August 25, 2024 11:34 AM

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় পেৰা শ্বুটিং দলৰ স্বদেশৰ পৰা ৰাওনা

ভাৰতীয় পেৰা শ্বুটিং দলটো পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে স্বদেশৰ পৰা ৰাওনা হৈছে। মনিষ নাৰ'ৱাল, আমিৰ আহমেদ ভট্, ৰুদ্ৰাংশ খাণ্ডেলৱাল, অৱনী লেখা, মোনা আগৰৱাল, ৰুবিনা ফ্ৰান্সিছ, স্বৰূপ মহাবীৰ, সিদ্ধার্থ বাবু, শ্ৰীহৰ্ষ দেৱৰড্ডী আৰু নিহাল সিঙক লৈ গঠিত দলটোৱে টকিঅ’ পেৰালিম্পিকত অধিক উন্নত প্ৰদৰ্শনৰ চেষ্...

August 25, 2024 11:29 AM

মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব। আজি পুৱাৰ ভাগত শ্ৰীমোদীয়ে লাখপতি দিদি সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে জলগাঁৱলৈ যাব। এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত অলপতে লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক তেওঁ সন্মান জনোৱাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰিব।...

August 25, 2024 11:26 AM

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ব্রাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ৱিয়েৰা

ব্রাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ৱিয়েৰা চাৰি দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। মঙলবাৰে বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰ আৰু শ্ৰীৱিয়েৰাই ভাৰত-ব্রাজিল নৱম যুটীয়া আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, এই বছৰ ব্ৰাজিলে জি-টুৱেণ্টিৰ অধ্যক্ষতা কৰাৰ লগে লগে দুয়োখন দেশে জি-টু...

August 25, 2024 11:24 AM

নেপালৰ তনাহুন জিলাত সংঘটিত বাছ দুৰ্ঘটনাত হতাহত সকললৈ প্ৰধানমন্ত্ৰীৰ এককালীন সাহায্য ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তনাহুন জিলাত হোৱা বাছ দুৰ্ঘটনাত হতাহত লোকসকললৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকট- আত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহত সকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। কাঠমাণ্ডুত থকা ভ...

August 25, 2024 11:19 AM

১৫ বছৰ অনুৰ্ধৰ এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তবি পাত্ৰীৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত ১৫ বছৰ অনুৰ্ধৰ এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তবি পাত্ৰীয়ে ফাইনেলত প্ৰৱেশ কৰিছে। ১৫ বছৰ অনুৰ্থ শাখাত ছোৱালীৰ শীৰ্ষ বাচনিৰ খেলুৱৈ পাত্ৰীয়ে থাইলেণ্ডৰ ষষ্ঠ বাছনিৰ কুংককেও কাকানিক ২১–১৯, ২১-১০ত পৰাস্ত কৰে। পাত্ৰীয়ে ফাইনেলত ভিয়েটনামৰ দ্বিতীয় বাছনিৰ খেলুৱৈ নুৱেন থ...

August 25, 2024 11:17 AM

২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ জৰিয়তে পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলমৰ

নাছাৰ দুগৰাকী মহাকাশচাৰী, সুনীতা উইলিয়ামছ আৰু বেৰী উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ জৰিয়তে পৃথিৱীলৈ উভতি আহিব। তেওঁলোকে আঠ দিনীয়া অভিযানত মহাকাশলৈ গৈছিল যদিও বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ সমস্যাৰ বাবে এতিয়া প্রায় আঠ মাহ কক্ষপথত কটাব। নাছাই ঘোষণা কৰিছে যে, ষ্টাৰলাইনাৰখনে মানৱবিহীনভাৱে অবিহন...

August 25, 2024 11:15 AM

কেন্দ্ৰীয় কেবিনেটৰ একীকৃত পেন্সন আঁচনিৰ অনুমোদনক চৰকাৰী কৰ্মচাৰীসকলৰ আদৰণি

কেন্দ্ৰীয় কেবিনেটৰ একীকৃত পেন্সন আঁচনিৰ অনুমোদনক চৰকাৰী কৰ্মচাৰীসকলে আদৰণি জনাইছে। তেওঁলোকে লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে কৰা আলোচনাৰ বাবেও ধন্যবাদ জনাইছে। চৰকাৰী কৰ্মচাৰী সংস্থাৰ যুটীয়া মঞ্চ Joint Consultative Machinery ৰ সম্পাদক গোপাল মিশ্রই কয় যে, প্রধানমন্...

August 25, 2024 11:11 AM

ৰাজ্যিক বিজেপিৰ  মুখ্য কাৰ্যালয়ত কর্ণধাৰ সমিতিৰ গুৰুত্বপূর্ণ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কালি ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত কর্ণধাৰ সমিতিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আসন্ন পঞ্চায়ত নির্বাচন, ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনকে ধৰি আন বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। কালিৰ বৈঠকত কেন্দ্ৰী...

August 25, 2024 11:07 AM

চৰকাৰী কৰ্মচাৰীসকলৰ নতুন পেন্সন আঁচনি ইউনিফাইড পেন্সন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেন্সন প্ৰদানৰ উদ্দেশ্যে নতুন পেন্সন আঁচনি, একীকৃত পেন্সন আঁচনিত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই আঁচনিৰ অধীনত ২৫ বছৰ সেৱা আগবঢ়োৱাৰ পাছত শেষৰ ১২টা মাহৰ ...

August 25, 2024 11:03 AM

শিলচৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কামকাজৰ মুখ্যমন্ত্ৰীৰ তদাৰক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা ৫৩৫ খন বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটো অহা বছৰৰ ভিতৰত সম্পূর্ণ হব বুলি আশা প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি মহাবিদ্যালয়খনৰ ভৱনটোৰ নিৰ্মাণৰ কামকাজৰ তদাৰক কৰি এই কথা প্ৰকাশ কৰে। তেওঁ এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হলে মহাবিদ...