেশাৱলী যুগুতাই উলিয়াইছে। এই নিৰ্দেশাৱলীত চৰকাৰী, চৰকাৰী সাহায...

August 23, 2024 7:34 PM

চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰায়ক ১৪ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ

কলকাতাৰ শিয়ালদাহৰ এখন আদালতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰায়ক ১৪ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ৰায়ক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। পাছত অভিযুক্তগৰাকীক চি বি আইৰ হাতত অৰ্পণ কৰা ...